NORTHEAST NOW (Assamese)

সুখবৰ! সুখবৰ! এইবাৰ মাজুলীৰ ১৬খন গাঁৱে অসমক খুৱাব থলুৱা সোৱাদৰ গুৰ

January 11, 2019 5:00 pm · মিটু খাটনিয়াৰ
মাজুলীৰ ভকত চাপৰিৰ খেতিয়কে কুঁহিয়াৰ খেতি চপাই গুৰ প্ৰস্তুত কৰা দৃশ্য। ফটো : মিটু খাটনিয়াৰ।

সমবায় খণ্ডৰ উজনি অসমৰ এটা প্ৰধান উদ্যোগ দেৰগাৱঁৰ বৰুৱাবামুণ গাৱঁৰ চেনিকল বন্ধ হৈ পৰাৰ পিছত উজনি অসমৰ গোলাঘাট জিলাৰ খেতিয়কে বৃহৎ হাৰত কৰি অহা কুঁহিয়াৰ খেতি প্ৰায় এৰি দিয়া বুলি ক’লেও বঢ়াই কোৱা নহয়। ফলত আগতে থলুৱা গুৰৰ যি সোৱাদ ল’বলৈ উজনি অসমৰ মানুহে সুযোগ পাইছিল সেয়া নোপোৱা হ’ল।

কিন্তু এই শূন্যতাৰ মাজতে এইবাৰ মাজুলীৰ বহু সংখ্যক কৃষকে শ শ বিঘা মাটিত কুঁহিয়াৰ খেতি কৰি পুনৰ তেনে এক আন্দোলন সজীৱ কৰি তুলিছে। বানে গৰকা মাজুলীৰ সাৰুৱা মাটিৰ বুকুত এইবাৰ কৃষকৰ কুঁহিয়াৰ খেতিৰ সাফল্যই একপ্ৰকাৰৰ চমকৰ সৃষ্টি কৰিছে।

মাজুলীৰ ভকত চাপৰিৰ খেতিয়কে কৰা কুঁহিয়াৰ খেতিৰ একাংশ। ফটো : মিটু খাটনিয়াৰ।

নদীদ্বীপটোৰ ভকত চাপৰিৰ প্ৰায় ৩০০টা পৰিয়ালে এইবাৰ একেলগে খেতি কৰি বৃহৎ হাৰত কুঁহিয়াৰ উৎপাদন কৰিছে। যোৱা মাৰ্চ-এপ্ৰিল মাহত ৰোপণ কৰা কুঁহিয়াৰ পূৰঠ হোৱাৰ পিছতে এতিয়া সেইবোৰ চপাই কাটি গুৰ উৎপাদনত ব্যস্ত হৈ পৰিছে কৃষকসকল।

দুজনমান খেতিয়কে জানিবলৈ দিয়া মতে, ইয়াৰে আগতীয়াকৈ চপোৱা কুঁহিয়াৰৰ পৰা গুৰ উৎপাদন কৰি ইতিমধ্যে বজাৰত এৰি দিয়া হৈছে। উজনিৰ প্ৰায়বোৰ বজাৰত ইতিমধ্যে ভকত চাপৰিৰ গুৰ উপলব্ধ হৈছে। প্ৰায় ১৪হাজাৰ কুইন্টল গুৰ এতিয়ালৈকে বিক্ৰী হোৱা বুলি খেতিয়কসকলে জনালে আমাৰ সংবাদদাতাক। প্ৰতি কেজি গুৰৰ বজাৰ মূল্য ৩৬ টকা।

খেতিয়কসকলে অনুমান কৰা মতে, এইবাৰ কুঁহিয়াৰ খেতিৰ পৰা পৰিয়ালকেইটাই আনুমানিক ৫,০৪,০০,০০০ টকা পাব পাৰে।

নিবনুৱা সমস্যাৰে ভৰি থকা ৰাজ্যখনত খেতিয়ককেইজনৰ কুঁহিয়াৰ খেতিৰ অভাৱনীয় সফলতা স্বাৱলম্বনৰ বিৰল নিদৰ্শন হ’ব পাৰে।

Related News