NORTHEAST NOW (Assamese)

নিজাববীয়াকৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ স্বাধীনতা সকলো দলৰে আছে : বিপ্লৱ কুমাৰ দেৱ

March 18, 2019 6:35 pm · পান্না ঘোষ
ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱৰ ফাইল ফটো

ত্ৰিপুৰাৰ বিজেপি নেতৃত্বাধীন চৰকাৰৰ অংশীদাৰী দল আই পি এফ টিয়ে লোকসভা নিৰ্বাচনত নিজাববীয়াকৈ প্ৰাৰ্থী ঠিয় কৰোৱাৰ প্ৰসংগত প্ৰথমবাৰৰ বাবে সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰিছে ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে। তেওঁ কয়, ‘নিৰ্বাচনত নিজাববীয়াকৈ প্ৰাৰ্থী ঠিয় কৰোৱাৰ বাবে প্ৰতিটো দলৰে স্বাধীনতা আছে’।

ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে ১৭ মাৰ্চ অৰ্থাৎ দেওবাৰে ধৰ্মনগৰ বিবেকানন্দ চাৰ্ড’ শতবাৰ্ষিকী ভৱনত অনুষ্ঠিত বিজেপিৰ এখন সাংগঠনিক সভাৰ শুভ উদ্বোধন কৰি এইদৰে মন্তব্য কৰে। উদ্বোধনী অনুষ্ঠানত মুখ্য মন্ত্ৰীগৰাকীৰ লগত ত্ৰিপুৰা বিধানসভাৰ উপাধ্যক্ষ বিশ্ববন্ধু সেনো উপস্থিত আছিল।

উক্ত সভাতে বিজেপিৰ মিত্ৰজোঁটৰ দল ইণ্ডিজিনিয়াছ পিপল’ছ ফ্ৰণ্ট অব ত্ৰিপুৰা চমুকৈ আই পি এফ টিয়ে কিয় নিজাববীয়াকৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰিলে বুলি সোধাত মুখ্য মন্ত্ৰীগৰাকীয়ে কয়, ‘মই অলপ বাহিৰত আছিলো। সমগ্ৰ বিষয়টো সংবাদ মাধ্যমৰ জৰিয়তহে মই জানিবলৈ পাও। সেয়া যি কি নহওক সকলো দলৰে নিজাববীয়াকৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ স্বাধীনতা আছে। আৰু আমিও অতি শীঘ্ৰে প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিম’।

উল্লখ্য যে বিজেপিৰ সাংগঠনিক সভাখনত বুথ সমূহৰ সভাপতি, বুথ পৰ্যায়ৰ বিয়য়া, পুলিং এজেণ্টৰ লগতে ধৰ্মনগৰ, কদমতলা, কুৰ্তি, বাগপাছা, পানীসাগৰ, যুৱৰাজনগৰ আৰু কাঞ্চনপুৰ মণ্ডলৰ বিজেপিৰ সদস্যসকল উপস্থিত আছিল।

Related News