• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিয়ম উলংঘা! বিশেষ মুখ্য সচিব হিচাপে প্ৰাক্তন IFS বিষয়া এম কে যাদৱৰ ভূমিকাক লৈ সৃষ্টি হৈছে বিতৰ্ক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 18, 2026 12:33 pm
52
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা ৯ এপ্ৰিলত বিধানসভা নিৰ্বাচনৰ পূৰ্বে ১৫ মাৰ্চৰ পৰা আদৰ্শ আচৰণ বিধি বলবৎ হোৱাৰ পিছত অসমৰ বিশেষ মুখ্য সচিব (বন) হিচাপে ভাৰতীয় বন সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া এম কে যাদৱৰ ভূমিকা অক্ষুন্ন থকাত এক নতুন ৰাজনৈতিক আৰু আইনী বিতৰ্কৰ সূচনা কৰিছে।

অসম কংগ্ৰেছৰ নেতৃত্বত বিৰোধী দলসমূহে এই ব্যৱস্থাৰ বৈধতাক লৈ প্ৰশ্ন উত্থাপন কৰি এই নিযুক্তিক “ৰাজনৈতিক” আৰু “অবৈধ” বুলি অভিহিত কৰিছে। তেওঁলোকৰ মতে এজন অৱসৰপ্ৰাপ্ত সৰ্বভাৰতীয় সেৱাৰ বিষয়াক সম্পূৰ্ণ প্ৰশাসনিক আৰু বিত্তীয় ক্ষমতা থকা উচ্চ পদত পুনৰ নিয়োগ কৰাটো কেন্দ্ৰীয় চৰকাৰৰ নিয়ম উলংঘাৰ ঘটনা।

Apply Now

পূৰ্বে প্ৰধান মুখ্য বন সংৰক্ষক (পিচিচিএফ) আৰু বন বাহিনীৰ মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰা জ্যেষ্ঠ বন বিষয়া যাদৱে ২০২৪ চনৰ ২৯ ফেব্ৰুৱাৰীত অৱসৰ গ্ৰহণ কৰে। তাৰ পিছদিনা অৰ্থাৎ ২০২৪ চনৰ ১ মাৰ্চত অসম চৰকাৰে তেওঁক এবছৰৰ বাবে বিশেষ মুখ্য সচিব হিচাপে পুনৰ নিয়োগ কৰে।

পিছত অসম কেবিনেটে ২০২৫ চনৰ ২১–২২ ফেব্ৰুৱাৰীৰ বৈঠকত তেওঁৰ কাৰ্যকাল বৃদ্ধিৰ বাবে অনুমোদন জনায়, যাৰ ফলত তেওঁৰ কাৰ্যকাল ১ মাৰ্চ, ২০২৫-ৰ পৰা চলি থাকিল।

অৱশ্যে যোৱা কেইমাহমানৰ পৰা এই ব্যৱস্থাটোৱে অধিক দৃষ্টি আকৰ্ষণ কৰি আহিছে। তেওঁৰ কাৰ্যকালত বনভূমি ৰূপান্তৰ আৰু অন্যান্য অনিয়মৰ সৈতে জড়িত অভিযোগৰ কথাও সমালোচকসকলে আঙুলিয়াই দিছে। ২০২৫ চনৰ জুলাই মাহত কেন্দ্ৰীয় পৰিৱেশ, বন, আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে বন সংৰক্ষণ আইন উলংঘা কৰাৰ অভিযোগত যাদৱৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া বুলি জানিব পৰা গৈছে।

নিৰ্বাচন চমু চাপি অহাৰ লগে লগে এই বিতৰ্ক আৰু অধিক তীব্ৰতৰ হৈ পৰিছে।

সৰ্বভাৰতীয় সেৱা (Death-cum-Retirement Benefits) Rules, 1958, আৰু কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগে (DoPT) জাৰি কৰা নিৰ্দেশনা অনুসৰি, আই এফ এছকে ধৰি সৰ্বভাৰতীয় সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়াসকলক ৬৫ বছৰ বয়সলৈকে বা সৰ্বাধিক পাঁচ বছৰৰ বাবে “জনস্বাৰ্থত” পুনৰ নিযুক্তি দিব পাৰি।

এনে নিয়োগ সাধাৰণতে চুক্তিবদ্ধ হয়, পেঞ্চন কৰ্তনৰ পিছত দৰমহা নিৰ্ধাৰণ কৰা হয় আৰু কোনো উপযুক্ত সেৱা আগবঢ়োৱা বিষয়া উপলব্ধ নহয় বুলি ন্যায্যতা প্ৰদানৰ লগতে কেবিনেটৰ অনুমোদনৰ প্ৰয়োজন হয়।

বিশেষকৈ মুখ্য সচিব বা সমতুল্য পৰ্যায়ৰ কেডাৰ পদসমূহ ভাৰতীয় প্ৰশাসনিক সেৱা (কেডাৰ) নিয়ম, ১৯৫৪ৰ নিয়ম ৯ৰ দ্বাৰা নিয়ন্ত্ৰিত হয়।

ভাৰতীয় নিৰ্বাচন আয়োগলৈ লিখা এখন পত্ৰত সমাজকৰ্মী দিলীপ নাথে যুক্তি আগবঢ়ায় যে “নন কেডাৰ” হিচাপে গণ্য কৰা অৱসৰপ্ৰাপ্ত বিষয়াসকলে এআইএছ বিষয়াসকলক সেৱা আগবঢ়োৱাৰ বাবে নিৰ্ধাৰিত পদ দখল কৰা উচিত নহয়। তদুপৰি তেওঁক সম্পূৰ্ণ প্ৰশাসনিক আৰু বিত্তীয় ক্ষমতা দিব নোৱাৰি।

