অসমৰ নিবনুৱালৈ সুখবৰ: জাপান-ছিংগাপুৰৰ কোম্পানীয়ে দিব নিয়োগৰ সুবিধা

22-03-18-Guwahati-Chandra-Mohan-Patowary-PMT-1

মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। ফাইল ফটো

অসমৰ নিবনুৱা যুৱক-যুৱতীলৈ এটা ভাল খৱৰ আছে। জাপান-ছিংগাপুৰৰ বহুকেইটা কোম্পানীয়ে অসমতেই কৰিব নিয়োগৰ সুবিধা। তাৰ বাবে এতিয়া পূৰ্ণ প্ৰস্তুতি চলিছে। এই কথা জনাইছে  অসম চৰকাৰৰ দক্ষতা আৰু উদ্যমিতা বিকাশ বিভাগৰ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে।

সোমবাৰে জনতা ভৱনত সংবাদমেল অনুষ্ঠিত কৰি দুয়োখন দেশৰ কোম্পানীয়ে অসমত কৰিবলৈ ওলোৱা বিনিয়োগ আৰু তাৰ ফলত অসমৰ যুৱক-যুৱতীয়ে পাব পৰা নিয়োগৰ সুবিধা সম্পৰ্কে মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

‘ইতিমধ্যে আমাৰ সমল ব্যক্তি সকলক ছিংগাপুৰৰ পৰা প্ৰশিক্ষণ দি অনা হৈছে। তেওঁলোকে অসম দক্ষতা বিকাশ অভিযানৰ জৰিয়তে উত্তৰ-পূব দক্ষতা কেন্দ্ৰত যুৱক-যুৱতীসকলক প্ৰশিক্ষণ প্ৰদান কৰিব। একেদৰে জাপানৰ কোম্পানীৰ সৈতেও আমাৰ আলোচনা হৈছে আৰু অহা ১৯ জুনতো নতুন দিল্লীত ১৫০ টা জাপানী কোম্পানীৰ সৈতে আমি আলোচনাত বহিম’,-মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে সংবাদমেলত কয়।

উত্তৰ-পূব দক্ষতা বিকাশ কেন্দ্ৰৰ জৰিয়তে ৰাজ্য চৰকাৰে আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ গুণগত বৃত্তিমূলক শিক্ষা প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰা বুলিও মন্ত্ৰী পাটোৱাৰীয়ে জানিবলৈ দিয়ে। এই কেন্দ্ৰই অহা জুলাই মাহৰ পৰা পাঠ্যক্ৰমসমুহৰ প্ৰশিক্ষণ আৰম্ভ কৰি প্ৰতিবছৰে তিনিটা বিভাগৰ চাৰিটা খণ্ডত মুঠ ৪০০ প্ৰশিক্ষাৰ্থীক প্ৰশিক্ষণ প্ৰদান কৰি নিয়োগৰ ব্যৱস্থা কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে সংবাদমেলত কয়।

মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে জাপানৰ এই ১৫০ টা কোম্পানীক নেতৃত্ব দিছে ‘জেট্ৰ’ নামৰ এটা কোম্পানীয়ে। ‘জেট্ৰ’ক নিজৰ প্ৰকল্প স্থাপনৰ বাবে নগৰবেৰাত অসম চৰকাৰে ভূমি আৱন্টন দিয়াৰ কথাও মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে জানিবলৈ দিয়ে।

জাপানী প্ৰতিষ্ঠানত চাকৰি কৰিবলৈ অসমৰ যুৱতীক প্ৰয়োজন হোৱা জাপানী ভাষা জ্ঞান আৰু জাপানী আচাৰ ব্যৱহাৰৰ প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থাও অসম চৰকাৰে হাতত লোৱাৰ কথা মন্ত্ৰী পাটোৱাৰীয়ে সংবাদমেলত প্ৰকাশ কৰে।

কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে অসমত দক্ষতা প্ৰশিক্ষণৰ বাবে মুঠ ১১৩ কোটি টকা আৱন্টন দিয়া বুলিও পাটোৱাৰীয়ে জানিবলৈ দিয়ে। ইয়াৰে ভাৰত চৰকাৰৰ ৩৬ কোটি টকা আৰু অসম চৰকাৰ ৭৭ কোটি টকা আৱন্টন হোৱা বুলি তেওঁ সদৰী কৰে।

ইতিমধ্যে, ২০১৭ চনৰ ডিচেম্বৰৰ পৰা অসম দক্ষতা বিকাশ অভিযানৰ অধীনত ৰাজ্যৰ মুঠ ৫৯৭ টা কেন্দ্ৰত বহু যুৱক-যুৱতীয়ে বিভিন্ন বিভাগত প্ৰশিক্ষণ লোৱাৰ কথাও মন্ত্ৰীগৰাকীয়ে কয়। ইয়াৰে ৪০,৮৪০ গৰাকীয়ে প্ৰশিক্ষণ সমাপ্ত কৰাৰ বিপৰীতে ৪৯,৭৮৭ গৰাকীয়ে বৰ্তমান প্ৰশিক্ষণ গ্ৰহণ কৰি আছে।

সংবাদমেলত মন্ত্ৰী পাটোৱাৰীয়ে অসম দক্ষতা বিকাশ অভিযানে গ্ৰহণ কৰা আন আন আঁচনি যেনে- দক্ষ মোবাইল এপ্লিকেশ্যনৰ জৰিয়তে সেৱা প্ৰদান, কাৰাবন্দী সকলক কাৰিকৰী প্ৰশিক্ষণ, উগ্ৰপন্থী সংগঠনৰ পৰা আত্মসমৰ্পন কৰা সকলক ‘স্বাৱলম্বন’ আঁচনিৰ জৰিয়তে দক্ষতা বিকাশৰ প্ৰশিক্ষণ দিয়া, ৰাষ্ট্ৰীয় জীৱিকা অভিযানৰ অধীনত প্ৰশিক্ষণ, স্কিল চিটি স্থাপনৰ পৰিকল্পনা সম্পৰ্কেও জানিবলৈ দিয়ে।