• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিশুৰ নিমুনীয়া হ’লে পিতৃ মাতৃয়ে ধৰিব পৰা লক্ষণবোৰ

ডা: জ্ঞানেন্দ্ৰ শৰ্মা by ডা: জ্ঞানেন্দ্ৰ শৰ্মা
June 4, 2023 3:51 pm
48
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিশুৰ জ্বৰ উঠিলে পিতৃ মাতৃয়ে কি কাৰণে জ্বৰ উঠিলে সেই কথালৈ সাধাৰণতে বৰ চিন্তিত হোৱা দেখা যায়। নিমুনীয়া হৈছে নেকি বুলি ভয় খাই ডাক্তৰৰ ওচৰলৈ আহে।

জ্বৰ উঠাতো ৰোগ নহয়। ৰোগৰ এটা লক্ষণহে। অৱশ্যে ই ৰোগ বিশ্লেষণৰ কাৰণে এটা সহায়ক লক্ষণ। আৰু নিমুনীয়া ৰোগৰ এটা আৰম্ভণিৰ লক্ষণ। কিন্তু সেইবুলি সকলো ধৰণৰ জ্বৰত নিমুনীয়া হৈছে বুলি ভাবি চিন্তিত হ’ব নেলাগে। নিমুনীয়া হ’লে জ্বৰৰ লগত কিছুমান আনুসঙ্গিক লক্ষণ থাকে।

শিশুৰ নিমুনীয়া ৰোগ ভাইৰাছ আৰু বেক্টেৰিয়া দুয়োবিধ বীজাণুৰ দ্বাৰা আক্ৰান্ত হৈ হ’ব পাৰে। বেক্টেৰিয়াৰ দ্বাৰা হোৱা নিমুনীয়া বেচি ভয়াবহ হয়। ইয়াৰ তৎকালে চিনাক্তকৰণ আৰু চিকিৎসাৰ প্ৰয়োজন । কাৰণ ইয়াৰ ফলত মৃত্যুৰ হাৰ বেছি। আমাৰ দেশত বেছিকৈ বেক্টেৰিয়াৰ দ্বাৰা আক্ৰান্ত হৈ নিমুনীয়া হোৱা দেখা যায়। বিশেষ পৰিস্থিতি সাপেক্ষে ফাংগাচ বীজাণুৰ দ্বাৰা আক্ৰান্ত হৈ নিমুনীয়া হ’ব পাৰে। কিন্তু তিনিও বিধ নিমুনীয়াৰ লক্ষণ একে।

Apply Now
প্ৰতিনিধিত্বমূলক ফটো।

উল্লেখযোগ্য যে এটা শিশুৰ জ্বৰ উঠিলে, জ্বৰৰ মাত্ৰাৰ বিষয়ে চিন্তা কৰাতকৈ, জ্বৰৰ উপৰি আৰু কিবা লক্ষণ আছে নেকি মন কৰাতো বেছি প্ৰয়োজনীয়। এটা শিশু যদি ১০৩-১০৪ ডিগ্ৰি ফাৰেণহাইট জ্বৰ থকা সত্তেও সজাগ আৰু সক্ৰিয় হৈ থাকে বা জ্বৰ কমোৱা ঔষধৰ দ্বাৰা জ্বৰ কমাৰ পিছত যদি স্বাভাৱিক হৈ পৰে তেনে শিশুৰ  ক্ষেত্ৰত বিশেষ চিন্তাৰ প্ৰয়োজন নাই। আনহাতে, যদি শিশুটোৰ জ্বৰ সামান্য বা মধ্যমীয়া হয় কিন্তু আন লক্ষণ থাকে বা ঔষধ খাই জ্বৰ কমাৰ পিছতো স্বাভাবিক নহয়, তেতিয়া হ’লে ই কিছু চিন্তাৰ বিষয়। এনে শিশুৰ জ্বৰৰ কাৰণ বিশ্লেষণৰ প্ৰয়োজন। গতিকে এটা কথা মনত ৰখা উচিত যে কেতিয়াবা ৰোগ বৰ টান হ’লেও জ্বৰৰ মাত্ৰা কম হ’ব পাৰে। আনহাতে সাধাৰণ পানীলগা জ্বৰ কাহ হ’লেও জ্বৰ তীব্ৰ হ’ব পাৰে।

