• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পুনৰ গ্ৰীণলেণ্ড বিচাৰি ট্ৰাম্পৰ চাপ; সামৰিক উপস্থিতি বৃদ্ধি কৰাৰ কথা বিবেচনা ইউৰোপৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 12, 2026 11:27 am
27
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইউৰোপৰ কেইবাখনো দেশে গ্ৰীণলেণ্ডত সামৰিক উপস্থিতি বৃদ্ধিৰ পৰিকল্পনাৰ বিষয়ে আলোচনা কৰি আছে। ব্ৰিটেইন আৰু জাৰ্মানীয়ে ইয়াৰ নেতৃত্ব দিছে। এই গোটটোৱে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পলৈ এটা বাৰ্তা প্ৰেৰণ কৰাৰ লক্ষ্য লৈছে যে ইউৰোপ আৰু নৰ্থ আটলাণ্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন (নাটো) আৰ্কটিকক সুৰক্ষিত কৰিবলৈ বদ্ধপৰিকৰ।

সূত্ৰৰ উদ্ধৃতি দি ব্লুমবাৰ্গে প্ৰকাশ কৰা অনুসৰি জাৰ্মানীয়ে আৰ্কটিক অঞ্চলটোক সুৰক্ষা প্ৰদানৰ বাবে নাটোৰ অভিযানৰ প্ৰস্তাৱ আগবঢ়াব। বাল্টিক সাগৰৰ গুৰুত্বপূৰ্ণ স্থাপনাসমূহ সুৰক্ষিত কৰিবলৈ আৰম্ভ কৰা বাল্টিক চেন্ট্ৰি মিছনৰ নামেৰে এই অভিযানৰ নাম আৰ্কটিক চেন্ট্ৰি ৰখা হ’ব পাৰে।

Apply Now

ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰে আৰ্কটিক অঞ্চলত মিত্ৰশক্তিৰ নিৰাপত্তাজনিত উপস্থিতি বৃদ্ধি কৰিবলৈ আহ্বান জনাইছে। যোৱা কিছুদিনত তেওঁ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন আৰু জাৰ্মানীৰ চ্যান্সেলৰ ফ্ৰেড্ৰিখ মাৰ্কেলকে ধৰি কেইবাজনো নেতাৰ সৈতে সাক্ষাৎ কৰিছে।

প্ৰতিবেদন অনুসৰি ষ্টাৰমাৰে ট্ৰাম্পক নমনীয়তাৰে তেওঁলোকৰ পক্ষত ৰাখিব বিচাৰে। তেওঁ আমেৰিকাৰ সৈতে সংঘাতত লিপ্ত হ’ব নিবিচাৰে। চলিত বৰ্ষৰ আৰম্ভণিতে আমেৰিকাই ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰোক গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰ পিছত ট্ৰাম্প প্ৰশাসনে গ্ৰীণলেণ্ড সন্দৰ্ভত অধিক আক্ৰমণাত্মক বক্তব্য আগবঢ়ায়। আনকি ইয়াত সামৰিক শক্তি ব্যৱহাৰ কৰি গ্ৰীণলেণ্ড দখল কৰাৰ সম্ভাৱনাৰ ইংগিতো দিয়া হৈছে।

আনহাতে, ডেনমাৰ্কে এতিয়াও আশা কৰিছে যে আগন্তুক ৱাশ্বিংটন কূটনৈতিক ভ্ৰমণে ট্ৰাম্পৰ স্থিতি কোমল কৰিব। অৱশ্যে ডেনমাৰ্ক আৰু গ্ৰীণলেণ্ডৰ বৈদেশিক মন্ত্ৰী লাৰ্ছ ল’কে ৰাছমুচেন আৰু ভিভিয়ান মট্জফেল্ডে স্পষ্ট কৰি দিছে যে আন্তঃৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি যিমানেই ভাবুকি নাথাকক কিয়, আমেৰিকাই গ্ৰীণলেণ্ডৰ দখল ল’ব নোৱাৰে।

এই পৰিস্থিতি ট্ৰাম্পে পুনৰবাৰ ১১ জানুৱাৰীৰ নিশা কয় যে আমেৰিকাই গ্ৰীণলেণ্ডৰ মালিক হ’ব। তেওঁ কয় যে আমেৰিকাই তাত সামৰিক ঘাটি বৃদ্ধি কৰিব পাৰে। কিন্তু তেওঁৰ ভাষাত ‘গ্ৰীনলেণ্ডৰ প্ৰকৃত মালিকীস্বত্ব প্ৰয়োজনীয়’।

তেওঁৰ মতে যদি আমেৰিকাই গ্ৰীণলেণ্ডৰ মালিকীস্বত্ব নাপায় তেন্তে ৰাছিয়া বা চীনে গ্ৰীণলেণ্ড দখল কৰিব পাৰে। এনে পৰিস্থিতিত জাৰ্মানীৰ বৈদেশিক মন্ত্ৰী জোহান ৱেডেফুলে এই সপ্তাহত আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ৰ সৈতে সাক্ষাৎ কৰিব। এই গুৰুত্বপূৰ্ণ বৈঠকত গ্ৰীণলেণ্ডত নাটোৰ ভূমিকা আৰু আৰ্কটিক অঞ্চলৰ স্থিতিশীলতাৰ বিষয়ে আলোচনা হোৱাৰ সম্ভাৱনা আছে।

ইপিনে, বেলজিয়ামৰ বৈদেশিক মন্ত্ৰী থিও ফ্ৰাংকেনে পুনৰ দাবী কৰিছে যে আমেৰিকাৰ নিৰাপত্তাজনিত উদ্বেগৰ প্ৰতি লক্ষ্য ৰাখি নাটোৱে আৰ্কটিক অঞ্চলত অভিযান চলাব লাগে। তেওঁ কয় যে আমি বন্ধুৰ দৰে আলোচনাৰ জৰিয়তে এই সমস্যা সমাধান কৰিব লাগিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

July 15, 2026 9:16 pm
ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

July 15, 2026 8:54 pm
ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

July 15, 2026 6:54 pm
কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

July 15, 2026 6:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

July 15, 2026 9:16 pm
ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

July 15, 2026 8:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd