বৰ্তমান ব্যয়বহুল খৰছৰ বাবে অৰ্থনৈতিকভাৱে পিছপৰা শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল আটাইতকৈ বেছি অসুবিধাৰ সন্মুখীন হোৱা দেখা গৈছে।
সেইমৰ্মে, আই আই টি, আই আই এম আৰু এন আই টিৰ দৰে বিখ্যাত শিক্ষানুষ্ঠানৰ এদল শিক্ষাৰ্থী মিলিত হৈ দেশৰ ছাত্ৰ-ছাত্ৰীৰ আৰ্থিক সমস্যা নিৰ্বিশেষে তেওঁলোকৰ ফলপ্ৰসু কেৰিয়াৰ গঢ়াত সহায় কৰিবলৈ আগবাঢ়ি আহিছে।
এই উদ্দেশ্য আগত ৰাখি দুখীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে ‘ৰাষ্ট্ৰীয় পৰ্যায়ৰ উমৈহতীয়া প্ৰৱেশ পৰীক্ষা’(এন এল চি ই ই)ৰ আয়োজন কৰিছে।
আৰ্থিকভাৱে পিছপৰা যোগ্যতা থকা ছাত্ৰ-ছাত্ৰীসকলে যদি এই পৰীক্ষাত সফল হয় তেন্তে তেওঁলোকে উচ্চ শিক্ষাৰ সুবিধা লাভ কৰিব।
উল্লেখ্য যে ছাত্ৰ-ছাত্ৰীয়ে কোনখন ক’চিং চেণ্টাৰৰ বাবে উপযোগী সেয়া এই পৰীক্ষাত লাভ কৰা স্থানে নিৰ্ধাৰণ কৰিব।
প্ৰথম পৰ্যায়ত লাভ কৰা অভূতপূৰ্ব সফলতাৰ পিছত দ্বিতীয় পৰ্যায়ৰ এন এল চি ই ই ২৬ নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰলৈকে অনুষ্ঠিত হ’ব।
অনলাইনযোগে হ’বলগীয়া এই পৰীক্ষাতৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে যিকোনো এটা দিন আৰু নিৰ্ধাৰিত সময়ৰ যিকোনো এটা সময় বাছনি কৰি ল’ব লাগিব।
পৰীক্ষা অনুষ্ঠিত হোৱাৰ সময় হৈছে ৰাতিপুৱা ১১.৩০ বজাৰ পৰা ১২.৩০ বজালৈকে আৰু বিয়লি ৩.৩০ বজাৰ পৰা ৪.৩০ বজালৈকে।
এই পৰীক্ষাত শীৰ্ষস্থান পোৱা ছাত্ৰ-ছাত্ৰীক ১০০ শতাংশ জলপানি প্ৰদান কৰিব।
উল্লেখ্য যে নৱমৰ পৰা দ্বাদশ স্ৰেণীলৈকে পঢ়ি থকা ছাত্ৰ-ছাত্ৰীসকলে nlcee.orgত অনলাইন আবেদন কৰিব পাৰিব। পঞ্জীয়ন মাছুল ছাত্ৰীৰ বাবে ৫০ আৰু ছাত্ৰৰ বাবে ১০০টকা ধাৰ্য কৰা হৈছে।