এজবাষ্টনত কেতিয়াও জয়ী হোৱা নাই ভাৰতে। ইয়াত অনুষ্ঠিত হোৱা ৮খন টেষ্টৰ ভিতৰত এতিয়ালৈকে এখনো টেষ্টত জয়ী হোৱা নাই টিম ইণ্ডিয়াই। কিন্তু এতিয়া এই পৰিসংখ্যা সলনি কৰাৰ সুযোগ আহি পৰিছে গীল বাহিনীৰ হাতত। তেওঁলোকে ইতিহাস সলনি কৰিব পাৰিবনে? ইয়াৰ উত্তৰ পাবলৈ আমি আজিৰ দিনটো অপেক্ষা কৰিব লাগিব।
ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতে ৬০৮ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। লক্ষ্য অনুসৰণ কৰি চতুৰ্থ দিনৰ শেষত ৭২ ৰানত ৩ উইকেট হেৰুৱাই ইংলেণ্ড দলৰ বিপৰ্যয় আৰম্ভ হৈছে। পঞ্চম দিনা ইংলেণ্ডক জয়ী হ’বলৈ ৫৩৬ ৰানৰ প্ৰয়োজন। ভাৰতক প্ৰয়োজন ৭ টা উইকেটৰ।
প্ৰথম ইনিংছৰ পৰাই স্পষ্ট হৈ পৰিছিল যে মহম্মদ চিৰাজ আৰু আকাশ দীপে নতুন বলেৰে সঁচাকৈয়ে উজলি উঠিব পাৰে। দ্বিতীয় ইনিংছতো ইয়াৰ ব্যতিক্ৰম নহ’ল। ডাকেট আৰু ৰুটে ছিৰাজ-আকাশ যুটিটোক চম্ভালিবলৈ অসুবিধা পাইছিল।
ছিৰাজে জেক ক্ৰ’লীক (০) এটা শ্বট খেলিবলৈ বাধ্য কৰি ড্ৰেছিং ৰুমলৈ ঘূৰাই পঠিয়ায়। তাৰ পিছত আকাশ দীপে ওভতাই পঠিয়ালে আক্ৰমণাত্মক বেন ডাকেটক। তেওঁ ১৫টা বলত ২৫ ৰান সংগ্ৰহ কৰে। আকাশে জো ৰুটকো আউট কৰে (৬)। চতুৰ্থ দিনৰ শেষত অলি পোপ (২৪) আৰু হেৰী ব্ৰুক (১৫) ক্ৰীজত আছে।
ইয়াৰ পূৰ্বে অৱশ্যে ক্ৰিকেট জগতত দেখা গ’ল আন এক ‘শুভমন শ্ব’। অধিনায়ক হিচাপে দায়িত্ব লোৱাৰ পিছৰে পৰা তেওঁ অপ্ৰতিৰোধ্য হৈ পৰিছে। প্ৰথম ইনিংছত তেওঁ ২৬৯ ৰান সংগ্ৰহ কৰে। দ্বিতীয় ইনিংছতো ১৬১ ৰান কৰে। এই শতকৰ পিছত তেওঁ এলিট ক্লাছত প্ৰৱেশ কৰে। অৱশ্যে চতুৰ্থ দিনৰ আৰম্ভণি টিম ইণ্ডিয়াৰ বাবে ইমান ভাল নাছিল। সোনকালেই বেটিং কৰিবলৈ ওলাই আহিবলগীয়া হৈছিল গীল। কাৰণ কৰুণ নায়াৰ মাত্ৰ ২৬ ৰানত ড্ৰেছিং ৰুমলৈ উভতি গৈছিল।
অৰ্ধশতক অৰ্জন কৰাৰ পিছতো কে এল ৰাহুল (৫৫) ডাঙৰ ইনিংছ গঢ়াৰ পূৰ্বেই আউট হৈছিল। তাৰ পাছত ঋষভ পন্ত (৬৫)ৰ সৈতে গীলে ১১০ ৰানৰ অংশীদাৰিত্ব গঢ়ি তুলিছিল। কিন্তু পন্ত আউট হ’লেও গীলক ৰখাব নোৱাৰিলে। দ্বিতীয় ইনিংছত ৰবীন্দ্ৰ জাডেজাইও (৬৯*) ভাল প্ৰদৰ্শন কৰে। তাৰ পাছত ছিক্স মাৰিবলৈ চেষ্টা কৰি বাউণ্ডেৰী লাইনত ধৰা পৰে নীতিশ ৰেড্ডী (১)। ৱাশ্বিংটন সুন্দৰে ১২ ৰানত অপৰাজিত হৈ থাকে।
ভাৰতে ৬ উইকেটত ৪২৭ ৰান কৰি দ্বিতীয় ইনিংছ ঘোষণা কৰে। ইয়াৰ পিছত ভাৰতীয় পেচাৰ দুগৰাকীৰ দমনীয় প্ৰদৰ্শনত ইংলেণ্ডৰ ক’ত যাও ক’ত লুকাও অৱস্থা। অৱশ্যে ভাগ্য তেওঁলোকৰ পক্ষত থাকিল তেওঁলোকে আৰু অধিক উইকেট ল’ব পাৰিলেহেঁতেন। পিছে, পঞ্চম দিনা বৰষুণ হোৱাৰ সম্ভাৱনা আছে। এনে পূৰ্বাভাস ভাৰতৰ বাবে মেচখন জয়ৰ ক্ষেত্ৰত এক ডাঙৰ বাধা হ’ব পাৰে।
সংক্ষিপ্ত স্কোৰঃ
প্ৰথম ইনিংছ
ভাৰতঃ ৫৮৭ (শুভমন গীল ২৬৯, জাদেজা ৮৯। যশস্বী ৮৭, বছিৰ ১৬৭/৩)
ইংলেণ্ডঃ ৪০৭ (জেমী স্মিথ ১৮৪, হেৰী ব্ৰুক ১৫৮, ছিৰাজ ৭০/৬ আকাশ দীপ ৮৮/৪)
দ্বিতীয় ইনিংছ
ভাৰতঃ ৪২৭/৬ ঘোষণা (শুভমন গীল ১৬১, জাডেজা ৬৯, পন্ত ৬৫, টং ৯৩/২)
ইংলেণ্ডঃ ৭২/৩ (বেন ডাকেট ২৫, অলি পোপ ২৪*, হেৰী ব্ৰুক ১৫*, আকাশ ৩৬/২, ছিৰাজ ২৯/১)
ইংলেণ্ডক জয়ী হ’বলৈ ৫৩৬ ৰানৰ প্ৰয়োজন, ভাৰতক প্ৰয়োজন ৭ টা উইকেটৰ।