NORTHEAST NOW (Assamese)

দুবছৰৰ বাবে ফেচবুকে নিষিদ্ধ কৰিলে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক

June 5, 2021 7:56 am · এন ই নাও নিউজ

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক ২ বছৰৰ বাবে নিষিদ্ধ কৰিলে ছচিয়েল মিডিয়া ফেচবুকে। ফেচবুক কৰ্তৃপক্ষই শুকুৰবাৰে এই কথা ঘোষণা কৰিছে।

যোৱা ৭ জানুৱাৰীত ৱাশ্বিংটন ডিচিৰ কেপিটেল হিলত সংঘটিত হিংসাত্মক কাণ্ডৰ পৰিপ্ৰেক্ষিতত সকলো ফেচবুক প্লেটফৰ্মৰ পৰা ট্ৰাম্পক অনিৰ্দিষ্টকালৰ বাবে সাময়িকভাৱে নিলম্বন কৰা হৈছিল।

ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে ট্ৰাম্পৰ উচটনিমূলক মন্তব্যৰ বাবেই তেওঁৰ ফেচবুক একাউন্ট সাময়িকভাৱে নিলম্বন কৰা হৈছিল।

এইবাৰ ২বছৰৰ বাবে তেওঁৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। যোৱা ৭ জানুৱাৰীত ট্ৰাম্পৰ ফেচবুক একাউন্ট বন্ধ কৰা হৈছিল আৰু সেইদিনটোৰ পৰা অহা ২০২৩চনৰ জানুৱাৰীলৈকে এই নিষেধাজ্ঞা বাহাল থাকিব।

ফেচবুকৰ ভাইচ প্ৰেছিডেন্ট নিক ক্লেগে জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে ট্ৰাম্পৰ ওপৰত নিষেধাজ্ঞা অনাৰ গুৰুতৰ কাৰণ আছে। আমি বিশ্বাস কৰো যে তেওঁৰ পদক্ষেপসমূহে আমাৰ নীতি-নিৰ্দেশনা চূড়ান্তভাৱে ভংগ কৰিছে। সেয়ে তেওঁৰ এই পদক্ষেপ শাস্তিযোগ্য।

ফেচবুক কৰ্তৃপক্ষই লগতে জানিবলৈ দিয়ে যে যদি জনসাধাৰণৰ নিৰাপত্তা সম্বন্ধীয় শংকা কমিছে বুলি তেওঁলোকে অনুভৱ কৰে তেতিয়াহে ট্ৰাম্পৰ ওপৰত জাৰি কৰা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰা হ’ব।

Related News