অৰবিন্দ কেজৰিৱালৰ ন্যায়িক জিম্মাৰ দিন ৭ মে’লৈ বৃদ্ধি

দিল্লী আবকাৰী দুৰ্নীতিৰ অভিযোগত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু তেলেংগানাৰ ভাৰত ৰাষ্ট্ৰ সমিতিৰ নেতা কে কবিতাৰ ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধি কৰা হৈছে। ৭ মে’ পৰ্যন্ত তিহাৰ কাৰাগাৰত কটাব লাগিব কেজৰিৱালে। কেজৰিৱাল আৰু কবিতাৰ উপৰিও আম আদমি পাৰ্টিৰ গোৱা নিৰ্বাচনৰ ধন সংগ্ৰহকাৰী ছানপ্ৰীত সিঙকো আজি ৰাউছ এভিনিউৰ আদালতত ভাৰ্চুৱেলী হাজিৰ কৰা হয়৷

লগতে পঢ়ক: অসমৰ ওপৰত বিদেশীৰ বোজা জাপি দিব খোজা ষড়যন্ত্ৰৰ বিৰুদ্ধে অসম নাগৰিক সমাজৰ ৰাজহুৱা সভা

মন কৰিবলগীয়া যে সোমবাৰে কেজৰিৱালে চিকিৎসকৰ সৈতে আলোচনা কৰিবলৈ কৰা অনুৰোধ আদালতে নাকচ কৰে। অৰবিন্দ কেজৰিৱালে পত্নী সুনীতাৰ উপস্থিতিত দৈনিক ইনচুলিনৰ পৰামৰ্শৰ বাবে ১৫ মিনিটৰ বাবে ব্যক্তিগত চিকিৎসকৰ লগত কথা পাতিবলৈ অনুমতি বিচাৰিছিল।অৱশ্যে তেওঁৰ ডায়েবেটিছৰ চিকিৎসাৰ বাবে ইনচুলিনৰ দাবী আদালতে মানি লৈছিল। একেদৰে অৰবিন্দ কেজৰিৱালক এইমছৰ চিকিৎসকৰ পৰামৰ্শ মতে কালিৰে পৰা সামান্য পৰিমাণৰ ইনচুলিন দিয়া হৈছিল।

লগতে পঢ়ক: ঢোকে-ঢোকে পানী খাইছে বাবা ৰামদেৱে ; বিজ্ঞাপনৰ আকাৰত ক্ষমা বিচাৰিবনে পতঞ্জলিয়ে- প্ৰশ্ন ছুপ্ৰীম কোৰ্টৰ

সোমবাৰে আদালতে নিৰ্দেশ দিয়ে যে দিল্লীৰ মুখ্যমন্ত্ৰীক ইনচুলিনৰ প্ৰয়োজন আছে নে নাই সেই বিষয়ে এইমছৰ চিকিৎসকে সিদ্ধান্ত ল’ব। এইমছৰ চিকিৎসকে সেই নিশা কেজৰিৱালক ইনচুলিন দিয়াৰ সিদ্ধান্ত লয়। এতিয়া প্ৰশ্ন হয় তিহাৰ জেল কৰ্তৃপক্ষই ১২ বছৰ ধৰি ইনচুলিন গ্ৰহণ কৰা দিল্লীৰ মুখ্যমন্ত্ৰীক কিয় ইনচুলিন নিদিছিল। এই সন্দৰ্ভত সোমবাৰে আদালতত তিহাৰ কাৰাগাৰ কৰ্তৃপক্ষক জেৰা কৰা হয়।

লগতে পঢ়ক:  ভাৰতৰ লোকসভা নিৰ্বাচন ২০২৪: বিদেশৰ সংবাদ মাধ্যমত প্ৰকাশ পোৱা কিছু হেডলাইন

এই বিবাদত দিল্লীৰ মুখ্যমন্ত্ৰীয়ে নতুন সমস্যাৰ সন্মুখীন হ’ব পাৰে। কাৰাগাৰ কৰ্তৃপক্ষই কয় যে মুখ্যমন্ত্ৰীয়ে ঘৰুৱা খাদ্য খাই ছুগাৰ লেভেল বৃদ্ধি কৰিছে। আম আদমি পাৰ্টিৰ অভিযোগ অনুসৰি দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰৰ কথা মানি চলিছে জেল কৰ্তৃপক্ষই।