• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ জন্মদিৱস উপলক্ষে ঢেকিয়াজুলিত ইলোৰা বিজ্ঞান মঞ্চৰ “অন্ধবিশ্বাস আৰু কুসংস্কাৰ বিৰোধী দিৱস” উদযাপন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 10, 2022 7:44 pm
Ellora Science Forum
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ জনসাধাৰণৰ মাজত বিজ্ঞানমনষ্কতাৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে দীৰ্ঘদিনৰ পৰা এক সামাজিক আন্দোলন চলাই আহিছে স্বেচ্ছাসেৱী সংস্থা ইলোৰা বিজ্ঞান মঞ্চই।

জন্মলগ্নৰে পৰা ইলোৰা বিজ্ঞান মঞ্চই প্ৰতি বছৰে ১০ ডিচেম্বৰত আধুনিক অসমৰ অগ্ৰদূত, “হেমকোষ” অভিধানৰ প্ৰণেতা, অসমত অন্ধবিশ্বাস আৰু কু-সংস্কাৰ বিৰোধী যুঁজৰ অন্যতম বাটকটীয়া তথা “অসমীয়া ভাষাৰ ওজা” পণ্ডিত হেমচন্দ্ৰ বৰুৱাৰ জন্মদিনটো “অন্ধবিশ্বাস আৰু কু-সংস্কাৰ বিৰোধী দিৱস” হিচাপে পালন কৰি আহিছে।

Apply Now

এইবাৰ হেমচন্দ্ৰ বৰুৱাৰ ১৮৭ সংখ্যক জন্মবাৰ্ষিকী উপলক্ষে ইলোৰা বিজ্ঞান মঞ্চৰ বৃহত্তৰ ঢেকিয়াজুলি শাখাই “অন্ধবিশ্বাস আৰু কুসংস্কাৰবিৰোধী দিৱস” পালনাৰ্থে “অৰিয়াণ্টলী হাই স্কুল”ত সংগতিপূৰ্ণ বিভিন্ন বিষয় সামৰি এখনি সজাগতামূলক আলোচনা সভাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ মাজত মুকলি কুইজ প্ৰতিযোগিতা এখনিও অনুষ্ঠিত কৰে।

ইলোৰা বিজ্ঞান মঞ্চৰ বৃহত্তৰ ঢেকিয়াজুলি শাখাৰ সম্পাদক প্ৰজিত নাথে আঁত ধৰা সভাখনৰ আৰম্ভণি মঞ্চৰ শীৰ্ষ-সংগীতেৰে হয়। অৰিয়াণ্টলী হাইস্কুলৰ প্ৰধান শিক্ষক বিশ্বজিৎ পালৰ সভাপতিত্বত অনুষ্ঠিত উক্ত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে শাখাৰ সহকাৰী সম্পাদক কাবেৰী ডেকা নাথে।

সভাত হেমচন্দ্ৰ বৰুৱাৰ বিজ্ঞানমনস্ক চিন্তা-কৰ্মৰ লগতে আন প্ৰাসংগিক বিষয়ত বক্তব্য ৰাখে অৱসৰপ্ৰাপ্ত শিক্ষক ৰেৱতী মোহন দাস আৰু প্ৰেমানন্দ নাথে। তাৰোপৰি বিদ্যালয়খনৰ শিক্ষক সুধীৰ চাহু আৰু সঞ্জয় দাসেও আজিৰ দিৱসটিৰ সৈতে সংগতি ৰাখি বক্তব্য আগবঢ়ায়।

উক্ত সভাখনত বিদ্যালয়ৰ পুথিভঁৰাললৈ ইলোৰা বিজ্ঞান মঞ্চৰ বৃহত্তৰ ঢেকিয়াজুলি শাখাৰ ফালৰ পৰা ড° শিৱনাথ বৰ্মনৰ দ্বাৰা সম্পাদিত আৰু ইলোৰা বিজ্ঞান মঞ্চৰ দ্বাৰা প্ৰকাশিত “অসমত বিজ্ঞানমনস্কতাৰ বাটকটীয়াঃ হেমচন্দ্ৰ বৰুৱা” শীৰ্ষক কিতাপখনি আগবঢ়োৱা হয়।

ইয়াৰোপৰি দিৱসটি উদযাপনৰ অৰ্থে সভাৰ শেষত অনুষ্ঠিত হোৱা মুকলি কুইজ প্ৰতিযোগিতাখনি পৰিচালনা কৰে মঞ্চৰ শাখাটিৰ সাংস্কৃতিক বিভাগৰ সম্পাদক পম্পী শইকীয়াই। কুইজ প্ৰতিযোগিতাখনিত বিজয়ী ছাত্ৰ-ছাত্ৰীসকলক বঁটাসমূহ বিতৰণ কৰাত সহায় কৰাৰ লগতে অনুষ্ঠানটিৰ শেষত উপস্থিতসকলৰ মাজত বিজ্ঞানমনস্কতাৰ সপক্ষে প্ৰচাৰ-পত্ৰ বিতৰণ কৰে শাখাৰ অন্যতম সক্ৰিয় সদস্য ৰিতিক কৰণে।

সভাপতিৰ চমু মন্তব্যৰে অন্ত পৰা অনুষ্ঠানটিত শলাগৰ শৰাই আগবঢ়ায় শাখাৰ আন এগৰাকী সহকাৰী সম্পাদক নাজমল হুছেইন ভূঞাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

July 27, 2026 3:37 pm
নাম ধৰি মাতি কিছু কথা-বতৰা, তাৰ পাছতেই গুলী! কানাডাত ৰাজপথত ঢলি পৰিল ভাৰতীয় মূলৰ যুৱতী

নাম ধৰি মাতি কিছু কথা-বতৰা, তাৰ পাছতেই গুলী! কানাডাত ৰাজপথত ঢলি পৰিল ভাৰতীয় মূলৰ যুৱতী

July 27, 2026 3:21 pm
শান্তিপূৰ্ণ প্ৰতিবাদ সাংবিধানিক অধিকাৰ, কেৱল আন্দোলনৰ অজুহাতত লাঠীচালনা গ্ৰহণযোগ্য নহয়: উচ্চতম ন্যায়ালয়

শান্তিপূৰ্ণ প্ৰতিবাদ সাংবিধানিক অধিকাৰ, কেৱল আন্দোলনৰ অজুহাতত লাঠীচালনা গ্ৰহণযোগ্য নহয়: উচ্চতম ন্যায়ালয়

July 27, 2026 2:51 pm
ইথানল বিতৰ্ক: ভুৱা পোষ্টৰ বিৰুদ্ধে বম্বে উচ্চ ন্যায়ালয়ৰ কাষ চাপিল নীতিন গাডকাৰী

ইথানল বিতৰ্ক: ভুৱা পোষ্টৰ বিৰুদ্ধে বম্বে উচ্চ ন্যায়ালয়ৰ কাষ চাপিল নীতিন গাডকাৰী

July 27, 2026 2:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

July 27, 2026 3:37 pm
নাম ধৰি মাতি কিছু কথা-বতৰা, তাৰ পাছতেই গুলী! কানাডাত ৰাজপথত ঢলি পৰিল ভাৰতীয় মূলৰ যুৱতী

নাম ধৰি মাতি কিছু কথা-বতৰা, তাৰ পাছতেই গুলী! কানাডাত ৰাজপথত ঢলি পৰিল ভাৰতীয় মূলৰ যুৱতী

July 27, 2026 3:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd