• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এখন ৰাজ্যই আনিছে কঠোৰ আইন : লাভ জেহাদীয়ে ভোগ কৰিব লাগিব ৫ বছৰীয়া কাৰাবাস!

এন ই নাও নিউজ by এন ই নাও নিউজ
November 17, 2020 3:19 pm
index
239
VIEWS
Share on FacebookShare on Twitter

লাভ জেহাদীক শাস্তিযোগ্য অপৰাধ হিচাপে শ্ৰেণীভুক্ত কৰা হ’ব! লাভ জেহাদীয়ে ভোগ কৰিব লাগিব পাঁচ বছৰ পৰ্যন্ত কাৰাবাস।

লাভ জেহাদীৰ বিৰুদ্ধে এই কঠোৰ আইন প্ৰণয়ন কৰাৰ বাবে আগবাঢ়িছে দেশৰ এখন বিজেপি শাসিত ৰাজ্যই।

মংগলবাৰে মধ্য প্ৰদেশৰ গৃহমন্ত্ৰী নৰোত্তম মিশ্ৰই ঘোষণা কৰিছে যে প্ৰেমৰ ফান্দত পেলাই ধৰ্মান্তৰিত কৰাৰ অভিযোগত অভিযুক্তই ৫ বছৰ পৰ্যন্ত কাৰাবাস খাটিব লাগিব!

অতি শীঘ্ৰেই বিধান সভাত এই সম্পৰ্কীয় বিল অনা হ’ব বুলিও প্ৰকাশ কৰে মধ্যুপ্ৰদেশৰ গৃহমন্ত্ৰী গৰাকীয়ে।

অতি সম্প্ৰতি দেশৰ বিভিন্ন ৰাজ্যত লাভ জেহাদ বৃদ্ধি পোৱা বুলি অভিযোগ উত্থাপন কৰি আহিছে হিন্দুত্ববাদী সংগঠনসমূহে।

অৰ্থাৎ ভুৱা পৰিচয়েৰে প্ৰেমৰ ফান্দত পেলাই যুৱতীক অন্য ধৰ্মলৈ ধৰ্মান্তৰিত কৰাৰ অভিযোগ উত্থাপন কৰি আহিছে গোড়া হিন্দু ধৰ্মাৱলম্বী লোকে।

আনকি তেওঁলোকৰ অভিযোগ যে ভুৱা পৰিচয়েৰে প্ৰেমত পেলাই যুৱতীক ধৰ্মান্তৰিত হ’বলৈ বাধ্য কৰা হয়।

বহু হিন্দুত্ববাদী সংগঠনে ইয়াৰ বিৰুদ্ধে কঠোৰ আইন প্ৰণয়ন কৰি লাভ জেহাদক শাস্তিযোগ্য অপৰাধ ৰূপে ঘোষণা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী জনাই আহিছে।

ইফালে কেন্দ্ৰীয় চৰকাৰে সংবিধানত লাভ জেহাদ সংক্ৰান্তীয় কোনো আইন নাই বুলি স্পষ্টৰূপত জনাইছিল।

ইয়াৰ পিছতে শিৱৰাজ সিং চৌহানৰ বিজেপি চৰকাৰে মধ্যপ্ৰদেশত লাভ জেহাদৰ বিপক্ষে আইন কাৰ্যকৰী কৰাৰ বাবে ‘মধ্যপ্ৰদেশ স্বাধীনতা বিল, ২০২০’ প্ৰণয়ন কৰাৰ বাবে সাজু হৈছে।

আগন্তুক মধ্যপ্ৰদেশ বিধানসভাৰ অধিৱেশনত এই বিল পেচ কৰি পাছ কৰা হ’ব বুলি জনাইছে মধ্যপ্ৰদেশৰ গৃহমন্ত্ৰী গৰাকীয়ে। এই বিল আইনলৈ পৰিণত হ’লে ৰাজ্যখনত লাভ জেহাদক অপৰাধ বুলি গণ্য কৰি অভিযুক্তক ৫ বছৰ পৰ্যন্ত কাৰাদণ্ড বিহা হ’ব।

“বিয়াৰ সময়ত ভিন্ন ধৰ্মৰ লোকক যদি জোৰকৈ ধৰ্মান্তৰিত হ’বলৈ বাধ্য কৰা হয়, তেনে অভিযুক্তৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব।” মধ্যপ্ৰদেশৰ গৃহমন্ত্ৰী নৰোত্তম মিশ্ৰই সংবাদ মাধ্যমৰ আগত কয়।

উল্লেখ্য যে ইতিমধ্যে হিমাচল প্ৰদেশত লাভ জেহাদৰ বিৰুদ্ধে আইন প্ৰণয়ন কৰা হৈছে আৰু উত্তৰ প্ৰদেশ, হাৰিয়ানা আৰু অসমতো এই আইন অনাৰ বাবে প্ৰচেষ্টা চলি আছে।

Recent News

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd