মানৱ অধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়ালৈ ‘এক্সচেলেন্ট হিউমেনিটি এণ্ড পীছ এৱাৰ্ড ২০২০’

index.jpg1

শান্তি আৰু মানৱতাৰ হকে আগবঢ়াই অহা উৎকৃষ্ট সেৱাৰ বাবে মানৱ অধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াক Excellent Humanity & Peace Award 2020 প্ৰদান কৰা হৈছে।

বিশ্ব প্ৰসিদ্ধ আফ্ৰিকাৰ সংগ্ৰামী সত্তা শান্তি আৰু মানৱতাৰ প্ৰতীক তথা আফ্ৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি নেলশ্যন মেণ্ডেলাৰ জন্ম দিনৰ উপলক্ষে যোৱা ১৮ জুলাইৰ দিনা আন কেইবাৰৰ দৰে এই বছৰো বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অতি কম সংখ্যক লোকক শান্তি আৰু মানৱতাৰ ওপৰত আগবঢ়াই অহা সেৱাৰ বাবে U P World Book Of Records ৰ তৰফৰ পৰা Excellent Humanity & Peace Award 2020 প্ৰদান কৰা হয়।

শান্তি আৰু মানৱতাৰ হকে দুটা দশক জুৰি সেৱা আগবঢ়াই অহা অসমৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াক এই বঁটা প্ৰদান কৰা হয়।

ডঃ দিব্যজ্যোতি শইকীয়াই ৰাষ্ট্ৰীয় পৰ্যায়ত অন্ধবিশ্বাস, ডাইনী কাণ্ড, মবলিঞ্চিং, সম্প্ৰদায়িকতা আদিৰ বিৰুদ্ধে কাম কৰি অহাৰ লগতে শান্তি সম্প্ৰীতি আৰু মানৱতাৰ ওপৰত কাম কৰি আহিছে।

ইয়াৰোপৰি, ডঃ শইকীয়াৰ কঠোৰ সংগ্রামৰ বাবেই অসমত ডাইনী প্ৰতিৰোধী আইন প্ৰণয়ন হ’বলৈ সক্ষম হৈছিল।

শান্তি-মানৱতা আৰু মানৱ অধিকাৰ হকে আগবঢ়াই অহা সেৱাৰ বাবে ইতিমধ্যে বহুকেইটা ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত হৈছে ডঃ শইকীয়া।

ইয়াৰ ভিতৰত বাবু জগজীৱন ৰাম ৰাষ্ট্ৰীয় বঁটা, ডঃ এ পি জে আব্দুল কালাম ৰাষ্ট্ৰীয় বঁটা, ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় বঁটা, গাৰ্গে বাবা ৰাষ্ট্ৰীয় বঁটা,ইণ্ডিয়া ষ্টাৰ ৰিপাব্লিক এৱৰ্ড, ডঃ ভূপেন হাজৰিকা শান্তি বঁটাকে আদি কৰি প্ৰায় ৪৪ তা ৰাজ্যিক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সন্মান লাভ কৰিবলৈ সক্ষম হৈছে।

আনহাতে এইবাৰ উক্ত বঁটা ডঃ দিব্যজ্যোতি শইকীয়াৰ উপৰি জাৰ্মান, ফিলিপাইনচ, চিৰিয়া, চুইজাৰলেণ্ড, নেপাল, ইজিপ্ট আদি কেইবাখনো ৰাষ্ট্ৰঃৰ শান্তিৰ হকে কাম কৰি অহা সামাজিক কৰ্মীক প্ৰদান কৰিছে।