NORTHEAST NOW (Assamese)

ধোনীক চেৰ পেলাই আন এক অনন্য বিশ্ব অভিলেখ ক’হলিৰ

January 10, 2020 9:36 pm · এন ই নাও নিউজ
Updated: January 10, 2020 9:47 pm
বিৰাত ক’হলিৰ ফাইল ছবি।

বিৰাত ক’হলি ভাৰত-শ্ৰীলংকাৰ চলিত টি২০ৰ অন্তিমখন খেলত এক অনন্য অভিলেখৰ অধিকাৰী হৈছে।

ইতিমধ্যে বহু কীৰ্তিৰ অধিকাৰী ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়কজনে শুকুৰবাৰৰ খেলত পাৰ কৰিছে ১১ হাজাৰ আন্তঃৰাষ্ট্ৰীয় ৰানৰ সীমা।

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত যিকোনো অধিনায়কৰ ক্ষেত্ৰতে ই হৈছে সৰ্বাধিক দ্ৰুততাৰে সংগৃহিত ১১ হাজাৰ ৰান।

ক’হলিৰ বাবে শুকুৰবাৰৰ খেলখন আছিল তেওঁৰ ১৬৯সংখ্যক মেচ আৰু খেলৰ ১৩ সংখ্যক অ’ভাৰত তেওঁ অভিলেখৰ গৰাকী হয়।

তাৰোপৰি তেওঁ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটতো আটাইতকৈ দ্ৰুতগতিৰে ১১ হাজাৰ ৰান সম্পূৰ্ণ কৰিছে।

আকৌ, টেষ্ট, এদিনীয়া আৰু টি২০ আটাইকেইটা ফৰ্মেটতে ৫০ বেটিং গড় ধৰি ৰখাটো তাৰকা বেটছমেনজনৰ আন এক অনন্য কৃতিত্ব।

১১ হাজাৰ সম্পূৰ্ণ কৰা ক’হলি হৈছে বিশ্বৰ ষষ্ঠ আৰু ধোনীৰ পিছত ভাৰতৰ দ্বিতীয়গৰাকী অধিনায়ক।

কিন্তু ক’হলিয়ে বাকীসকলৰ তুলনাত অতি কমসংখ্যক খেলত এই অভিলেখ গঢ়িবলৈ সক্ষম হৈছে।

শীৰ্ষত থকা আন অধিনায়ককেইজন হৈছে– ৰিকি পণ্টিং (15,440/324 মেচ), গ্ৰোম স্মিথ (14,878/286 মেচ), ষ্টীভন ফ্লেমিং (11,561/303 মেচ), মহেন্দ্ৰ ধোনী (11,207/332 মেচ) আৰু এলান ব’ৰ্ডাৰ (11,062/ 271 মেচ)।

ইন্দোৰত চলিত ছীৰিজৰ দ্বিতীয়খন খেলতো ক’হলি আন এক অভিলেখৰ গৰাকী হৈছিল।

সেই খেলত ক’হলি পৰিণত হৈছিল টি২০ত আটাইতকৈ দ্ৰুত গতিত এহেজাৰ ৰাণ কৰা অধিনায়ক।

Related News