প্ৰতিনিধিত্বমূলক ফটো।

জ্বৰ বেছি মাত্ৰাৰ হ’লে বা বেছিদিন হ’লে পিতৃ মাতৃয়ে নিমুনীয়া হৈছে বুলি অনাহকত চিন্তা কৰিলে শিশুৰ উপকাৰতকৈ অপকাৰ কৰাহে হ’ব। এনে পৰিস্থিতত পিতৃ মাতৃয়ে এন্টিবায়টিক লেখি দিবলৈ ডাক্তৰক হেচা প্ৰয়োগ কৰা দেখা যায়। আৰু এজন ডাক্তৰে নিদিলে ডাক্তৰ সলাই বা ফাৰ্মাচীৰ সহায়কক সুধি এন্টিবায়টিক খুৱায। এনেদৰে অদৰকাৰত আৰু ডাক্তৰৰ পৰামৰ্শমতে সঠিক পৰিমানত এন্টিবায়টিক নুখুৱাৰ ফলত বহুত এন্টিবায়টিকে দৰকাৰৰ সময়ত কাম নকৰা হৈছে। সেই কাৰণে এন্টিবায়টিক সদায় ডাক্তৰৰ পৰামৰ্শ লৈ, সঠিক পৰিমানত আৰু উচিত দিনৰ কাৰণে খুৱাব লাগে।

প্ৰতিনিধিত্বমূলক ফটো।

নিমুনীয়াৰ মাত্ৰা আৰু লক্ষণবোৰ

নিমুনীয়া বিভিন্ন মাত্ৰাত হ’ব পাৰে। যেনে সামান্য মাত্ৰা, মধ্যমীয়া মাত্ৰা আৰু বেছি মাত্ৰাৰ। প্ৰত্যেক মাত্ৰা চিনাক্তকৰণৰ কাৰণে বেলেগ বেলেগ লক্ষণ আছে। বিশ্ব স্বাস্থ্য সন্থায়ো চিকিৎসক আৰু স্বাস্থ্য কৰ্মীৰ কাৰণে এই লক্ষণবোৰৰ এখন সহজ তালিকা প্ৰস্তুত কৰিছে। আৰু স্বাস্থ্য সেৱাৰ সকলো স্তৰতে সহজে নিমুনীয়া চিনাক্ত কৰিবৰ কাৰণে সমগ্ৰ পৃথিবীত এই তালিকা ব্যৱহৃত হৈ আছে। এই তালিকাত থকা লক্ষণবোৰ জানিলে সকলো পিতৃ মাতৃয়ে সহজে অনুমান কৰিব পাৰিব তেওঁলোকৰ শিশু নিমুনীয়া ৰোগত আক্ৰান্ত হৈছে নে নাই। এইটো বৰ দৰকাৰী কথা। নিমুনীয়া আৰম্ভণিতে চিনাক্ত কৰি চিকিৎসা কৰাটো প্ৰয়োজন। কাৰণ ই আজিও সমগ্ৰ পৃথিবীত শিশুৰ মৃত্যুৰ এটা প্ৰধান কাৰণ হিচাবে পৰিগণিত হৈ আছে।।

প্ৰতিনিধিত্বমূলক ফটো।

নিমুনীয়াৰ মাত্ৰা অনুযায়ী বিশেষ লক্ষণবোৰ

৫ বছৰ বয়সৰ তলৰ শিশু নিমুনীয়াত বেছিকৈ আক্ৰান্ত হোৱা দেখা যায়। আৰু এই বয়সৰ শিশুৰ ক্ষেত্ৰত নিমুনীয়া হ’লে মৃত্যুৰ হাৰ অধিক।

১)সামান্য মাত্ৰাৰ নিমুনীয়া

এটা জ্বৰ হৈ থকা ৫ বছৰ বয়সৰ তলৰ শিশুৱে যদি বয়স অনুযায়ী হোৱাতকৈ খৰকৈ উশাহ লয় তেতিয়া সামান্য মাত্ৰাৰ নিমুনীয়া হ’ব পাৰে বুলি ভাবিব পাৰি। খৰকৈ উশাহ লৈছে বুলি ক’ব পাৰি ১ মিনিটত কেইবাৰ উশাহ লৈছে সেইটো গন্তি কৰি। বয়স অনুযায়ী ইয়াৰ হিচাব ভিন্ন হয়।

যদি ২ মাহ বয়সৰ তলৰ শিশুৱে ১ মিনিটত ৬০ বা ততোধিক বাৰ উশাহ লয়, ২মাহৰ পৰা ১ বছৰ বয়সলৈ ১ মিনিটত ৫০ বা ততোধিক বাৰ উশাহ লয় আৰু ১ বছৰৰ পৰা ৫ বছৰৰ বয়সৰ শিশুৱে ১ মিনিটত ৪০ বা ততোধিক বাৰ উশাহ লয় তেনে শিশুৰ নিমুনীয়া হোৱা বুলি ভাবিব পাৰি।

প্ৰতিনিধিত্বমূলক ফটো।

এইখিনিতে মনত ৰাখিবলগীয়া কথা যে শিশুৰ নাক বন্ধ থাকিলেও উশাহ খৰকৈ ল’ব পাৰে। সেই কাৰণে গন্তি কৰাৰ আগতে নাক বন্ধ আছে নেকি চাব লাগে।

২)মধ্যমীয়া মাত্ৰাৰ নিমুনীয়া

এটা জৰীয়া শিশুৰ উশাহ লোৱাত কষ্ট পায় আৰু যদি উশাহ লওঁতে বুকুৰ তলখিনি সোমাই যায় তেতিয়া মধ্যমীয়া মাত্ৰাৰ নিমুনীয়া হোৱা বুলি ভাবিব লাগিব।

৩)বেছি মাত্ৰাৰ নিমুনীয়া

শিশুৰ বেছি মাত্ৰাৰ নিমুনীয়া হ’লে শিশুটোৰ জ্বৰ কম হ’লেও লেবেজান হ’ব, ৬ মাহৰ কম বয়সৰ শিশুৱে দিনটোত মাকৰ গাখীৰ আন দিনৰ তুলনাত আধাতকৈ কম খাব আৰু ৬ মাহ বয়সৰ ওপৰৰ শিশুৱে গোটা আহাৰ খোৱা বন্ধ কৰিব আৰু লগতে পনীয়া আহাৰও নেখাব।

প্ৰতিনিধিত্বমূলক ফটো।

নিমুনীয়া হোৱা যিকোনো এটা লক্ষণ দেখিলে শীঘ্ৰে ডাক্তৰৰ পৰামৰ্শ লৈ চিকিৎসাৰ ব্যৱস্থা কৰিব লাগিব।

আমাৰ দেশত বেছি ভাগ শিশু বেক্টেৰীয়াৰ দ্বাৰা আক্ৰান্ত হৈ নিমুনীয়াত ভোগে। আৰু এই নিমুনীয়াৰ চিকিৎসাৰ কাৰণে সঠিক পৰিমানত আৰু উপযুক্ত দিনৰ কাৰনে এন্টিবায়টিকৰ প্ৰয়োগ প্ৰয়োজন। কিন্তু নিমুনীয়া বুলি সঠিক ভাবে নিৰূপন কৰাৰ পিছতহে। এনেয়ে আন্তাজতে নিমুনীয়া বুলি ভাবি শিশুক এন্টিবায়টিক খুৱাব নেলাগে। কাৰণ সকলো এন্টিবায়টিকৰ পাৰ্শ্বক্ৰিয়া থাকে আৰু অদৰকাৰত প্ৰয়োগ কৰিলে শিশুক উপকাৰতকৈ অপকাৰ কৰা হ’ব।

