• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চৰাইদেউ আৰু গোলাঘাটত আবকাৰী বিভাগৰ অভিযান, বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা জব্দ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 6, 2020 7:44 am
index
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অবৈধ অৰুণাচলী সুৰাৰ বিৰুদ্ধে কঠোৰ অভিযান অব্যাহত ৰাখিছে আবকাৰী বিভাগে। বৃহস্পতিবাৰে চৰাইদেউ জিলাত অভিযান চলাই এক্সাইজ ইনটেলিজেন্স ব্যুৰ’ৰ সহযোগত স্থানীয় আবকাৰী বিভাগে ৯০০ কেচৰো অধিক পৰিমাণৰ অৰুণাচলী সুৰা জব্দ কৰিবলৈ সমৰ্থ হয়।

শিৱসাগৰৰ আবকাৰী অধীক্ষকৰ নিৰ্দেশমৰ্মে  শিৱসাগৰ সদৰৰ লগতে চৰাইদেউ জিলাৰ চৰাইদেউ আৰু সাপেখাতীত চলোৱা অভিযানকালত অৰুণাচলত প্ৰস্তুত কৰা ৯০০ কেচৰো অধিক পৰিমাণৰ মেকডুৱেল চেলিব্ৰেশ্যন ৰাম কঢ়িয়াই নি থকা অৱস্থাত AS01 LC 8788 নম্বৰৰ এখন ট্ৰাক জব্দ কৰে।

Apply Now

চৰাইদেউ জিলাৰ চেপন তিনিআলিৰ নাতিদূৰৈত ট্ৰাকখন জব্দ কৰাৰ লগতে চালকজনকো কৰায়ত্ত কৰিবলৈ সমৰ্থ হয় অভিযানকাৰী দলটো। ধৃত চালকজনক সোণাৰিৰ সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱা হ’ব বুলি জানিব পৰা গৈছে।

আনহাতে, গোলাঘাট জিলাৰ আবকাৰী বিভাগে এক্সাইজ ইনটেলিজেন্স ব্যুৰ’ৰ সহযোগত সাৰ পৰিবহনকাৰী বাহনত লুকুৱাই নিয়া ২৬০ কাৰ্টন অফিচাৰ্চ চইচ ব্লু নামৰ অৰুনাচলত নিৰ্মিত বিলাতী সুৰা জব্দ কৰে।

জব্দ কৰা সুৰা পৰিবাহী বাহনৰ বিৰুদ্ধে অসম আবকাৰী আইন অনুসৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আবকাৰী আয়ুক্তই নিৰ্দেশ দিছে।

উল্লেখ্য যে, অক্টোবৰ মাহত আবকাৰী বিভাগে সংগ্ৰহ কৰা ৰাজহৰ পৰিমাণ হৈছে প্ৰায় ২১৫ কোটি টকা। এয়া বৰ্তমানলৈ সৰ্বাধিক বুলি জনাইছে আবকাৰী বিভাগৰ এটি সূত্ৰই।

চৰকাৰী তথ্য অনুযায়ী বিগত বৰ্ষত অক্টোবৰ মাহত আবকাৰী বিভাগে সংগ্ৰহ কৰা ৰাজহৰ পৰিমাণ আছিল মাত্ৰ ১২৩ কোটি টকা। একেদৰে বিগত বিত্তীয় বৰ্ষৰ মুঠ ৰাজহ ৯২৪ কোটি টকাৰ বিপৰীতে এইবাৰ অক্টোবৰ মাহলৈকে বিভাগটোৱে সংগ্ৰহ কৰা ৰাজহৰ পৰিমাণ হৈছে ৯৭০ কোটি টকা।

তাৎপৰ্যপূৰ্ণ কথা এয়ে যে, ২০১৬ চনত পৰিমল শুক্লবৈদ্যই বিভাগটোৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছৰে পৰা বিভাগটোৰ আমূল সংস্কাৰ সাধান হোৱাৰ লগতে ৰাজহ সংগ্ৰহৰ পৰিমাণো পূৰ্বতকৈ কেবাগুণে বৃদ্ধি পাইছে।

এই সময়ছোৱাত বিভাগটোত দীৰ্ঘদিন ধৰি চলি অহা কমিছনৰাজ বন্ধ হোৱাৰ লগতে অবৈধ সুৰাৰ বিৰুদ্ধেও অভিযান তীব্ৰতকৈও তীব্ৰতৰ হোৱা পৰিলক্ষিত হৈছে।

উদাহৰণ হিচাপে যোৱা দুৰ্গা পূজাৰ সময়ত গুৱাহাটী মহানগৰী আৰু ইয়াৰ সমীপৱৰ্তী অঞ্চলত চলি থকা কেবাটাও অবৈধ সুৰা প্ৰস্তুতকৰা ফেক্টৰী আৰু গুদামত অভিযান চলাই সেয়া বন্ধ কৰিবলৈ সমৰ্থ হৈছে আবকাৰী বিভাগ।

বিভাগটোৰ এনে কাৰ্যক লৈ সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে কোনো কাৰণতে যাতে দুৰ্নীতি আৰু অবৈধ কাৰ্য-কলাপক প্ৰশ্ৰয় দিয়া নহয় তাৰ বাবেও বিষয়া-কৰ্মচাৰীসকলক সকীয়াই দিছে মন্ত্ৰী শুক্লবৈদ্যই।

বিশেষকৈ দিপাৱলীৰ সময়ত ৰাজ্যখনৰ ক’তো যাতে অবৈধ সুৰাৰ সৰবৰাহ আৰু ক্ৰয়-বিক্ৰয় চলিব নোৱাৰে সেয়াও নিশ্চিত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে মন্ত্ৰীগৰাকীয়ে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

July 30, 2026 8:52 am
বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

July 30, 2026 7:00 am
মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

July 30, 2026 8:52 am
বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

July 30, 2026 7:00 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd