• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, February 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অখিল গগৈলৈ কি কি প্ৰলোভন বিজেপি চৰকাৰৰ? ক’লে ৰাইজৰ দলে

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , February 12, 2021 8:35 pm

2 min read

390
VIEWS
Share on FacebookShare on Twitter

কাৰাৰুদ্ধ কৃষক নেতা অখিল গগৈৰ জামিন আবেদনৰ শুনানি নাকচ কৰাৰ পাছতে নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত ৰাইজৰ কাৰ্য্যকৰী সভাপতি ভাস্ক’ডি শইকীয়াই কেইটামান বিস্ফোৰক মন্তব্য আগবঢ়ায়।

শইকীয়াই বিজেপি দলে কাৰাৰুদ্ধ অখিল গগৈক বিভিন্ন প্ৰলোভন দি অহা বুলি গুৰুতৰ অভিযোগ তোলে।

অখিল গগৈক বিজেপি চৰকাৰে কেনেধৰণৰ প্ৰলোভন দিয়া হৈছে বুলি আমাৰ সাংবাদিকে সোধাত ভাস্ক’ডি শইকীয়াই কয় ‘অখিল গগৈকে বিভিন্ন প্ৰলোভন দি আহিছে বিজেপি চৰকাৰে। অসমত বিজেপি চৰকাৰ পুনৰ দিচপুৰলৈ অহাত সহায় কৰি দিলে অখিল গগৈক মুকলি কৰি দিয়া হ’ব।‘

‘কা ৰ বিৰুদ্ধে অখিল গগৈৰ দৃঢ়স্থিতি নৰম কৰি দিলে তেওঁক কাৰামুক্ত কৰি দিয়া হ’ব। টোলগেটৰ ক্ষেত্ৰত, বৃহৎ নদীবান্ধৰ ক্ষেত্ৰত থকা দৃঢ় স্থিতি নৰম কৰি দিলে তেওঁক কাৰামুক্ত কৰি দিয়া হ’ব।‘ বিজেপি চৰকাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ তুলি ভাস্ক’ডি শইকীয়াই এইদৰে কয়।

অখিল গগৈ কোনো প্ৰলোভনত বিক্ৰী যোৱা ব্যক্তি নহয় বুলি দাবী কৰি শইকীয়াই লগতে কয়, ‘তেওঁ কেতিয়াও জাতিক বিশ্বাসঘাতকতা কৰা ব্যক্তি নহয়। আপোচবিহীন স্থিতি আৰু জাতিক ভালপোৱা বাবেই আজিও কাৰাবন্দী হৈ আছে।

ইপিনে, অখিল গগৈলৈ ৰাজ্য চৰকাৰৰ ইমান ভয় কিয় বুলি প্ৰশ্ন কৰি শইকীয়াই সাক্ষাৎকাৰত কয়, ‘অখিল গগৈক দীৰ্ঘদিন ধৰি কাৰাবন্দী কৰি ৰাখিবৰ কাৰণে কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী আৰু ৰাজ্যৰ সৰ্বানন্দ সোণোৱাল চৰকাৰে দীৰ্ঘদিনে ষড়যন্ত্ৰ চলাই আহিছে। ইয়াৰ কাৰণ এটাই যে চৰকাৰখনৰ অখিল গগৈৰ প্ৰতি থকা ভয়।‘

তদুপৰি দেশত ‘গণতন্ত্ৰ হত্যা কৰি স্বৈৰতন্ত্ৰ প্ৰতিষ্ঠা কৰিবলৈ বিচৰা হৈছে’ বুলি দাবী কৰি তেওঁ লগতে কয়, ‘সাম্প্ৰদায়িকতাৰ জয় জয়কাৰ কৰি মানুহক মূল সমস্যাৰ পৰা আঁতৰাই ৰখা হৈছে। অখিল গগৈক কাৰাৰুদ্ধ কৰি এখনৰ পাছত আন এখন টোলগেট বিজেপি চৰকাৰে মুকলি কৰি দিছে। কাম বন্ধ হৈ থকা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম বিজেপি চৰকাৰে তড়িৎ গতিত চলাই নিছে।

Recent News

a mori

মৰিগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত নিৰ্বাচন সম্পৰ্কীয় জৰুৰী সভা

Screenshot_2021-02-26-16-25-47_1

টীয়কৰ শিক্ষাবিদ ৰবীন দুৱৰালৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি

ww-copy-1-750x375

আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষ্যে WICCIৰ উদ্যোগত গুৱাহাটীত মহিলাৰ বাবে ৱাকাথন, কেনেকৈ কৰিব যোগদান?

bhaba

তামুলপুৰত বিপিএফৰ পৰা প্ৰাৰ্থিত্ব বিচাৰি ছয় প্ৰাৰ্থীৰ আবেদন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd