• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাষ্ট্ৰীয় বিজ্ঞানমনস্কতা দিৱস উপলক্ষে আয়োজিত ৰচনা প্ৰতিযোগিতাৰ বঁটা বিতৰণ ইলোৰা বিজ্ঞান মঞ্চৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 21, 2022 6:19 pm
Ellora Science Forum
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চলিত বৰ্ষৰ ২০ আগষ্ট তাৰিখে পদ্মশ্ৰী ডাঃ নৰেন্দ্ৰ ডাভোলকাৰৰ স্মৃতিত “ৰাষ্ট্ৰীয় বিজ্ঞানমনস্কতা দিৱস” উপলক্ষে ইলোৰা বিজ্ঞান মঞ্চৰ বৃহত্তৰ ঢেকিয়াজুলি শাখাৰ দ্বাৰা শোণিতপুৰ জিলা ভিত্তিত অনুষ্ঠিত ৰচনা প্ৰতিযোগিতাৰ বঁটা বিজয়ীসকলক বঁটা বিতৰণ কৰি আহিছে শাখাটোৱে।

বঁটা বিজয়ী ছাত্ৰ-ছাত্ৰীসকলে অধ্যয়ন কৰা বিদ্যালয়ত উপস্থিত হৈ বঁটা প্ৰদান কৰি অহা ঢেকিয়াজুলি শাখাৰ সদস্যসকলে আজি প্ৰতিযোগিতাত “বিচাৰকৰ দ্বাৰা বিশেষভাৱে নিৰ্বাচিত শ্ৰেষ্ঠতম বঁটা”টি চন্দ্ৰনাথ শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ দেৱাশীষ নাথক আৰু প্ৰতিযোগিতাখনৰ “খ” শাখাৰ দ্বিতীয় পুৰস্কাৰটি একেখন বিদ্যালয়ৰে ছাত্ৰী প্ৰিয়ংকা দেৱীক প্ৰদান কৰে।

Apply Now

উক্ত বঁটা প্ৰদান কৰাৰ উদ্দেশ্যে অনুষ্ঠিত চমু সভাখনিত সভাপতিত্ব কৰে বিদ্যালয়খনৰ অধ্যক্ষা, শিক্ষকতাৰ বাবে ৰাষ্ট্ৰীয় বঁটা বিজয়ী মীনাক্ষী গোস্বামীয়ে। ইলোৰা বিজ্ঞান মঞ্চৰ শীৰ্ষ-সংগীতেৰে আৰম্ভ হোৱা সভাখনিৰ আঁত ধৰে মঞ্চৰ বৃহত্তৰ ঢেকিয়াজুলি শাখাৰ সম্পাদক প্ৰজিত নাথে আৰু উদ্দেশ্য ব্যাখ্যা কৰে শাখাৰ সহকাৰী সম্পাদক কাবেৰী ডেকা নাথে।

উল্লেখযোগ্য যে আজিৰ অনুষ্ঠানটিত উপস্থিত থাকে ইলোৰা বিজ্ঞান মঞ্চৰ দৰং জিলা শাখা সমিতিৰ সম্পাদক তথা বৃহত্তৰ ঢেকিয়াজুলি শাখাৰ পথ-প্ৰদৰ্শক, মঙলদৈ নিৱাসী অনুবাদিকা ৰুমা অধিকাৰী কুমাৰ। অনুষ্ঠানটিত তেওঁ ছাত্ৰ-ছাত্ৰীৰ লগতে সকলোৰে বাবে অতিকৈ গুৰুত্বপূৰ্ণ তথা উপযোগী, বিজ্ঞানমনস্কতাৰ বিভিন্ন দিশ সামৰি এক চমু যদিও অত্যন্ত সাৰুৱা বক্তব্য প্ৰদান কৰে।

উক্ত সভাৰ অন্যতম কাৰ্যসূচী হিচাপে বিদ্যালয়ৰ অধ্যক্ষাগৰাকীলৈ ৰাষ্ট্ৰীয় বঁটা লাভ কৰাৰ বাবে অভিনন্দনসূচক ভাৱে ৰুমা অধিকাৰী কুমাৰৰ দ্বাৰা ৰচিত “অভিনেত্ৰী ইত্যাদি গল্প” শীৰ্ষক কিতাপখনি শাখাৰ ফালৰ পৰা আগবঢ়োৱা হয়।

তদুপৰি বিদ্যালয়খনৰ পুথিভঁৰাললৈ উপহাৰ হিচাপে বিশিষ্ট চিন্তাবিদ তথা লেখক ড° শিৱনাথ বৰ্মনৰ দ্বাৰা সম্পাদিত তথা ইলোৰা বিজ্ঞান মঞ্চৰ দ্বাৰা প্ৰকাশিত “অসমত বিজ্ঞানমনস্কতাৰ বাটকটীয়াঃ হেমচন্দ্ৰ বৰুৱা” আৰু “ডাঃ নৰেন্দ্ৰ ডাভোলকাৰৰ দুটা প্ৰবন্ধঃ বিজ্ঞানমনস্কতা” শীৰ্ষক দুখনি কিতাপ শাখাৰ কৰ্ম-কৰ্তাসকলে আগবঢ়ায়।

ইলোৰা বিজ্ঞান মঞ্চৰ বৃহত্তৰ ঢেকিয়াজুলি শাখাৰ সভাপতি গণশিল্পী ৰত্নেশ্বৰ ৰাভাই শলাগৰ শৰাই আগবঢ়োৱাৰ লগতে এটি প্ৰগতিশীল গীত পৰিৱেশন কৰি উপস্থিতসকলক মোহিত কৰে। সভাপতিৰ সাৰুৱা মন্তব্যৰে অন্ত পৰা অনুষ্ঠানটিত উপস্থিত থাকে শাখাৰ সাংস্কৃতিক বিভাগৰ সম্পাদক পম্পী শইকীয়াৰ লগতে আন আন সদস্য তথা বিদ্যালয়খনৰ সমূহ শিক্ষক-কৰ্মচাৰী।

উল্লেখযোগ্য যে এই ৰচনা প্ৰতিযোগিতাখনিত ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ তুলনাত চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানৰ এনে চমকপ্ৰদ সাফল্য যথেষ্ট আশাব্যঞ্জক বুলি মন্তব্য কৰে অনুষ্ঠানটিত উপস্থিত থকা বিভিন্নজনে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd