• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, April 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আইতাকৰ ভুল আঙুলিয়াই দি ৰাহুল গান্ধীয়ে ক’লে —‘জৰুৰীকালিন অৱস্থা ভুল সিদ্ধান্ত আছিল’

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 3, 2021 3:03 pm

2 min read

a Rahul_Gandh
384
VIEWS
Share on FacebookShare on Twitter

এক ঐতিহাসিক সত্য যেন অৱশেষত গান্ধী পৰিয়ালে মানি ল’লে।

প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে ১৯৭৫ চনত জাৰি কৰা জৰুৰীকালিন অৱস্থাৰ ঘোষণা ভুল সিদ্ধান্ত আছিল বুলি ইন্দিৰা গান্ধীৰ নাতি তথা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে মানি ল’লে।

আমেৰিকাৰ কৰ্ণৱেল বিশ্ববিদ্যালয়ৰ অধ্যাপক কৌশিক বসুৰ সৈতে হোৱা ভাৰ্চুৱেল আলোচনাত ৰাহুল গান্ধীয়ে কয় যে ইন্দিৰা গান্ধীয়ে জাৰি কৰা জৰুৰীকালিন অৱস্থাৰ ঘোষণা এটা ভুল সিদ্ধান্ত আছিল।

ৰাহুলে অৱশ্যে লগতে এই কথাও কয় যে জৰুৰীকালিন অৱস্থা আৰু এতিয়াৰ পৰিস্থিতিৰ মাজত বহু খিনি মৌলিক পাৰ্থক্য আছে।

জৰুৰীকালিন অৱস্থাৰ পিছত কংগ্ৰেছে কেতিয়াও দেশৰ প্ৰতিষ্ঠানিক পৰিকাঠামোক নিয়ন্ত্ৰণাধীন কৰাৰ চেষ্টা কৰা নাই বুলি ৰাহুলে দৃঢ়তাৰে ব্যক্ত কৰে।

উল্লেখ্য প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে ১৯৭৫ৰ পৰা ১৯৭৭ চনলৈ মুঠ ২১ মাহৰ বাবে দেশত জৰুৰীকালিন অৱ্সথা ঘোষণা কৰিছিল।

এই পৰিস্থিতিৰ সুযোগ গ্ৰহণ কৰি ইন্দিৰা গান্ধীয়ে বিৰোধী দলৰ নেতাসকলক কাৰাৰুদ্ধ কৰিছিল। দেশত কাঢ়ি নিয়া হৈছিল সংবাদমাধ্যমৰ স্বাধীনতা।

ঙভাৰতৰ ইতিহাসৰ এক ক’লা অধ্যায় হিচাবে পৰিগণিত হোৱা জৰুৰীকালিন অৱস্থাৰ বিৰুদ্ধে এতিয়াও বিৰোধী দল সমূহে বহু সময়ত কৈ আহিছে যদিও গান্ধী পৰিয়ালে কোনো দিনেই জৰুৰীকালিন অৱস্থা ভুল আছিল বুলি কোৱা নাছিল।

ৰাহুল গান্ধীয়েই প্ৰথমে আনুষ্ঠানিক ভাবে আইতাক ইন্দিৰা গান্ধীৰ সিদ্ধান্ত ভুল আছিল বুলি প্ৰকাশ কৰিলে।

অধ্যাপক বসুৰ সৈতে হোৱা বাৰ্তালাপত ৰাহুল গান্ধীয়ে বিজেপি আৰু আৰএছএছক  তীব্ৰ সমালোচনা কৰি কয় যে এই দুয়োটা দলে দেশৰ প্ৰতিষ্ঠানিক পৰিকাঠামোৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে।

যুৱ কংগ্ৰেছ আৰু এনএছইউআইত নিৰ্বাচনৰ পোষকতা কৰাৰ বাবেই বহু কংগ্ৰেছ নেতাই তেওঁক সমালোচনা কৰা বুলিও ৰাহুলে কয়।

এই বাৰ্তালাপৰ সময়তে ৰাহুলে কয় যে বিজেপি চৰকাৰ খনে দেশৰ সংবাদমাধ্যমৰ টেটু চেপি ৰাখিছে। পিতৃ ৰাজীৱ গান্ধীৰ হত্যাকাণ্ডই ৰাহুলক হিংসা কি সেয়া উপলব্ধি কৰোৱাইছে বুলিও তেওঁ মন্তব্য কৰে।

Recent News

a ccc

কামৰূপ মেট্ৰ’ৰ শিক্ষানুষ্ঠান বন্ধ সন্দৰ্ভত জিলা উপায়ুক্তক সিদ্ধান্ত গ্ৰহণৰ কৰ্তৃত্ব প্ৰদান শিক্ষা বিভাগৰ আয়ুক্ত সচিবৰ

অসমলৈ আহিছে কোভিডৰ আন এক ভয়ংকৰ  প্ৰজাতি ; কি ক’লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

অসমলৈ আহিছে কোভিডৰ আন এক ভয়ংকৰ প্ৰজাতি ; কি ক’লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

Last-Rites-of-Bhitali-Das-750x430

নৱগ্ৰহ শ্মশানত গুণমুগ্ধৰ উপস্থিতিত পঞ্চভূতত বিলীন হ’ল শিল্পী ভিতালী দাসৰ নশ্বৰদেহ

হ’ব নেকি ল’কডাউন? সৰ্বদলীয় বৈঠকত কি সিদ্ধান্ত ল’লে মুখ্যমন্ত্ৰীয়ে?

হ’ব নেকি ল’কডাউন? সৰ্বদলীয় বৈঠকত কি সিদ্ধান্ত ল’লে মুখ্যমন্ত্ৰীয়ে?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd