global outage of social media: বিশ্বৰ ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীৰ অস্বস্তি অঁতৰাই কাৰ্যক্ষম হ’ল ফেচবুক, হোৱাটছএপ, ইনষ্টাগ্ৰাম

WhatsApp Image 2021-10-05 at 8.26.48 AM

global outage of social media: সোমবাৰে নিশা হঠাতে স্তব্ধ হৈ পৰে ছচিয়েল মিডিয়া।বন্ধ হৈ পৰে ফেচবুক, হোৱাটছএপ, ইনষ্টাগ্ৰামৰ পৰিসেৱা। সমগ্ৰ বিশ্বৰ কোটি কোটি ব্যৱহাৰকাৰীয়ে নিশা ৯বজাৰ পৰা এই প্লেটফৰ্মকেইটা ব্যৱহাৰ কৰিব পৰা নাছিল।

ফেচবুক মালিকাধীন এই তিনিটা এপ বন্ধ হৈ পৰাৰ ফলত স্বাভাৱকিতে ব্যৱহাৰকাৰীৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়।

এইদৰে প্ৰায় ৬ঘন্টা স্তব্ধ হৈ থকাৰ পাছত অৱশেষত ব্যৱহাৰকাৰীসকলৰ স্বস্তি আনি কাৰ্যক্ষম হৈ পৰিছে এই এপ তিনিটা।

ইতিমধ্যে ফেচবুক কৰ্তৃপক্ষই এপ তিনিটা পুনৰ কাৰ্যক্ষম হৈ পৰাৰ কথা সদৰী কৰিছে।

উল্লেখ্য যে নিশাই হোৱাটছএপ আৰু ফেচবুকৰ পৰা টুইট কৰি গ্ৰাহকৰ ওচৰত এই অসুবিধাৰ বাবে ক্ষমা বিচাৰে। সেইদৰে ইনষ্টাগ্ৰামেও ইয়াৰ ব্যৱহাৰীকাৰীসকলৰ ধৈৰ্ষ ধৰিবলৈ অনুৰোধ জনাই টুইট কৰে।

Also Read: IPL Fight: দিল্লীৰ ওচৰত আত্মসমৰ্পণ চেন্নাইৰ; ধোনীৰ অসহ্য মন্থৰ বেটিঙেই পৰাজয়ৰ কাৰণ!

গুৰুত্বপূৰ্ণ এই তিনিটা ছচিয়েল মিডিয়া প্লেটফৰ্মেই বন্ধ হৈ পৰাৰ পাছত টুইটাৰত ব্যৱহাৰকাৰীসকলে ক্ষোভ উজাৰে। টুইটাৰত #facebookdown, #whatsappcrash আদি হেছটেগসমূহ ভাইৰেল হৈ পৰে। টুইটাৰত মিমৰ জোৱাৰ উঠে।

ইয়াৰ পূৰ্বে এনেদৰে তিনিটা প্লেটফৰ্মেই একেলগে বন্ধ হৈ পৰাৰ ঘটনা ঘটা নাছিল। আনকি মেছেঞ্জাৰো বন্ধ আছিল।

দীঘলীয়া সময়ৰ বাবে বন্ধ থকাৰ বাবে লাখ লাখ টকাৰ ক্ষতি হোৱাৰ কথা জানিবলৈ দিছে ব্যৱহাৰীকাৰীসকলে। মাৰ্ক জুকাৰবাৰ্গৰ ৭ বিলিয়ন ডলাৰ ক্ষতি হৈছে। সেইদৰে সমগ্ৰ বিশ্বত ১৬০ মিলিয়ন ডলাৰ ব্যৱসায়িক ক্ষতি হৈছে।

জানিব পৰা মতে, ভাৰতত পেচবুক ব্যৱহাৰকাৰীৰ সংখ্যা হৈছে ৪২কোটি। সেইদৰে হোৱাটছএপ ব্যৱহাৰকাৰীৰ সংখ্য ৫৩কোটি আৰু ইনষ্টাগ্ৰাম ব্যৱহাৰ কৰে ২১ কোটি লোকে।