কেন্দ্ৰৰ সৈতে আলোচনাত বৰফ গলিল! সদ্যহতে স্থগিত কৃষকৰ দিল্লী চলো অভিযান

২০২০ চনৰ পিছত ২০২৪ চনত পুনৰ চাৰি বছৰৰ বিৰতিত আন্দোলনত নামিছে কৃষকসকল। এইবাৰো তেওঁলোকে শস্যৰ নূন্যতম সমৰ্থন মূল্যৰ (এম এছ পি) আইনী নিশ্চয়তা দাবী কৰে। ইয়াৰ লগতে আৰু অধিক দাবী আছে। দিল্লী চলো অভিযানৰ আহ্বান দিছিল কৃষকসকলে। ইপিনে অস্থিৰতা প্ৰশমনৰ বাবে কেন্দ্ৰই কৃষকৰ সৈতে আলোচনাত মিলিত হৈছে।

দেওবাৰে কেন্দ্ৰৰ কৃষকসকলৰ সৈতে চতুৰ্থ ৰাউণ্ডৰ বৈঠক অনুষ্ঠিত হয়। সূত্ৰ অনুসৰি কেন্দ্ৰই এম এছ পি সন্দৰ্ভত এটা প্ৰস্তাৱ দিছে। কৃষকসকলে প্ৰস্তাৱটো পঢ়ি চাই নিজৰ মাজতে আলোচনা কৰিবলৈ কিছু সময় বিচাৰিছে। সেইসূত্ৰে দিল্লী চলো অভিযান স্থগিত ৰখাৰ কথা জানিবলৈ দিছে।

লগতে পঢ়কঃ ৰাজকোটত যশস্বীৰ অনন্য যশস্যাঃ গঢ়িলে কেইবাটাও ঈৰ্ষণীয় অভিলেখ

পঞ্জাৱ-হাৰিয়ানা সীমান্তত ট্ৰেক্টৰ লৈ বহি আছে হাজাৰ হাজাৰ কৃষক। দেওবাৰে আন্দোলনকাৰী কৃষকৰ প্ৰতিনিধিৰ সৈতে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱাল, কৃষি ৰাজ্য মন্ত্ৰী অৰ্জুন মুণ্ডা আৰু গৃহ পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়ে আলোচনাত মিলিত হয়। এই বৈঠকত কৃষকৰ হৈ পঞ্জাৱৰ মুখ্যমন্ত্রী ভগৱন্ত মানো উপস্থিত আছিল৷ দিনৰ ৮:১৫ বজাৰ পৰা আৰম্ভ হোৱা এই বৈঠক নিশা ১:০০ বজালৈকে চলে।

বৈঠকৰ অন্তত কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলে কয় যে পাঁচ বছৰ ধৰি কেন্দ্ৰই চৰকাৰী প্ৰতিষ্ঠানৰ জৰিয়তে নূন্যতম সমৰ্থন মূল্যত দালি, কুঁহিয়াৰ আৰু কপাহৰ শস্য ক্ৰয় কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে। ৰাষ্ট্ৰীয় সমবায় গ্ৰাহক ফেডাৰেচন, ভাৰতীয় ৰাষ্ট্ৰীয় কৃষি সমবায় বিপণন ফেডাৰেচনৰ দৰে চৰকাৰী সংস্থাই মুগ, মচুৰ দাইল আৰু উৰড দালি উৎপাদন কৰা কৃষকৰ সৈতে চুক্তিবদ্ধ হ’ব।

এই শস্য কৃষকৰ পৰা নূন্যতম সমৰ্থন মূল্যত পাঁচ বছৰৰ বাবে ক্ৰয় কৰা হ’ব। ক্ৰয় কৰিবলগীয়া শস্যৰ পৰিমাণৰ কোনো উচ্চ সীমা নাই। এই শস্যসমূহ ক্ৰয়-বিক্ৰয়ৰ বাবে এটা সুকীয়া পৰ্টেল তৈয়াৰ কৰা হ’ব।

কোৱা হৈছে যে কেন্দ্ৰৰ এই সিদ্ধান্তৰ দ্বাৰা পঞ্জাৱৰ কৃষকসকল বিশেষভাৱে উপকৃত হ’ব। ভূগৰ্ভস্থ পানীৰ পৰিমাণ বৃদ্ধি কৰি কৃষিভূমি উৰ্বৰ কৰি ৰখাৰ বাবেও পদক্ষেপ গ্ৰহণ কৰা হ’ব। কৃষকৰ ঋণ ৰেহাইকে ধৰি অন্যান্য দাবীৰ বিষয়ে এতিয়াও আলোচনা হোৱা নাই। পৰৱৰ্তী বৈঠকত ইয়াৰ বিষয়ে আলোচনা কৰা হ’ব।

লগতে পঢ়কঃ বিশ্বৰ ৰহস্যময় হ্ৰদ! এই হ্ৰদৰ পানী চুলেই হেনো শিল হৈ পৰে কোনো প্ৰাণী

কৃষকৰ হৈ প্ৰতিনিধি সৰৱাল সিং পান্ধেৰে কয় যে অহা ১৯ আৰু ২০ তাৰিখে কেন্দ্ৰৰ প্ৰস্তাৱসমূহৰ ওপৰত কৃষক মঞ্চত আলোচনা কৰা হ’ব। সকলোৰে সহমতত পৰৱৰ্তী সিদ্ধান্ত লোৱা হ’ব। এতিয়াৰ বাবে স্থগিত ৰখা হৈছে দিল্লী চলোৰ অভিযান। যদিহে সমস্যাৰ সমাধান নহয় আৰু কৃষকৰ দাবী পূৰণ নহয় তেন্তে ২১ ফেব্ৰুৱাৰীৰ পৰা পুনৰ অভিযান আৰম্ভ কৰা হ’ব।