• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

তান্ত্ৰিকৰ ভেশত দুৰ্ধৰ্ষ চোৰ: আৰক্ষীৰ জালত যোৰাবাটৰ চুৰিকাণ্ডৰ মাষ্টাৰমাইণ্ড ফাৰুখ ওজা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 23, 2026 5:56 pm
37
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ধৰ্মীয় বিশ্বাস আৰু অন্ধবিশ্বাসক ঢাল কৰি সৰল লোকক লুণ্ঠন চলাই অহা এজন দুৰ্ধৰ্ষ অপৰাধী অৱশেষত আৰক্ষীৰ জালত পৰিছে। তান্ত্ৰিকৰ বেশ ধৰি মানুহক প্ৰতাৰণা কৰা এই তথাকথিত ‘ওজা’জন যোৰাবাটত সংঘটিত এক বৃহৎ চুৰিকাণ্ডৰ মাষ্টাৰমাইণ্ড হিচাপে চিহ্নিত হৈছে। গুৱাহাটীৰ বশিষ্ঠ আৰু যোৰাবাট আৰক্ষীৰ এক যুটীয়া অভিযানত দেওবাৰে নগাঁৱৰ কচুৱাৰ পৰা অভিযুক্তক গ্ৰেপ্তাৰ কৰা হয়।

প্ৰাপ্ত তথ্য অনুসৰি, যোৱা ১১ ফেব্ৰুৱাৰীত যোৰাবাটৰ শংকৰদেৱ নগৰ নিবাসী গংগা ৰায়ৰ ঘৰত চুৰিকাণ্ড সংঘটিত হৈছিল। পৰিয়ালটো ঘৰত নথকাৰ সুযোগ লৈ চোৰে তলা ভাঙি আলমাৰিৰ পৰা বৃহৎ পৰিমাণৰ সোণৰ অলংকাৰ আৰু অন্যান্য মূল্যৱান সামগ্ৰী লুট কৰি লৈ গৈছিল। এই সন্দৰ্ভত ভুক্তভোগী পৰিয়ালে দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছিল।

Apply Now

আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ আহে যে এই সমগ্ৰ চুৰিকাণ্ডৰ মূল পৰিকল্পনাকাৰী আছিল তান্ত্ৰিকৰ বেশত থকা ফাৰুখ ওজা নামৰ এজন ব্যক্তি। গোপন সূত্ৰৰ পম খেদি আৰক্ষীৰ দলটোৱে নগাঁৱৰ কচুৱাত অভিযান চলাই ফাৰুখক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীৰ জেৰাৰ সন্মুখত ফাৰুখে চুৰিৰ কথা স্বীকাৰ কৰাৰ লগতে লুণ্ঠন কৰা সোণৰ অলংকাৰসমূহ ক’ত বিক্ৰী কৰিছিল, তাৰো সবিশেষ তথ্য প্ৰদান কৰে।

ফাৰুখ ওজাৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে লংকাৰ এখন জুৱেলাৰী দোকানত অভিযান চলায়। চুৰিৰ সোণ ক্ৰয় কৰাৰ অভিযোগত খেৰণিৰ নিবাসী তথা জুৱেলাৰীখনৰ স্বত্বাধিকাৰী সন্তোষ কুমাৰ প্ৰসাদক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। এই অভিযানত আৰক্ষীয়ে লুট হোৱা সামগ্ৰীসমূহ উদ্ধাৰ কৰাৰ লগতে নগদ ৫৭,৪২০ টকা, ৪ টাকৈ মোবাইল ফোন আৰু তান্ত্ৰিক কাৰ্যত ব্যৱহাৰ কৰা পোচাক তথা সা-সজুলি জব্দ কৰে।

অভিযুক্ত ফাৰুখ ওজাই দীৰ্ঘদিন ধৰি অসমৰ বিভিন্ন প্ৰান্তত তান্ত্ৰিকৰ ভেশ ধৰি সৰল লোকক আধ্যাত্মিক ভয় বা আশীৰ্বাদৰ প্ৰলোভন দি লুণ্ঠন চলাই আহিছিল। আৰক্ষীয়ে ইতিমধ্যে CNO 64/26 নম্বৰৰ অধীনত এক গোচৰ ৰুজু কৰি অভিযুক্তক আদালতত হাজিৰ কৰায়। আদালতে ফাৰুখ ওজাক জেল হাজোতলৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

September 17, 2026 6:09 pm
যমৰাজৰ বেশত বীৰেন্দ্ৰ ছেহৱাগ; ক্ৰিকেট এৰি নতুন ইনিংছ আৰম্ভ প্ৰাক্তন ভাৰতীয় তাৰকাৰ

যমৰাজৰ বেশত বীৰেন্দ্ৰ ছেহৱাগ; ক্ৰিকেট এৰি নতুন ইনিংছ আৰম্ভ প্ৰাক্তন ভাৰতীয় তাৰকাৰ

September 17, 2026 5:07 pm
৪.০২ কোটিৰ সম্পত্তি, ২০২৬ চনত কিমান দৰমহা প্ৰধানমন্ত্ৰী মোদীৰ? জানি লওক মুঠ সম্পদ, সুবিধা

৪.০২ কোটিৰ সম্পত্তি, ২০২৬ চনত কিমান দৰমহা প্ৰধানমন্ত্ৰী মোদীৰ? জানি লওক মুঠ সম্পদ, সুবিধা

September 17, 2026 3:50 pm
ডকাইটি কেচত ফচিল অসম আৰক্ষী : দুজনক গ্ৰেপ্তাৰ, এজন পলাতক

ডকাইটি কেচত ফচিল অসম আৰক্ষী : দুজনক গ্ৰেপ্তাৰ, এজন পলাতক

September 17, 2026 3:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

September 17, 2026 6:09 pm
যমৰাজৰ বেশত বীৰেন্দ্ৰ ছেহৱাগ; ক্ৰিকেট এৰি নতুন ইনিংছ আৰম্ভ প্ৰাক্তন ভাৰতীয় তাৰকাৰ

যমৰাজৰ বেশত বীৰেন্দ্ৰ ছেহৱাগ; ক্ৰিকেট এৰি নতুন ইনিংছ আৰম্ভ প্ৰাক্তন ভাৰতীয় তাৰকাৰ

September 17, 2026 5:07 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd