কৃষি আইন বাতিলৰ দাবীত বৰপেটাত ৬ ঘন্টীয়া ধৰ্মঘট

বিতর্কিত তিনিখন কৃষি আইন বাতিলৰ দাবীত আৰু দিল্লীত কৃষক সকলক অত্যাচাৰ কৰাৰ অভিযোগ তুলি আজি নিখিল ভাৰত কৃষক সভাৰ উদ্যোগত দেশজুৰি অনশন-ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷

এই কাৰ্যসূচীৰ অংশ হিচাপে বৰপেটা চহৰৰ উত্তৰ বৰপেটাৰ ট্ৰাক শ্ৰমিক ইউনিয়নৰ কাৰ্যালয়ৰ সন্মুখত ৬ ঘন্টীয়া অনশন-ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰা হয়।

এই কাৰ্যসূচীৰ জৰিয়তে বিতর্কিত তিনিখন কৃষি আইন বাতিলৰ দাবী উত্থাপন কৰাৰ লগতে দিল্লীত আৰক্ষীয়ে কৃষক সকলক অত্যাচাৰ কৰাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা হয়।

এই প্ৰতিবাদী কাৰ্যসূচীত অসম ৰাজ্যিক কৃষক সভাৰ সভাপতি ফজলুৰ ৰহমান, বৰপেটা জিলা সম্পাদক আজিজুৰ ৰহমান, জিলা সদস্য পিয়াৰুল ইছলাম, আঞ্চলিক সদস্য দীপক দাস, নবীন দাস আদি কেইবা গৰাকী নেতা আৰু শতাধিক সদস্য উপস্থিত থাকে।

প্ৰতিবাদকাৰী সকলে বিজেপি চৰকাৰৰ বিৰুদ্ধেও প্ৰতিবাদ সাব্যস্ত কৰে।