সোমবাৰে উচ্চতম ন্যায়ালয়ে জাননী জাৰি কৰি NEET-UG 2024 পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল আৰু অসৎ উপায় অৱলম্বনৰ অভিযোগ সন্দৰ্ভত কেন্দ্ৰ আৰু ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ পৰা সঁহাৰি বিচাৰিছে।
শুনানিৰ সময়ত বিচাৰপীঠে কয় যে, “যদিও কাৰোবাৰ ফালৰ পৰা ০.০০১% গাফিলতি হৈছে, তথাপিও ইয়াৰ সৈতে পুংখানুপুংখভাৱে মোকাবিলা কৰা উচিত।”
ন্যায়াধীশ বিক্ৰম নাথ আৰু এছ ভি এন ভট্টিৰে গঠিত বিচাৰপীঠখনে আৰু কয় যে, ‘কল্পনা কৰক যে ব্যৱস্থাটোত প্ৰৱঞ্চনা কৰা ব্যক্তি এজন চিকিৎসক হৈ পৰে, তেওঁ সমাজৰ বাবে অধিক ক্ষতিকাৰক।
উচ্চতম ন্যায়ালয়ে আঙুলিয়াই দিয়ে যে যিসকলে প্ৰৱেশ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছে, আৰু আমি তেওঁলোকৰ শ্ৰম পাহৰিব নোৱাৰো।
বিচাৰপীঠে কেন্দ্ৰ আৰু এনটিএক কয় যে NEET-UGৰ বিৰুদ্ধে দাখিল কৰা আবেদনসমূহক “বিৰোধী মামলা” বুলি ভবাৰ পৰিৱৰ্তে ভুলসমূহ শুধৰাই দিব লাগে।
উচ্চতম ন্যায়ালয়ে আৰু কয় যে পৰীক্ষাকাৰী সংস্থা NTAৰ পৰা “সময়ত ব্যৱস্থা গ্ৰহণ”ৰ আশা কৰিছে।বিষয়টোৰ পৰৱৰ্তী শুনানিৰ দিন ৮ জুলাইত ধাৰ্য কৰা হৈছে।