• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সুখবৰ! সুখবৰ! এইবাৰ মাজুলীৰ ১৬খন গাঁৱে অসমক খুৱাব থলুৱা সোৱাদৰ গুৰ

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
January 11, 2019 5:00 pm
Sugarcane

মাজুলীৰ ভকত চাপৰিৰ খেতিয়কে কুঁহিয়াৰ খেতি চপাই গুৰ প্ৰস্তুত কৰা দৃশ্য। ফটো : মিটু খাটনিয়াৰ।

764
VIEWS
Share on FacebookShare on Twitter

সমবায় খণ্ডৰ উজনি অসমৰ এটা প্ৰধান উদ্যোগ দেৰগাৱঁৰ বৰুৱাবামুণ গাৱঁৰ চেনিকল বন্ধ হৈ পৰাৰ পিছত উজনি অসমৰ গোলাঘাট জিলাৰ খেতিয়কে বৃহৎ হাৰত কৰি অহা কুঁহিয়াৰ খেতি প্ৰায় এৰি দিয়া বুলি ক’লেও বঢ়াই কোৱা নহয়। ফলত আগতে থলুৱা গুৰৰ যি সোৱাদ ল’বলৈ উজনি অসমৰ মানুহে সুযোগ পাইছিল সেয়া নোপোৱা হ’ল।

কিন্তু এই শূন্যতাৰ মাজতে এইবাৰ মাজুলীৰ বহু সংখ্যক কৃষকে শ শ বিঘা মাটিত কুঁহিয়াৰ খেতি কৰি পুনৰ তেনে এক আন্দোলন সজীৱ কৰি তুলিছে। বানে গৰকা মাজুলীৰ সাৰুৱা মাটিৰ বুকুত এইবাৰ কৃষকৰ কুঁহিয়াৰ খেতিৰ সাফল্যই একপ্ৰকাৰৰ চমকৰ সৃষ্টি কৰিছে।

Sugarcane_2
মাজুলীৰ ভকত চাপৰিৰ খেতিয়কে কৰা কুঁহিয়াৰ খেতিৰ একাংশ। ফটো : মিটু খাটনিয়াৰ।

নদীদ্বীপটোৰ ভকত চাপৰিৰ প্ৰায় ৩০০টা পৰিয়ালে এইবাৰ একেলগে খেতি কৰি বৃহৎ হাৰত কুঁহিয়াৰ উৎপাদন কৰিছে। যোৱা মাৰ্চ-এপ্ৰিল মাহত ৰোপণ কৰা কুঁহিয়াৰ পূৰঠ হোৱাৰ পিছতে এতিয়া সেইবোৰ চপাই কাটি গুৰ উৎপাদনত ব্যস্ত হৈ পৰিছে কৃষকসকল।

দুজনমান খেতিয়কে জানিবলৈ দিয়া মতে, ইয়াৰে আগতীয়াকৈ চপোৱা কুঁহিয়াৰৰ পৰা গুৰ উৎপাদন কৰি ইতিমধ্যে বজাৰত এৰি দিয়া হৈছে। উজনিৰ প্ৰায়বোৰ বজাৰত ইতিমধ্যে ভকত চাপৰিৰ গুৰ উপলব্ধ হৈছে। প্ৰায় ১৪হাজাৰ কুইন্টল গুৰ এতিয়ালৈকে বিক্ৰী হোৱা বুলি খেতিয়কসকলে জনালে আমাৰ সংবাদদাতাক। প্ৰতি কেজি গুৰৰ বজাৰ মূল্য ৩৬ টকা।

খেতিয়কসকলে অনুমান কৰা মতে, এইবাৰ কুঁহিয়াৰ খেতিৰ পৰা পৰিয়ালকেইটাই আনুমানিক ৫,০৪,০০,০০০ টকা পাব পাৰে।

নিবনুৱা সমস্যাৰে ভৰি থকা ৰাজ্যখনত খেতিয়ককেইজনৰ কুঁহিয়াৰ খেতিৰ অভাৱনীয় সফলতা স্বাৱলম্বনৰ বিৰল নিদৰ্শন হ’ব পাৰে।

Recent News

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd