• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

ইলন মাস্কৰ এক্সৰ বিৰুদ্ধে তদন্ত ইউৰোপীয় কমিছনৰ : গ্রোকৰ দ্বাৰা লাখ লাখ মহিলাৰ বিকৃত ছবি প্ৰস্তুতৰ অভিযোগ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 30, 2026 4:55 pm
16
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইলন মাস্কৰ মালিকানাধীন ছচিয়েল মিডিয়া প্লেটফৰ্ম এক্সৰ বিৰুদ্ধে ইউৰোপীয় কমিছনে এক গুৰুতৰ তদন্ত আৰম্ভ কৰিছে। অভিযোগ উঠিছে যে এই প্লেটফৰ্মত থকা কৃত্ৰিম বুদ্ধিমত্তা বা এআই টুল গ্রোক ব্যৱহাৰ কৰি প্ৰকৃত মানুহৰ যৌন বিকৃত আৰু অশ্লীল ছবি নিৰ্মাণ কৰা হৈছে।

ইউৰোপীয় কমিছনৰ সন্দেহ যে এনে ধৰণৰ সমলে ইউৰোপীয় ইউনিয়নৰ ডিজিটেল আইন উলংঘা কৰিছে। এই পদক্ষেপে এনে এক সময়ত চৰ্চা লাভ কৰিছে যেতিয়া জানুৱাৰী মাহত ব্ৰিটেইনৰ অনলাইন নিৰাপত্তা নিয়ন্ত্ৰক সংস্থা অফকম-এও একে ধৰণৰ অভিযোগত এক্সৰ বিৰুদ্ধে তদন্তৰ কথা ঘোষণা কৰিছিল। যদিহে তদন্তত এক্সৰ গাফিলতি ধৰা পৰে, তেন্তে সংস্থাটোৰ ওপৰত তেওঁলোকৰ বিশ্বব্যাপী বাৰ্ষিক উপাৰ্জনৰ ৬ শতাংশ লৈকে জৰিমনা বিহা হ’ব পাৰে। আনকি প্ৰয়োজন হ’লে কমিছনে জৰুৰীকালীন ব্যৱস্থাও গ্ৰহণ কৰিব পাৰে যদিহে এক্সে এই সমলসমূহ ৰোধ কৰিবলৈ সঠিক পদক্ষেপ নলয়।

Apply Now

ইউৰোপীয় পাৰ্লিয়ামেন্টৰ সদস্যসকলে জানিবলৈ দিছে যে এক্সে অনলাইনত থকা বিপদসমূহ সঠিকভাৱে মূল্যায়ন কৰিছে নে নাই আৰু অবৈধ সমল ৰোধ কৰিবলৈ কি ব্যৱস্থা লৈছে, সেইটো এই তদন্তৰ জৰিয়তে পৰীক্ষা কৰা হ’ব। ইউৰোপীয় কমিছনৰ এগৰাকী শীৰ্ষ বিষয়া হেনা ভিৰ্কুনেনে এই যৌন ডিপফেকসমূহক এক অগ্রহণযোগ্য কাৰ্য আৰু নিৰ্যাতনৰ এক ৰূপ বুলি অভিহিত কৰিছে।

তেওঁৰ মতে, এই তদন্তই দেখুৱাই দিব যে এক্সে ইউৰোপীয় নাগৰিকসকলৰ, বিশেষকৈ মহিলা আৰু শিশুসকলৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ আইনী দায়িত্ব পালন কৰিছে নে নাই। অভিযোগ অনুসৰি এই এআই টুলৰ জৰিয়তে প্ৰায় ৩০ লক্ষ মহিলা ইতিমধ্যে মানসিক নিৰ্যাতনৰ বলি হৈছে।

আনহাতে এক্সৰ তৰফৰ পৰা কোৱা হৈছে যে যিবোৰ দেশত এনে সমল অবৈধ, তাত গ্রোক এআইৰ জৰিয়তে মানুহৰ ছবিৰ পৰা ডিজিটেলী কাপোৰ আঁতৰাব পৰা সুবিধা বন্ধ কৰা হৈছে। কিন্তু বিভিন্ন নাৰী অধিকাৰ সংগঠনৰ মতে কেৱল সমল আঁতৰাই দিলেই নহ’ব, বৰঞ্চ এনে ছবি তৈয়াৰ কৰাৰ সুযোগেই কেতিয়াও থাকিব নালাগিছিল। তেওঁলোকৰ মতে প্ৰযুক্তি কোম্পানীসমূহে যাতে এনে নিৰ্যাতনৰ পৰা উপাৰ্জন কৰিব নোৱাৰে তাৰ বাবে চৰকাৰে কঠোৰ হোৱা উচিত। ইয়াৰ লগতে ইউৰোপীয় কমিছনে এক্সৰ আন এক তদন্তৰ পৰিসৰো বৃদ্ধি কৰিছে য’ত এইটো নিৰীক্ষণ কৰা হৈছে যে এক্সৰ এলগৰিথমে ব্যৱহাৰকাৰীৰ বাবে কিমান বিপদ কঢ়িয়াই আনিছে।

ইলন মাস্কক এই তদন্তৰ বিষয়ে সোধাত তেওঁ ইয়াৰ সমালোচনা কৰি ইয়াক সেন্সৰশিপৰ এটা অজুহাত বুলি অভিহিত কৰিছে। ইয়াৰ পূৰ্বেও ব্লু টিক ব্যৱস্থাক লৈ এক্সক জৰিমনা বিহা হৈছিল যিটো লৈ আমেৰিকাৰ একাংশ নেতাই ইউৰোপীয় ইউনিয়নৰ বিৰুদ্ধে আমেৰিকান প্ৰযুক্তি কোম্পানীক আক্ৰমণ কৰাৰ অভিযোগ তুলিছে। বৰ্তমান অকল ইউৰোপতে নহয়, বৰঞ্চ অষ্ট্ৰেলিয়া, ফ্ৰান্স আৰু জাৰ্মানীৰ দৰে দেশতো এই এআই টুলক লৈ তদন্ত চলি আছে। এই সমগ্ৰ ঘটনাই আধুনিক যুগত প্ৰযুক্তিৰ দায়িত্ব আৰু সাধাৰণ মানুহৰ নিৰাপত্তাক লৈ এক গোলকীয় বিতৰ্কৰ সৃষ্টি কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মহাৰাষ্ট্ৰত ৫ বছৰত ৩৬ হাজাৰৰো অধিক উদ্যোগ বন্ধ : সংসদত বিস্ফোৰক তথ্য কেন্দ্ৰৰ

মহাৰাষ্ট্ৰত ৫ বছৰত ৩৬ হাজাৰৰো অধিক উদ্যোগ বন্ধ : সংসদত বিস্ফোৰক তথ্য কেন্দ্ৰৰ

August 13, 2026 10:20 am
বিৰোধীৰ প্ৰতিবাদ আৰু উত্তৰ-পূবৰ উদ্বেগৰ মাজতে যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰা হ’ল FCRA সংশোধনী বিধেয়ক

বিৰোধীৰ প্ৰতিবাদ আৰু উত্তৰ-পূবৰ উদ্বেগৰ মাজতে যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰা হ’ল FCRA সংশোধনী বিধেয়ক

August 13, 2026 10:03 am
বলবম যাত্ৰা শেষ হোৱাৰ পাছতেই আবৰ্জনাৰ পাহাৰ, ঘাটে ঘাটে পৰিত্যক্ত প্লাষ্টিকৰ বটল; প্ৰদূষণৰ কবলত উত্তৰাখণ্ড

বলবম যাত্ৰা শেষ হোৱাৰ পাছতেই আবৰ্জনাৰ পাহাৰ, ঘাটে ঘাটে পৰিত্যক্ত প্লাষ্টিকৰ বটল; প্ৰদূষণৰ কবলত উত্তৰাখণ্ড

August 13, 2026 9:23 am
‘যন্তৰ মন্তৰতে শেষ নহয়, আহি আছে ‘ছিজন ২’: ডাঙৰ আন্দোলনৰ প্ৰস্তুতি চিজেপিৰ

‘যন্তৰ মন্তৰতে শেষ নহয়, আহি আছে ‘ছিজন ২’: ডাঙৰ আন্দোলনৰ প্ৰস্তুতি চিজেপিৰ

August 13, 2026 9:13 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মহাৰাষ্ট্ৰত ৫ বছৰত ৩৬ হাজাৰৰো অধিক উদ্যোগ বন্ধ : সংসদত বিস্ফোৰক তথ্য কেন্দ্ৰৰ

মহাৰাষ্ট্ৰত ৫ বছৰত ৩৬ হাজাৰৰো অধিক উদ্যোগ বন্ধ : সংসদত বিস্ফোৰক তথ্য কেন্দ্ৰৰ

August 13, 2026 10:20 am
বিৰোধীৰ প্ৰতিবাদ আৰু উত্তৰ-পূবৰ উদ্বেগৰ মাজতে যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰা হ’ল FCRA সংশোধনী বিধেয়ক

বিৰোধীৰ প্ৰতিবাদ আৰু উত্তৰ-পূবৰ উদ্বেগৰ মাজতে যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰা হ’ল FCRA সংশোধনী বিধেয়ক

August 13, 2026 10:03 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd