• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব

মৃত খনি শ্ৰমিকৰ অৱশেষ বিচাৰি আত্মীয়ৰ হাহাকাৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 19, 2019 1:57 pm

2 min read

Miners rescue efforts in Meghalaya

খনিত আবদ্ধ শ্ৰমিকক উদ্ধাৰৰ বাবে নিয়োজিত উদ্ধাৰকাৰী দল

827
VIEWS
Share on FacebookShare on Twitter

মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰৰ এটা অবৈধ কয়লাখনিত ২০১৮ৰ ১৩ ডিচেম্বৰৰ পৰা আবদ্ধ হৈ থকা ১৫গৰাকী খনি শ্ৰমিকক জীয়ন্তে উদ্ধাৰ কৰা আশা বৰ্তমান নিৰ্বাপিত হৈছে। নৌ বাহিনীৰ উদ্ধাৰকাৰী দলটোৱে বৃহস্পতিবাৰে ১৬০ ফুট গভীৰতাত এটা মৃতদেহ প্ৰত্যক্ষ কৰাৰ পাছত তেওঁলোক যে আৰু জীৱিত নাই সেয়া প্ৰায় নিশ্চিত হৈ পৰিছে।

আনহাতে শ্ৰমিকসকলৰ পৰিয়ালে তথাপিও বিচাৰিছে যে তেওঁলোকৰ আপোনজনৰ দেহৰ অৱশিষ্ট যিয়েই বাকী নাথাকক কিয়, সেয়া যেন তেওঁলোকক অৰ্পণ কৰা হয়।

মৃতদেহটো প্ৰত্যক্ষ কৰাৰ পাছত উদ্ধাৰকাৰী দলে গেলি যোৱা মৃতদেহটো উদ্ধাৰ কৰিব নে নাই তাক নিৰ্ণয় কৰিব পৰা নাই। উদ্ধাৰকাৰী দলৰ আনুষ্ঠানিক মুখপাত্ৰ আৰ ছুছনগিয়ে ৫টা শ্ৰমিকৰ লোকক সাক্ষাৎ কৰি জনাইছে, ‘‘যদিহে মৃতদেহ অনাৰ চেষ্টা কৰা হয়, তেতিয়া সেয়া চিঙি যোৱাৰ সম্ভাৱনা আছে।’’

কিন্তু শ্ৰমিকসকলৰ এগৰাকী আত্মীয়ই কৈছে, আমাক আমাৰ আপোনজনৰ আঙুলি এটা হ’লেও লাগে। সেই আঙুলিটোৰে চিকিৎসকলে সেয়া কোন ব্যক্তি আছিল তাক নিৰ্ণয় কৰিব পাৰিব। কিন্তু দেখা গৈছে যে উদ্ধাৰকাৰী বিষয়াসকলে মৃতদেহ চিঙু যোৱাৰ বিষয়তহে অধিক মনোযোগ দিছে।

আনহাতে মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড ছাংমাই বৃহস্পতিবাৰে কৈছে যে দুয়া কাৰণতেই মৃতদেহ অনাটো সম্ভৱপৰ নহয়। প্ৰথম কাৰণটো হৈছে দূৰ নিয়ন্ত্ৰিত যানেৰে (Remotely Operated Vehicle চমুকৈ ROV) ) মৃতদেহকেইটাৰ উপস্থিতি ধৰা পেলাব পৰা গৈছে যদিও সেই সমূহৰ ওজন ইমান অধিক যে যানখনে সেয়া বহন কৰিব নোৱাৰে। আনহাতে জলস্তৰৰ আধিক্যৰ বাবে তালৈ উদ্ধাৰকাৰী দলৰ ডুবাৰুও সোমাই যোৱাটো অসম্ভৱ। আনহাতে পচন ধৰাৰ ফলত মৃতদেহসমূহ কোমল হৈ পৰিছে। প্ৰতিবাৰ চেষ্টা কৰাৰ পাছত মৃতদেহৰ অংশ চিঙি আহে।

উদ্ধাৰকাৰী দলৰ মুখপাত্ৰগৰাকীয়ে আৰু জনাইছে যে সমগ্ৰ শুকুৰবাৰৰ দিনটো ধৰি উদ্ধাৰ অভিযান চলি আছিল।

Recent News

IMG-20210116-WA0054

বোকাখাতত প্ৰথম দিনা ৬৭ গৰাকী স্বাস্থ্য কৰ্মীক ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান

WhatsApp Image 2021-01-16 at 6.46.28 PM

গুৱাহাটীত ক’ভিড-১৯ৰ টীকাকৰণ অভিযানৰ শুভাৰম্ভ স্বাস্থ্য মন্ত্ৰীৰ; তিনি বিশিষ্ট চিকিৎসকে ল’লে ভেকচিন

WhatsApp Image 2021-01-16 at 6.46.03 PM

অজাপৰ যোগদান সমাৰোহ; এইবাৰ অসমত জাতীয়তাবাদৰ চৰকাৰ অহাটো নিশ্চিত: লুৰীণজ্যোতি গগৈ

IMG-20210116-WA0008

কেৱল গোৰ্খা ভোটেৰে জয়ী হৈ দেখুৱাওক বিধায়ক ভাস্কৰ শৰ্মাই; লেখাপানীত ১০ সংগঠনৰ হুংকাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd