ইথানল মিশ্ৰিত পেট্ৰ’লক লৈ অসন্তুষ্ট ৫৩ শতাংশ এনডিএ ভোটাৰ! কোন পথে আগবঢ়িব মোডী চৰকাৰ?
ইথানল মিশ্ৰিত পেট্ৰ’ল বা ই-২০ লৈ অসন্তুষ্ট স্বয়ং এন ডি এৰ ভোটাৰেই। এন ডি এৰ ৫০ শতাংশতকৈ অধিক ভোটাৰে এই ইন্ধন ব্যৱহাৰ কৰিব নিবিচাৰে। তেওঁলোকৰ বেছিভাগেই আশংকা কৰে যে ইথানল মিহলি পেট্ৰ’ল ব্যৱহাৰ কৰিলে তেওঁলোকৰ গাড়ীৰ মাইলেজ হ্ৰাস পাব পাৰে। শেহতীয়াকৈ চি ভোটাৰৰ এক সমীক্ষাত এই কথা প্ৰকাশ পাইছে। একাংশ বিশেষজ্ঞৰ মতে এই সমীক্ষাই নৰেন্দ্ৰ মোডী চৰকাৰক শলঠেকত পেলাব পাৰে।
সমীক্ষাটোত দেখা গৈছে যে এন ডি এৰ ৫২.৫ শতাংশ ভোটাৰে গাড়ীত ই-২০ পেট্ৰ’ল ব্যৱহাৰ কৰিবলৈ আগ্ৰহী নহয়। আনহাতে, মাত্ৰ ১৮.১ শতাংশইহে ইয়াক ব্যৱহাৰ কৰিবলৈ আগ্ৰহী। বাকী ২৯.৫ শতাংশই কোনো সিদ্ধান্ত লোৱা নাই।
এইটোও জনা গৈছে যে সমীক্ষাত অংশগ্ৰহণ কৰা ৫২ শতাংশ লোকে পেট্ৰ’লৰ সৈতে ইথানল মিহলোৱা নীতিক সমৰ্থন নকৰে বুলি কয়। আনহাতে, ২২ শতাংশই সমৰ্থন কৰে। এন ডি এৰ ৪৮.২ শতাংশ ভোটাৰে এই নীতিৰ বিৰোধিতা কৰে আৰু ২৪.৪ শতাংশ ভোটাৰে ইয়াৰ সপক্ষে ভোটদান কৰে। ২৭.৪ শতাংশই কোনো সিদ্ধান্ত লোৱা নাই।
কিছুদিন পূৰ্বে কেন্দ্ৰীয় পথ আৰু পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে প্ৰত্যাহ্বান জনাইছিল। তেওঁ কৈছিল, “ইথানলৰ মিশ্ৰণৰ বাবে এখনো গাড়ীৰ ক্ষতি হোৱা দেখা পোৱা নাই।” এনে সময়তে এই সমীক্ষা পোহৰলৈ আহিছে।
প্ৰসংগক্ৰমে ইথানল হৈছে কুঁহিয়াৰ, মাকৈৰ দৰে বিভিন্ন কৃষিজাত সামগ্ৰীৰ পৰা তৈয়াৰী এক প্ৰকাৰৰ জৈৱ ইন্ধন। ইয়াক পেট্ৰ’লৰ লগত মিহলাই ব্যৱহাৰ কৰা হয়। ভৱিষ্যতে কেৱল ইথানলৰ ওপৰত ভৰসা কৰিয়েই গাড়ী চলোৱাৰো পৰিকল্পনা কৰিছে কেন্দ্ৰই। মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতে মোডী চৰকাৰে ইথানলৰ গুৰুত্ব ক্ৰমান্বয়ে উপলব্ধি কৰিছে।
সমস্যাটো হ’ল এই ইথানলক লৈ বহু অভিযোগ উঠিছে। গ্ৰাহকৰ এটা অংশই অভিযোগ কৰে যে ইথানলৰ অতিৰিক্ত ব্যৱহাৰে গাড়ীৰ ইঞ্জিনৰ ক্ষতিসাধন কৰিছে। মাইলেজ কমি আহিছে। গাড়ী নিৰ্মাতাসকলেও স্বীকাৰ কৰিছে যে ইথানলে সামান্য হ’লেও মাইলেজ হ্ৰাস কৰিছে।
যদিও ই-২০ পেট্ৰ’লে কিছুমান বাহনৰ মাইলেজ ৩-৫ শতাংশ হ্ৰাস কৰিব পাৰে বুলি কেন্দ্ৰই মানি লৈছে, তথাপিও পেট্ৰলিয়াম মন্ত্ৰালয়ে এক বিবৃতিত কয় যে ই-২০ ইন্ধনৰ মূল্য সদায় নিয়মীয়া পেট্ৰ’লৰ তুলনাত কম হ’ব বুলি নিশ্চিতভাৱে ক’ব নোৱাৰি। কাৰণ ইথানল মিহলি কৰা পেট্ৰ’লৰ মূল্য কেৱল আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্যৰ ওপৰত নিৰ্ভৰ নকৰে। বজাৰত ইথানলৰ মূল্যৰ ওপৰতো নিৰ্ভৰ কৰিব। কৃষকৰ বাবে লাভজনক মূল্যত ইথানল ক্ৰয় কৰা হয়। ফলত খাৰুৱা তেলৰ দাম কম হ’লেও ইথানলৰ দাম নকমিলে পেট্ৰ’লৰ দাম নকমে।