নাথে নিৰ্বাচনৰ সময়ছোৱাত নিযুক্তিৰ বৈধতা পৰীক্ষা কৰিবলৈ নিৰ্বাচন আয়োগক আহ্বান জনায়।

২০২৫ চনত অসম বিধানসভাৰ বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়াই উচ্চ ন্যায়ালয়ৰ নিৰীক্ষণত এই বিষয়ৰ তদন্তৰ দাবী জনাইছিল। তেওঁ দাবী কৰে যে এই সিদ্ধান্তই কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগৰ নীতি-নিয়মক উপেক্ষা কৰে আৰু সেৱাত থকা বিষয়াসকললৈ তেওঁৰ মতে “অশুভ সংকেত’’ প্ৰেৰণ কৰে।

ছ’চিয়েল মিডিয়াতো এই বিতৰ্ক বিয়পি পৰিছে। এক্সৰ এটা পোষ্টত কৰ্মী ৰোহিত চৌধুৰীয়ে প্ৰশ্ন উত্থাপন কৰে যে আদৰ্শ আচৰণ বিধিৰ সময়ত এজন অৱসৰপ্ৰাপ্ত বিষয়াই কেনেকৈ এটা গুৰুত্বপূৰ্ণ বিভাগৰ মুৰব্বী হৈ থাকিব পাৰে।

তেওঁ লিখিছে, “দুবছৰতকৈও অধিক পূৰ্বে অৱসৰ গ্ৰহণ কৰা কোনোবাই আদৰ্শ আচৰণ বিধি চলি থকাৰ সময়ত সম্পূৰ্ণ প্ৰশাসনিক আৰু বিত্তীয় ক্ষমতাৰে বিশেষ মুখ্য সচিব হিচাপে কেনেকৈ কাম কৰিব পাৰে? নিৰ্বাচন আয়োগে আদৰ্শ আচৰণ বিধি চলি থকাৰ সময়ত ৰাজনৈতিক আৰু চুক্তিবদ্ধ নিযুক্তিপ্ৰাপ্তসকলক চৰকাৰী বিভাগৰ মুৰব্বী হ’বলৈ অনুমতি দিয়েনে?”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এফ বি আইৰ ম’ষ্ট ৱাণ্টেড তালিকাত থকা ভাৰতীয় মূলৰ গেংষ্টাৰ নীতিশ কৌশলক আমেৰিকাত গ্ৰেপ্তাৰ

এফ বি আইৰ ম’ষ্ট ৱাণ্টেড তালিকাত থকা ভাৰতীয় মূলৰ গেংষ্টাৰ নীতিশ কৌশলক আমেৰিকাত গ্ৰেপ্তাৰ

July 17, 2026 10:01 am
আমেৰিকাত অবৈধভাৱে প্ৰৱেশৰ প্ৰৱণতা নিম্নগামী; ভাৰতীয় অনুপ্ৰৱেশ হ্ৰাস পাইছে ৬৯শতাংশ

আমেৰিকাত অবৈধভাৱে প্ৰৱেশৰ প্ৰৱণতা নিম্নগামী; ভাৰতীয় অনুপ্ৰৱেশ হ্ৰাস পাইছে ৬৯শতাংশ

July 17, 2026 9:15 am
NEET UG 2026-ৰ ফলাফল ঘোষণা! ৭১৫ নম্বৰেৰে শীৰ্ষত দুই শিক্ষাৰ্থী, সফল মুঠ ১১.২১ লাখ পৰিক্ষাৰ্থী

NEET UG 2026-ৰ ফলাফল ঘোষণা! ৭১৫ নম্বৰেৰে শীৰ্ষত দুই শিক্ষাৰ্থী, সফল মুঠ ১১.২১ লাখ পৰিক্ষাৰ্থী

July 17, 2026 7:59 am
৭-৮ ঘণ্টা শুই উঠাৰ পিছতো চকুৰ তলত কলা দাগ পৰিছে নেকি? জানি লওক কেতিয়া ডাক্তৰৰ কাষ চপা উচিত

৭-৮ ঘণ্টা শুই উঠাৰ পিছতো চকুৰ তলত কলা দাগ পৰিছে নেকি? জানি লওক কেতিয়া ডাক্তৰৰ কাষ চপা উচিত

July 17, 2026 6:50 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এফ বি আইৰ ম’ষ্ট ৱাণ্টেড তালিকাত থকা ভাৰতীয় মূলৰ গেংষ্টাৰ নীতিশ কৌশলক আমেৰিকাত গ্ৰেপ্তাৰ

এফ বি আইৰ ম’ষ্ট ৱাণ্টেড তালিকাত থকা ভাৰতীয় মূলৰ গেংষ্টাৰ নীতিশ কৌশলক আমেৰিকাত গ্ৰেপ্তাৰ

July 17, 2026 10:01 am
আমেৰিকাত অবৈধভাৱে প্ৰৱেশৰ প্ৰৱণতা নিম্নগামী; ভাৰতীয় অনুপ্ৰৱেশ হ্ৰাস পাইছে ৬৯শতাংশ

আমেৰিকাত অবৈধভাৱে প্ৰৱেশৰ প্ৰৱণতা নিম্নগামী; ভাৰতীয় অনুপ্ৰৱেশ হ্ৰাস পাইছে ৬৯শতাংশ

July 17, 2026 9:15 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd