NORTHEAST NOW (Assamese)

‘সাৰদা’ গ্ৰুপৰ সোণাপুৰত থকা ৪৭ বিঘা মাটি জব্দ কৰিলে আইন বলৱৎকাৰী সঞ্চালকালয়ে

August 31, 2018 11:55 pm · এন ই নাও নিউজ
Updated: September 1, 2018 12:22 am
প্ৰতিনিধিত্বমূলক ফটো।

চীট ফাণ্ডৰ জৰিয়তে ৰাজ্যজুৰি সাধাৰণ মানুহৰ কোটি কোটি টকা লুট কৰা সাৰদা গ্ৰুপৰ নামত থকা সোণাপুৰৰ এটুকুৰা মাটি আজি আইন বলৱৎকাৰী সঞ্চালকালয়ে (এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেট) জব্দ কৰিছে। এই স্থানত সাৰদা গোষ্ঠীৰ মুঠ ৪৭ বিঘা মাটি আছে বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে কেইবা হাজাৰ কোটি টকাৰ কেলেংকাৰি কৰা সাৰদা গ্ৰুপৰ বিৰুদ্ধে গোচৰ চলি থকা আৰু কেলেংকাৰিৰ নায়কসকল বৰ্তমান জেইলত থকাৰ সুযোগ লৈ ৰাজ্যৰ বিভিন্ন ঠাইত এই গোষ্ঠীটোৰ সম্পত্তিবোৰ বিভিন্ন দুষ্টশক্তিয়ে নিজৰ দখললৈ নিছিল। কিন্তু শেহতীয়াকৈ আইন বলৱৎকাৰী সঞ্চালকালয়ে সাৰদা গ্ৰুপৰ বিভিন্ন ঠাইত থকা সম্পত্তি জব্দৰ অভিযান আৰম্ভ কৰিছে।

আজিও আইন বলৱৎকাৰী সঞ্চালকালয়ে সোণাপুৰৰ মেধিকুছিত থকা সাৰদা গোষ্ঠীৰ মুঠ ৪৭ বিঘা মাটি পি কে শৰ্মা নামৰ এজনে দখল কৰি থকা অৱস্থাৰ পৰা জব্দ কৰে।

মন কৰিব লগীয়া যে সাৰদা গ্ৰুপে মাটিখিনি পদুম বৰঠাকুৰ নামৰ লোক এজনৰ পৰা কিনিছিল। কিন্তু কেলেংকাৰিটোৰ মূল অভিযুক্ত, অৰ্থাৎ সাৰদাৰ মালিক সুদীপ্ত সেন জেইললৈ যোৱাৰ পিছতে শৰ্মা উপাধিৰ গুৱাহাটীৰ এই ব্যৱসায়ীজনে হস্তগত কৰিছিল। পি কে শৰ্মাই মাটিখিনি দখল কৰি তাত থকা বহু সংখ্যক চেগুন গছ কাটি বিক্ৰী কৰে বুলি জানিব পৰা গৈছে। আইনে এই পি কে শৰ্মাৰ বিৰুদ্ধে কি ব্যৱস্থা লয় সেয়া লক্ষণীয় হ’ব।

Related News