• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

লখিমপুৰ খেৰী হত্যাকাণ্ডৰ মূল অভিযুক্ত আশীষ মিশ্ৰৰ জামিন: ৮ সপ্তাহৰ জামিন মঞ্জুৰ উচ্চতম ন্যায়ালয়ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 25, 2023 9:36 pm
Lakhimpur Kheri case
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০২১ চনত উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত প্ৰতিবাদকাৰী কৃষকক হত্যা কৰাৰ অভিযোগত অভিযুক্ত কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশীষ মিশ্ৰক আজি উচ্চতম ন্যায়ালয়ে ৮ সপ্তাহৰ জামিন প্ৰদান কৰে। মিশ্ৰক জামিন প্ৰদান কৰি উচ্চতম ন্যায়ালয়ে কিছু বিশেষ নিৰ্দেশনাও জাৰি কৰে।

উচ্চতম ন্যায়ালয়ৰ ৰায় অনুসৰি জামিনত বাহিৰত থকা সময়ত আশীষ মিশ্ৰ উত্তৰ প্ৰদেশ বা দিল্লী আৰু ইয়াৰ কাষৰীয়া অঞ্চলত থাকিব নোৱাৰিব। এসপ্তাহৰ ভিতৰত তেওঁক উত্তৰ প্ৰদেশ এৰি যাবলৈ নিৰ্দেশ দিয়া হৈছে।

Apply Now

শীৰ্ষ আদালতে লগতে আশীষ মিশ্ৰ বা তেওঁৰ পৰিয়ালে হত্যাকাণ্ডৰ গোচৰৰ সাক্ষীক প্ৰভাৱিত কৰাৰ যিকোনো চেষ্টা কৰিলে মিশ্ৰৰ জামিন বাতিল কৰা হ’ব বুলিও স্পষ্ট কৰি দিয়ে।

যোৱা সপ্তাহত উচ্চতম ন্যায়ালয়ে কোনো অভিযুক্তক দোষী সাব্যস্ত নোহোৱালৈকে অনিৰ্দিষ্টকালৰ বাবে কাৰাগাৰত বন্দী কৰিব নোৱাৰিব বুলি উল্লেখ কৰিছিল।

ইফালে আশীষ মিশ্ৰৰ জামিনৰ বিৰোধিতা কৰি জ্যেষ্ঠ অধিবক্তা দুষ্যন্ত ডেভে মিশ্ৰৰ জামিনে সমাজলৈ এক ভয়ংকৰ তথা অশুভ বাৰ্তা প্ৰেৰণ কৰিব বুলি মন্তব্য কৰিছিল।

আনহাতে আশীষ মিশ্ৰক প্ৰতিনিধিত্ব কৰা অধিবক্তা মুকুল ৰোহটগীয়ে যুক্তি আগবঢ়ায় যে মিশ্ৰক এবছৰতকৈ অধিক সময় জিম্মাত ৰখা হৈছে। বিচাৰৰ গতিবিধি লক্ষ্য কৰিলে বিচাৰ সম্পূৰ্ণ হ’বলৈ সাতৰ পৰা আঠ বছৰ লাগিব পাৰে বুলি আঙুলিয়াই দিয়ে।

উল্লেখ্য যে দেশজোৰা কৃষক আন্দোলনৰ ভৰপক সময়তে ২০২১ চনৰ ৩ অক্টোবৰত লখিমপুৰ খেৰী জিলাৰ টিকুনিয়াত উত্তৰ প্ৰদেশৰ তদানীন্তন উপ-মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্যৰ ভ্ৰমণৰ বিৰুদ্ধে কৃষকসকলে প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়তে কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশীষ মিশ্ৰৰ বাহনে প্ৰতিবাদী কৃষকসকলক মহতীয়াই নিয়া বুলি অভিযোগ উঠিছিল।

এই নৃশংস ঘটনাত চাৰিগৰাকী কৃষকৰ মৃত্যু হৈছিল। আনহাতে ঘটনাৰ পিছতে ক্ষুব্ধ কৃষকসকলে প্ৰত্যাক্ৰমণ চলোৱাত এগৰাকী সাংবাদিকসহ চাৰিগৰাকী লোকৰ মৃত্যু হৈছিল।

যোৱা বৰ্ষৰ ৬ডিচেম্বৰত বিচাৰ আদালতে এই গোচৰৰ মূল অভিযুক্ত আশীষ মিশ্ৰসহ আন ১২ গৰাকী অভিযুক্তৰ বিৰুদ্ধে হত্যা, অপৰাধমূলক ষড়যন্ত্ৰকে ধৰি আন কেইবাটাও অপৰাধৰ অভিযোগ আৰোপ কৰিছিল। ইয়াৰ ফলত গোচৰৰ বিচাৰ আৰম্ভ হোৱাৰ পথ প্ৰশস্ত হৈছিল।

আদালতে লগতে আশীষ মিশ্ৰসহ হত্যাকাণ্ডৰ সৈতে জড়িত সকলো অভিযুক্তৰ বিৰুদ্ধে বিচাৰ চলোৱা হ’ব বুলি নিশ্চিত কৰিছিল।

গোচৰৰ বিচাৰ চলি থকা সময়তে অভিযুক্ত আশীষ মিশ্ৰৰ পিতৃ বিজেপিৰ শক্তিশালী নেতা তথা কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী অজয় মিশ্ৰই সাক্ষীক হেঁচা প্ৰয়োগ কৰা আৰু গুণ্ডাগিৰি কৰাৰ অভিযোগ উত্থাপন কৰিছে কৃষক সকলৰ পৰিয়ালে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd