DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

কৃষি আইন বাতিলত আজি অনুমোদন জনোৱাৰ সম্ভাৱনা কেন্দ্ৰীয় কেবিনেটৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 24, 2021 10:28 am
Farm laws repeal
1.6k
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় কেবিনেটে তিনিখন বিতৰ্কিত কৃষি আইন বাতিল কৰাৰ ক্ষেত্ৰত আজি অনুমোদন জনোৱাৰ সম্ভাৱনা আছে। কেন্দ্ৰীয় কেবিনেট আজি বৈঠকত মিলিত হ’ব আৰু ‘কৃষি আইন বাতিল বিধেয়ক, ২০২১’ গ্ৰহণ কৰাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে যোৱা শুকুৰবাৰে টেলিভিছনত দিয়া ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে কৃষি আইন বাতিল কৰা হ’ব বুলি ঘোষণা কৰিছিল। তেওঁ ব্যক্তিগতভাৱে দেশৰ জনসাধাৰণৰ ওচৰত ক্ষমা বিচাৰিছিল আৰু স্বীকাৰ কৰিছিল যে কৃষকসকলক সৈমান কৰাৰ প্ৰচেষ্টাত তেওঁলোক বিফল হৈছে।

মঙ্গলবাৰে কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে জনায় যে কেন্দ্ৰীয় চৰকাৰে এতিয়া ২৯ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা সংসদৰ শীতকালীন অধিৱেশনৰ কাৰ্যসূচীত কৃষি আইন বাতিল বিধেয়ক, ২০২১ তালিকাভুক্ত কৰিছে। কৃষি মন্ত্ৰালয়ে আগন্তুক সংসদ অধিৱেশনত তিনিখন আইনৰ বিষয়ে আলোচনা কৰাৰ সঠিক তাৰিখৰ ওপৰত আলোচনা কৰি আছে।

উল্লেখ্য যে যোৱা এবছৰৰো অধিক কাল কৃষি আইন বাতিলৰ দাবীত দেশৰ বিভিন্ন প্ৰান্তৰ কৃষকে প্ৰতিবাদ কৰি আহিছে। ৪০ টা কৃষক সংগঠনেৰে গঠিত সংযুক্ত কিষাণ মৰ্চাই এই আন্দোলনৰ নেতৃত্ব দিছে।

প্ৰতিবাদী কৃষকৰ সৈতে কেন্দ্ৰীয় চৰকাৰৰ কেইবাবাৰো আলোচনা হৈছিল যদিও কৃষি আইন বাতিল কৰিবলৈ অমান্তি হৈছিল কেন্দ্ৰীয় চৰকাৰ। আইন বাতিল নোহোৱা পৰ্যন্ত আন্দোলন অব্যাহত থাকিব বুলি ঘোষণা কৰিছিল প্ৰতিবাদী কৃষক নেতাই।

অৱশেষত কৃষকৰ আপোচহীন প্ৰতিবাদৰ ওচৰত হাৰ মানি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা শুকুৰবাৰে কৃষি আইন বাতিল কৰা হ’ব বুলি ঘোষণা কৰিছিল। অৱশ্যে প্ৰধান মন্ত্ৰী মোদীৰ ঘোষণাত আস্বস্ত হোৱা নাই প্ৰতিবাদী কৃষক। কৃষক নেতাসকলে নিশ্চিত কৰিছে যে সংসদত কৃষি আইন বাতিল নোহোৱা পৰ্যন্ত আন্দোলন অব্যাহত থাকিব।

Recent News

বিশ্বনাথত প্ৰশাসনে জ্বলাই দিলে ১ কোটি টকাতকৈও অধিক মূল্যৰ নিচাযুক্ত সামগ্ৰী

বিশ্বনাথত প্ৰশাসনে জ্বলাই দিলে ১ কোটি টকাতকৈও অধিক মূল্যৰ নিচাযুক্ত সামগ্ৰী

PPI Kit scam

পিপই কিট কেলেংকাৰী: হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ তৃণমূলৰ সাংসদ শান্তনু সেন

Engine Driver Dies On Duty

চলন্ত ৰে’লতে হৃদৰোগত আক্ৰান্ত মুখ্য ইঞ্জিন চালক: সাবটিলে মৃত্যুক

Agnipath

নৰ্থ ইষ্ট নাওৰ বিশেষ অনুষ্ঠান কথন: বিষয়- অগ্নিপথ দেশৰ বাবে প্ৰত্যাহ্বান হ’ব নেকি!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd