• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ই ভি এমত বিসংগতি থকাৰ গুৰুতৰ অভিযোগ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান হৰেকৃষ্ণ ডেকাৰ

মই অকৰা মানুহ নহয়, মই এজন দায়িত্বশীল ভোটাৰ : ডেকা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 23, 2019 1:37 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ই ভি এম প্ৰক্ৰিয়াত বিসংগতি থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালক প্ৰধান হৰেকৃষ্ণ ডেকাই। মহানগৰীৰ ১৫৫ নং  লাচিত নগৰ প্ৰাথমিক বিদ্যালয়ত ভোটাধিকাৰ সাব্যস্ত কৰি অহাৰ পাছতেই সংবাদমাধ্যমৰ জৰিয়তে এই অভিযোগ উত্থাপন কৰে ডেকাই।

‘মই কেন্দ্ৰটোত প্ৰথম ভোট দিছো, চাই-মেলি বুটাম টিপিছো, কিন্তু ভি ভি পেট মেচিনত নামটো বেলেগ ওলাইছে। মই অকৰা মানুহ নহয়, মই এজন দায়িত্বশীল ভোটাৰ’। এনেদৰে উষ্মাৰে মন্তব্য কৰে ডেকাই।

Apply Now

আনহাতে, ভোটাধিকাৰ সাব্যস্ত কৰাৰ পাছত প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে নিৰ্বাচনী বিষয়াক ভোটতো নাকচ কৰাৰ বাবে অনুৰোধ কৰাৰ পাছত পুলিং বিষয়াই ভোট নাকচ কৰিব নোৱাৰে বুলি কোৱাৰ অভিযোগ আনে ডেকাই।

পোলিং বিষয়াগৰাকীয়ে তেওঁক দুই টকা জমা কৰি চেলেঞ্জ কৰিব পৰা ব্যৱস্থা সম্পৰ্কে কয় যদিও এই ক্ষেত্ৰত কৰা তদন্তত যদিহে তেওঁৰ অভিযোগ মিছা বুলি প্ৰমান হয় তেন্তে তেওঁৰ জৰিমনা আৰু কাৰাবাস পৰ্য্যন্ত হ’ব পাৰে বুলিও বিষয়াগৰাকীয়ে কোৱা বুলি উল্লেখ কৰে হৰেকৃষ্ণ ডেকাই।

নিৰ্বাচন আয়োগৰ ব্যৱস্থাৰ ওপৰত ক্ষোভ ব্যক্ত কৰি ডেকাই কয় যে ভোট দিবলৈ গৈ পইচাও দিব লাগিব, ই ভি এমে ভূলকৈ ৰেকৰ্ডিং কৰাৰ পাছত অভিযোগ কৰিলে আকৌ মোকে অপৰাধী সজাব।

ই ভি এমক লৈ বহুলোকে অভিযোগ কৰাৰ প্ৰসংগ উত্থাপন কৰি নিৰ্বাচনী আয়োগে নাগৰিকৰ সাংবিধানিক অধিকাৰত প্ৰতিবন্ধকতা আনিছে বুলিও মন্তব্য কৰে ডেকাই। বেলেগৰ নামত ভোট দিলে বেলেগৰ নামত পঞ্জীয়ন হোৱা ঘটনা কেতিয়াও মানি ল’ব নোৱাৰি বুলি তেওঁ কয়।

উল্লেখযোগ্য যে, নিৰ্বাচনী বিধি অনুসৰি কোনোলোকে অভিযোগ উত্থাপন কৰিলে টেণ্ডাৰ ভোট যোগে পুনৰ ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰে তেনেক্ষেত্ৰত প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে ন্যায় ব্যৱস্থাৰ ওচৰ নাচাপি একমাত্ৰ অভিযোগ উত্থাপনতে সীমাবদ্ধ থকা কথাটোৱে বিশেষ তাৎপৰ্য্য বহন কৰিছে।

Tags: নিৰ্বাচন ২০১৯
কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

August 15, 2026 10:04 pm
আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

August 15, 2026 9:15 pm
শ্ৰীকাকুলামৰ গান্ধী মন্দিৰ: য’ত আজিও সজীৱ হৈ আছে অহিংসা আৰু স্বাধীনতা সংগ্ৰামৰ স্মৃতি

শ্ৰীকাকুলামৰ গান্ধী মন্দিৰ: য’ত আজিও সজীৱ হৈ আছে অহিংসা আৰু স্বাধীনতা সংগ্ৰামৰ স্মৃতি

August 15, 2026 8:50 pm
চৰকাৰৰ সাহস-সদিচ্ছাৰ অভাৱত আজিও সম্পূৰ্ণকৈ ৰূপায়ণ নহ’ল অসম চুক্তি, সমাধান নহ’ল বিদেশী সমস্যাৰ

চৰকাৰৰ সাহস-সদিচ্ছাৰ অভাৱত আজিও সম্পূৰ্ণকৈ ৰূপায়ণ নহ’ল অসম চুক্তি, সমাধান নহ’ল বিদেশী সমস্যাৰ

August 15, 2026 7:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

August 15, 2026 10:04 pm
আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

August 15, 2026 9:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd