মঙলবাৰে মৰিগাঁৱৰ প্ৰাক্তন কংগ্ৰেছ বিধাযয়িকা জোনজোনালী বৰুৱাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ কৰে।
সূত্ৰ অনুসৰি জোনজোনালী বৰুৱা দীৰ্ঘদিন ধৰি এক গুৰুতৰ অসুখত ভুগি দিল্লীৰ ছাৰ গংগাৰাম চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল।
দিল্লীৰ পৰা পিছত বৰুৱাক গুৱাহাটী চিকিৎসা মিহাবিদ্যালয়লৈ স্থানান্তৰিত কৰা হয়। তাতেই মঙলবাৰে পুৱা প্ৰায় ৬ বজাত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন বিধায়িকাগৰাকীয়ে।
উল্লেখযোগ্য যে মৰিগাঁও সমষ্টিৰ পৰা একেৰাহে তিনিবাৰকৈ কংগ্ৰেছৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল জোনজোনালী বৰুৱা। বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ উপৰিও জোনজোনালী বৰুৱা আছিল মৰিগাঁও জিলা কংগ্ৰেছৰ প্ৰাক্তন সভাপতি। লগতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰাক্তন উপ সভাপতি, মৰিগাঁও জিলা ক্ৰীড়া সন্থাৰ প্ৰাক্তন সভাপতি আদিৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্বতো আছিল বিধায়িকাগৰাকী।
প্ৰবীণ ৰাজনীতিক গৰাকীৰ মৃত্যুত মৰিগাঁও জিলা কংগ্ৰেছ ইউনিটে শোক প্ৰকাশ কৰিছে। এ পি চি চিৰ মুৰব্বী ভূপেন বৰাইও জোনজোনালি বৰুৱাৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।