এআইয়ুডিএফৰ প্ৰধান বদৰুদ্দিন আজমলে অলপতে সাংবাদিকক কৰা অসভ্য ব্যৱহাৰৰ পাছত বৈদ্যুতিন সংবাদ মাধ্যম মঞ্চ, অসমে (Electronic Media Forum Assam চমুকৈ EMFA) ইয়াৰ এটা যথা বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে। মঞ্চই লগতে কৰ্তব্যৰত সাংবাদিকসকলৰ বাবে বিশেষ সুৰক্ষা আইন বলৱৎ কৰাৰ পোষকতা কৰিছে। উল্লেখ্য যে কৰ্তব্যৰত সাংবাদিকৰ বাবে বিশেষ সুৰক্ষা আইন বলৱৎ কৰাৰ বাবে দীৰ্ঘ দিনৰ পৰা দাবী উত্থাপিত হৈ আহিছে।
উল্লেখ্য যে ধুবুৰীৰ সাংসদগৰাকীয়ে বহু কেইগৰাকী সাংবাদিকক অপদস্ত কৰি আহিছে। শেহতীয়াভাৱে এগৰাকী সাংবাদিকে তেওঁক তেওঁৰ পৰৱৰ্তী ৰাজনৈতিক পদক্ষেপ সম্বন্ধে কৰা এটা প্ৰশ্নৰ উত্তৰত অশ্ৰাব্য ভাষাৰে গালি পৰা আৰু বুম কাঢ়ি লোৱা কাণ্ড সংঘটিত কৰিছে।
বৈদ্যুতিন সংবাদ মাধ্যম মঞ্চ, অসমে লগতে কয়, ‘‘যদিহে এগৰাকী সাংসদে সাংবাদিকক এনে ব্যৱহাৰ কৰে, তেন্তে বিশ্বৰ বৃহত্তম গণতান্ত্ৰিক দেশখনত আৰু কি বাকী থাকিল? আজমতে সাংবাদিকজনৰ প্ৰশ্নটো এৰাই যাব পাৰিলেহেতেন, কিন্তু এখন আনুষ্ঠানিক সংবাদমেলত কৰা এনে আচৰণ সভ্য সমাজত কেতিয়াও গ্ৰহণযোগ্য হ’ব নোৱাৰে।’’
উল্লেখ্য যে সাংসদগৰাকীৰ বিৰুদ্ধে অসমৰ বিভিন্ন আৰক্ষী থানাত ভালেমান এজাহাৰ দাখিল কৰা হৈছে । বৈদ্যুতিন সংবাদ মাধ্যম মঞ্চ, অসমে ৰাজ্যখনৰ গৃহ বিভাগৰো দায়িত্বত থকা অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক আহ্বান জনাইছে যাতে সাংসদগৰাকীৰ বিৰূদ্ধে অনতিপলমে যুক্তিপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হয়।
সমগ্ৰ ৰাজ্যখনৰ সাংবাদিক সন্থাসমূহে ৰাজ্যখনৰ বিভিন্ন অংশত প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু বদৰুদ্দিন আজমলক গৰিহণা দিছে লগতে আইন অনুসৰি শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰিছে। বিভিন্ন সাংবাদিক সন্থাই ইতিমধ্যে ভাৰতৰ ৰাষ্ট্ৰপতি, লোকসভাৰ অধ্যক্ষলৈ ধুবুৰীৰ সাংসদগৰাকীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ দাবী তুলি স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে।