NORTHEAST NOW (Assamese)

ক’ত আছে সঞ্জু চেমচন! সূৰ্যকুমাৰ যাদৱে দিলে উত্তৰ: নেট দুনীয়াত আবেগৰ ঢৌ

January 17, 2023 11:40 am · এন ই নাও নিউজ, গুৱাহাটী

ক্ৰিকেট অনুৰাগী সকলৰ বাবে সঞ্জু চেমচন এক চিনাকি নাম। ঘৰুৱা ক্ৰিকেটৰ লগতে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চমুকৈ আই পি এল- ত ধাৰাবাহিকভাৱে সুন্দৰ প্ৰদৰ্শন আগবঢ়াই অহা প্ৰতিভাৱান তাৰকা চেমচন সীমিত অভাৰৰ ক্ৰিকেটৰ অন্যতম এগৰাকী সম্ভাৱনাময় বেটাৰ।

অৱশ্যে তাৰকা ক্ৰিকেটাৰ গৰাকীয়ে এইপৰ্যন্ত ভাৰতীয় দলত নিগাজী কৰিব পৰা নাই নিজৰ স্থান। ভাৰতীয় দলত চেমচনক উপেক্ষা কৰাৰ অভিযোগ তুলি আহিছে ক্ৰিকেট অনুৰাগী তথা বিশেষজ্ঞসকলে। মাজে-সময়ে তাৰকাগৰাকীক জাতীয় দললৈ আমন্ত্ৰণ জনোৱা হয় যদিও মিশ্ৰিত প্ৰদৰ্শনৰ পিছত পুনৰ দলৰ পৰা বাদ পৰে চেমচন।

শেহতীয়াকৈ সমাপ্ত হোৱা শ্ৰীলংকাৰ বিৰুদ্ধে শৃংখলাৰ বাবে ভাৰতীয় দলত স্থান দিয়া হৈছিল চেমচনক। কিন্তু পিছত আঘাতৰ বাবে চেমচন শৃংখলাৰ পৰা বাহিৰ হয় বুলি বিচিচিআই- এ সদৰী কৰিছিল। স্বাভাৱিকতেই চেমচনৰ অনুপস্থিতিয়ে নিৰাশ কৰিছিল তেওঁৰ অনুৰাগীসকলক।

চেমছনৰ গৃহ ৰাজ্য কেৰালাত অনুষ্ঠিত হৈছিল শৃংখলাৰ তৃতীয়খন এদিনীয়া। মেচখনৰ সময়তে বাউণ্ডেৰী লাইনৰ কাষত ফিল্ডিং কৰি থকা সূৰ্যকুমাৰ যাদৱক সম্বোধি গেলাৰীত বহি থকা অনুৰাগীসকলে তেওঁলোকৰ প্ৰিয় সঞ্জু ক’ত আছে বুলি প্ৰশ্ন কৰে।

অনুৰাগীসকলৰ এই প্ৰশ্নৰ প্ৰতি সঁহাৰি জনাই তাৰকা ক্ৰিকেটাৰগৰাকীয়ে দিয়া উত্তৰে জয় কৰে অনুৰাগীৰ হৃদয়। অনুৰাগীৰ প্ৰশ্নৰ উত্তৰত যাদৱে নিজৰ বুকুৰ ফালে দেখুৱাই ইংগিত দিয়ে। অৰ্থাৎ সূৰ্যকুমাৰ যাদৱৰ মতে সঞ্জু চেমচন সকলোৰে হৃদয়ত আছে।

তৎমুহূৰ্ততে এই ভিডিঅ’টো ভাইৰেল হৈ পৰে সামাজিক মাধ্যমত। বেটিং ক্ৰীজত দুৰ্ধৰ্ষ প্ৰদৰ্শনেৰে অনুৰাগীৰ হৃদয় জয় কৰা যাদৱে এইদৰেও জয় কৰিছে অনুৰাগীৰ হৃদয়।

Related News