প্ৰতিনিধিত্বমূলক ফটো।

শিশুৰ নিমুনীয়া সামান্য ভাবে আৰম্ভ হৈ অতিমাত্ৰা হ’বগৈ পাৰে। সেয়েহে সামান্য মাত্ৰাত চিনাক্ত কৰিব পাৰিলে শিশুৰ বাবে মঙ্গল। কাৰণ সামান্য মাত্ৰাৰ হ’লে ডাক্তৰৰ পৰামৰ্শ লৈ এন্টিবায়টিক খুৱাই ঘৰতে ৰাখি চিকিৎসা সম্ভৱ। মধ্যমীয়া আৰু অতিমাত্ৰা নিমুনীয়াৰ কাৰণে হস্পিটেলত ভৰ্তি কৰি চিকিৎসাৰ প্ৰয়োজন।

গতিকে জ্বৰ হ’লেই নিমুনীয়া হৈছে নেকি বুলি ভয় নেখাই পিতৃ মাতৃয়ে নিমুনীয়াৰ লক্ষণ সমুহ লক্ষ্য কৰিব লাগে আৰু সামান্য মাত্ৰাৰ নিমুনীয়াৰ লক্ষণ দেখিলে শীঘ্ৰে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।

ডা: জ্ঞানেন্দ্ৰ শৰ্মা

ডা: জ্ঞানেন্দ্ৰ শৰ্মা

Stay Connected

  • 117k Fans

Recent News

কোনো লক্ষণ নাই, কিন্তু ভিতৰি ভিতৰি নষ্ট হৈছে যকৃত! ভয়ংকৰ হাৰত বাঢ়িছে ফেটি লিভাৰ

কোনো লক্ষণ নাই, কিন্তু ভিতৰি ভিতৰি নষ্ট হৈছে যকৃত! ভয়ংকৰ হাৰত বাঢ়িছে ফেটি লিভাৰ

August 29, 2026 7:00 am
গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

August 28, 2026 9:21 pm
Directorate of Health Services, Assam

কিদৰে ঔষধ-প্ৰতিৰোধী যক্ষ্মাৰ সৈতে যুঁজিব গুৱাহাটীয়ে? দেশৰ যক্ষ্মা নিৰ্ণয়ৰ সম্পূৰ্ণ সঁজুলি নথকা জিলাৰ তালিকাত কামৰূপ(মহানগৰ)ৰ নাম!

August 28, 2026 9:19 pm
বানত উটি অহা মৃত মহিলাৰ শৰীৰৰ পৰা গহণা চুৰি : নেপালত ভাইৰেল মানৱ সমাজক লজ্জানত কৰা ভিডিঅ’

বানত উটি অহা মৃত মহিলাৰ শৰীৰৰ পৰা গহণা চুৰি : নেপালত ভাইৰেল মানৱ সমাজক লজ্জানত কৰা ভিডিঅ’

August 28, 2026 8:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কোনো লক্ষণ নাই, কিন্তু ভিতৰি ভিতৰি নষ্ট হৈছে যকৃত! ভয়ংকৰ হাৰত বাঢ়িছে ফেটি লিভাৰ

কোনো লক্ষণ নাই, কিন্তু ভিতৰি ভিতৰি নষ্ট হৈছে যকৃত! ভয়ংকৰ হাৰত বাঢ়িছে ফেটি লিভাৰ

August 29, 2026 7:00 am
গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

August 28, 2026 9:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd