NORTHEAST NOW (Assamese)

প্ৰবল উৎসাহেৰে কপালত টাটু কৰিছিল মেছিৰ নাম, এতিয়া ভুগিছে অনুশোচনাত! অনুশোচনাৰ কাৰণ কি?

January 5, 2023 7:11 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: January 4, 2023 9:24 pm

৩৬ বছৰৰ ব্যৰ্থতাৰ অবসান ঘটাই সদ্যসমাপ্ত কাটাৰ বিশ্বকাপত শ্ৰেষ্ঠত্ব অৰ্জন কৰিলে আৰ্জেণ্টিনাই। প্ৰথমবাৰৰ বাবে বিশ্ব জয়ৰ সোৱাদ ল’লে মহাতাৰকা লিঅ’নেল মেছিয়ে। প্ৰিয় তাৰকাগৰাকীৰ এই সাফল্যত বিভোৰ হৈ এগৰাকী অনুৰাগীয়ে লৈছিল এক ডাঙৰ সিদ্ধান্ত।

মেছিৰ প্ৰতি থকা তীব্ৰ প্ৰেমৰ প্ৰমাণ দি মাইক জেম্বছ নামৰ এই অনুৰাগীগৰাকীয়ে কপালত মেছিৰ নাম লিখি লোৱাৰ সিদ্ধান্ত লৈছিল। সিদ্ধান্ত অনুসৰিয়েই তেওঁ কপালত লিখি লৈছিল প্ৰিয় তাৰকাগৰাকীৰ নাম। কিন্তু এতিয়া যুৱকজনে নিজৰ সিদ্ধান্তৰ বাবে অনুশোচনা কৰিছে। তেওঁ যেন কৰি পেলালে এক ডাঙৰ ভুল!

কিন্তু হঠাতে কিয় এই অনুশোচনা মাইকৰ? লিঅ’ মেছি কোনো কাৰণত অপছন্দৰ হৈ পৰিছে নেকি যুৱকগৰাকীৰ মনত? নাই, এনে হোৱা নাই। আন এক কাৰণহে অনুশোচনাত ভুগিছে মাইকে। নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত মাইকে এই কথা জনাইছে।

এটা ভিডিঅ’ পোষ্ট কৰি মাইকে কেপচনত লিখিছে, “মেছিৰ নাম টাটু কৰি আক্ষেপ হৈছে।” ভিডিঅ’টোত তেওঁ কয় যে কপালত টাটু কৰাৰ সিদ্ধান্ত একেবাৰেই সঠিক নাছিল। মাইকৰ ভাষাত, “এতিয়া টাটুটো কৰাৰ বাবে মই অনুশোচনা কৰিছো। মই ভাবিছিলো সকলোৱে শলাগ ল’ব। কিন্তু ইয়াৰ বিপৰীতে সকলোৰে ব্যৱহাৰ বৰ অপমানজনক।”

মাইকেল জানিবলৈ দিয়া মতে টাটুটো কৰাৰ পিছত তেওঁক ব্যক্তিগতভাৱে আক্ৰমণ কৰা হৈছে। তেওঁৰ পৰিয়ালৰ লোককো মানুহে কটাক্ষ কৰিছে। “ইমান সোনকালে এই কথা ক’ম বুলি ভবা নাছিলো। কাৰণ টাটুটোক লৈ মোৰ বৰ গৌৰৱ আছিল। কিন্তু এতিয়া মোৰ ভুল হোৱা যেন লাগিছে।”— ভিডিঅ’টোত মাইকে কয়।

দৰাচলতে মাইকে টাটু কৰাৰ পিছত ছ’চিয়েল মিডিয়াত নিজৰ কেইবাখনো ছবি পোষ্ট কৰিছিল। এই ফটোসমূহ পোষ্ট কৰাৰ পাছতে একাংশ লোকে মাইকক ঠাট্টা কৰিবলৈ ধৰে। বহুতে দাবী কৰে যে তেওঁ সস্তীয়া জনপ্ৰিয়তাৰ বাবে এই কাম কৰিছিল।

মাইকে এই সন্দৰ্ভত ভিডিঅ’টোত কয়, “মই কাকো আঘাত কৰা নাছিলো। মই একো অবৈধ কাম কৰা নাছিলো। কিন্তু এই কাৰ্যই নেটিজেনৰ সমালোচনা বন্ধ কৰিব নোৱাৰিলে।”

এইদৰে অহৰহ বিতৰ্ক আৰু কটুক্তিৰ সন্মুখীন হৈ মাইক হতাশ হৈ পৰে। দুখ প্ৰকাশ কৰি মাইকে তেওঁৰ সৈতে কিয় ইমান বেয়া ব্যৱহাৰ কৰা হৈছে সেয়া বুজিব পৰা নাই বুলি মন্তব্য কৰে।

 

View this post on Instagram

 

A post shared by Mike Jambs (@mike_jambs)

Related News