‘মোডীৰ বিৰুদ্ধে আছে ঢৌ, এক্সিট প’ল ভুৱা!’ দাবী বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ স্বামী প্ৰভাকৰৰ

প্ৰখ্যাত অৰ্থনীতিবিদ পৰকলা প্ৰভাকৰ। ফটোঃ সংগ্ৰহীত।

“নৰেন্দ্ৰ মোডী চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ঢৌৱে কাম কৰিছে। এই সকলোবোৰ এক্সিট প’ল ভুৱা।” এই মন্তব্য বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ স্বামী পৰকলা প্ৰভাকৰৰ।

অন্ধ্ৰ প্ৰদেশৰ প্ৰাক্তন সাংসদ তথা প্ৰাক্তন কৃষি মন্ত্ৰী বদ্দে শোভনাদ্ৰেশ্বৰ ৰাওৰ ‘অবিনিতি চক্ৰৱৰ্তী নৰেন্দ্ৰ মোদী’ নামৰ গ্ৰন্থখনৰ গ্ৰন্থ উন্মোচনী অনুষ্ঠানত উপস্থিত আছিল পৰকলা প্ৰভাকৰ। তাতেই প্ৰখ্যাত অৰ্থনীতিবিদ প্ৰভাকৰে এক্সিট প’লৰ ফলাফল সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ সন্মুখীন হৈছিল। এক্সিট প’লক লৈ তেওঁ সন্দেহ প্ৰকাশ কৰে।

পৰকলা প্ৰভাকৰৰ ভাষাত, ‘এই এক্সিট প’লবোৰ ভুৱা। নৰেন্দ্ৰ মোডী আৰু তেওঁৰ চৰকাৰৰ বিৰুদ্ধে এক তীব্ৰ ঢৌ চলি আছে। শাসক বিৰোধী বতাহ প্ৰবল।’ ফলত নিৰ্মলা সীতাৰমণৰ স্বামীয়ে এক্সিট প’লৰ সমীক্ষাত এন ডি এক সংখ্যাগৰিষ্ঠ দল হিচাপে দেখুওৱাটোমানি ল’বলৈ অস্বীকাৰ কৰে।

লগতে পঢ়কঃ নিৰ্বাচন শেষ, আৰম্ভ মূল্যবৃদ্ধিৰ খেল! মাজনিশাৰ পৰাই ৫ শতাংশ টোল টেক্স বৃদ্ধি NHAIৰ

এক্সিট প’লৰ সমীক্ষাৰ প্ৰতিবেদন সম্পূৰ্ণৰূপে খাৰিজ কৰিছে ইণ্ডিয়া মিত্ৰজোঁটে। মন কৰিবলগীয়া যে এক্সিট প’লৰ সমীক্ষাৰ ফলাফল কেতিয়াও সম্পূৰ্ণ সঁচা নহয়। বেছিভাগ সময়তে এক্সিট প’লৰ সমীক্ষাৰ ফলাফল প্ৰকৃত ফলাফলৰ সৈতে মিল নাথাকে। ইয়াৰ আগতেও এক্সিট প’লৰ সমীক্ষাৰ ফলাফলৰ সৈতে চূড়ান্ত ফলাফলত সম্পূৰ্ণ বিপৰীত ছবি দেখা গৈছিল।

সমীক্ষাকাৰী সংস্থাসমূহেও কয় যে বুথফেৰাট সমীক্ষাৰ এই ফলাফলসমূহে ভোটাৰৰ আৱেগৰ আভাসহে দিছে। বাস্তৱৰ লগত মিল নাথাকিবও পাৰে। ৰাহুল গান্ধীৰ পৰা অৰবিন্দ কেজৰিৱাল, অখিলেশ যাদৱৰ পৰা ৰেৱন্ত ৰেড্ডী, মমতা বেনাৰ্জীলৈকে এই এক্সিট প’লবোৰৰ দাবী উৰুৱাই দিছে।

এই সন্দৰ্ভত ছোনিয়া গান্ধীয়ে কয় – ‘মাত্ৰ অপেক্ষা কৰক। আমি সম্পূৰ্ণ আশাবাদী। যিটো সমীক্ষাত দেখুওৱা হৈছে বাস্তৱত ইয়াৰ হুবহু বিপৰীত হ’ব। লোকসভাৰ নিৰ্বাচনৰ ফলাফলত বুথফেৰাট সমীক্ষাত দেখুওৱাৰ হুবহু বিপৰীত দেখা যাব। এই বিষয়ে বিৰোধী একেবাৰে নিশ্চিত।’

লগতে পঢ়কঃ বিস্মিত ব্যতিক্ৰম! একমাত্ৰ এক্সিট প’ল যত কোৱা হৈছে বিজেপি আৰু এনডিএই নাপায় সংখ্যাগৰিষ্ঠতা

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কয়, ‘এয়া কোনো এক্সিট প’ল নহয়। এয়া মোডী মিডিয়া প’ল। ফেণ্টাচি প’ল।’ তেনে ক্ষেত্ৰত তেওঁৰ মতে ইণ্ডিয়া মিত্ৰজোঁটে কিমান আসন পাব পাৰে? ৰাহুলৰ উত্তৰ, ‘সিদ্ধু মুছেৱালাৰ এটা গান আছে শুনিছে, ২৯৫? আমি ২৯৫খন আসন পাম।’