ভয়াৱহ ঘটনা! আত্মঘাটি বোমাৰুৱে প্ৰাণ ল’লে ১০জনকৈ নিৰীহ লোকৰ, ক’ত?

আফ্ৰিকাৰ ছোমালিয়াত সংঘটিত হৈছে এটা ভয়াৱহ ঘটনা।

গৃহযুদ্ধৰে জৰ্জৰিত দেশখনৰ ৰাজধানী মগাডিশ্বুত শনিবাৰে এজন আত্মঘাটি বোমাৰুৱে কমেও ১০ জন লোকৰ প্ৰাণহানি কৰে।

চৰকাৰী পক্ষই জনোমাতে, আল শ্বাবাব নামৰ সশস্ত্ৰ ইচলামিক সংগঠনটোৱে দেশখনৰ দুটাকৈ সেনাবাহিনীৰ চাউনিত আক্ৰমণ কৰাৰ কিছু ঘণ্টাৰ পাছতে ৰাজধানীত এই আক্ৰমণ সংঘটিত হয়।

দেশখনৰ তথ্যসংযোগ মন্ত্ৰী ইছমাইল মুখতাৰ ওমৰে ৰয়টাৰ্ছক জনোৱামতে, এজন আত্মঘাটী বোমাৰুৱে এখন চাহৰ দোকানৰ কাষতে বিস্ফোৰণটো সংঘটিত কৰে।

১০জন লোকে প্ৰাণ হেৰোৱাৰ বিপৰীতে কেইবাজনো লোক বিস্ফোৰণটোত আঘাতপ্ৰাপ্ত হয়।

অৱশ্যে ঘটনাটোক লৈ উগ্ৰপন্থী সংগঠন আল শ্বাবাবৰ তৰফৰ পৰা তাৎক্ষণিকভাৱে কোনো বিবৃত্তি অহা নাই।

তেওঁলোকে ঘটনাটোৰ পূৰ্বে মগাডিশ্বু চহৰৰ বাহিৰত থকা বাৰিৰে আৰু আওধিগলে নামৰ সেনা চাউনিত আক্ৰমণৰ স্বীকাৰ কৰিছিল।

সেনাবাহিনীয়ে কোৱামতে, আক্ৰমণ দুটাত দুয়োপক্ষৰে কেইবাজনো সদস্যই প্ৰাণ হেৰুৱাইছে আৰু বৰ্তমান পৰিস্থিতি শান্ত।

উল্লেখযোগ্য যে আল শ্বাবাব হৈছে ইছলামিক উগ্ৰপন্থী সংগঠন আল-কায়দাৰ এটা সহযোগী সংগঠন।

সংগঠনটোৱে ছোমালিয়াত বছৰ বছৰধৰি কট্টৰ ইছলামিক আইনৰ প্ৰৱৰ্তনৰ দাবীত সন্ত্ৰাস চলাই আহিছে।