NORTHEAST NOW (Assamese)

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকৰী সভাপতি আশ্ৰাফুল ইছলামৰ পদত্যাগ

September 29, 2020 11:59 am · এন ই নাও নিউজ
ফটো উৎস : ফেইচবুক

কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৰাজনৈতিক দল খোলাৰ ঠিক আগমূহুৰ্ততে ৰাজ্যৰ অন্যতম ছাত্ৰ সংগঠন ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকৰী সভাপতি পদৰ পৰা আশ্ৰাফুল ইছলামে পদত্যাগ কৰিছে।

আশ্ৰাফুল ইছলামে সংগঠনটোৰ পৰা পদত্যাগ কৰাৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও কৃষক মুক্তিৰ নতুন দলটোৰ সৈতে জৰিত হ’বলৈ এই সিদ্ধান্ত লোৱা বুলি এটা সূত্ৰই জনাইছে।

সূত্ৰটোৱে জনোৱা মতে আশ্ৰাফুল ইছলামে কৃষক মুক্তিৰ নেতৃত্বত জন্ম লাভ কৰিব লগীয়া দলটোৰ হৈ আগন্তুক বিধানসভা নিৰ্বাচনত বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াব।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ আশ্ৰাফুল ইছলামে ২০০৫ চনত ঘোষিত উচ্চতৰ মাধ্যমিক চূডান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে পঞ্চম স্থান দখল কৰবলৈ সক্ষম হৈছিল।

উল্লেখ্য যে, বিজেপি নেতৃত্বাধীন চৰকাৰে নাগৰিকত্ব সংশোধনী আইনৰ লগতে বিভিন্ন জনবিৰোধী তথা অসম বিৰোধী কাৰ্যকলাপত লিপ্ত হোৱাৰ পৰিপ্ৰেক্ষিততে অসমত কেইবাটাও নতুন আঞ্চলিক ৰাজনৈতিক দল জন্ম লাভৰ কুচকাৱাজ চলিছে।

ইতিমধ্যে ছাত্ৰ সন্থা আৰু এজেৱাইচিপিৰ নেতৃত্বত অসম জাতীয় পৰিষদ নামেৰে এটা আঞ্চলিক ৰাজনৈতিক দলৰ আৱিৰ্ভাৱ ঘটিছে অসমত।

এই দলটোত কৃষক মুক্তি জড়িত হ’ভ খুজুছিল যদিও ছাত্ৰ সন্থা আৰু এজেৱাইচিপিয়ে কোনো গুৰুত্ব প্ৰদান নকৰাত কৃষক মুক্তি সংগ্ৰাম সমিতিয়েও পৃথকে এটা নতুন দল গঠনৰ সিদ্ধান্ত লয়।

জানিব পৰা মতে অহা এসপ্তাহৰ ভিতৰতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নতুন ৰাজনৈতিক দলটো ভূমিষ্ঠ হ’ব।

Related News