DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 7, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

উজনিত “নিষিদ্ধ” কৰা বুলি ওলোৱা বাতৰিৰ ফেইচবুক যোগে প্ৰতিক্ৰিয়া প্ৰিয়ংকা ভৰালীৰ

by
January 10, 2020 9:35 pm
Priyanka Bharali main
2.8k
VIEWS
Share on FacebookShare on Twitter

CAA-ৰ বিৰোধিতা নকৰা বাবে বিহু মঞ্চত প্ৰিয়ংকা ভৰালীক নিষিদ্ধ কৰা হৈছে বুলি ওলোৱা বাতৰিৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গায়িকাগৰাকীয়ে।

আজি নিজৰ ফেইচবুক টাইমলাইনত দিয়া এটা স্পষ্টীকৰণৰ জৰিয়তে গায়িকাগৰাকীয়ে “বিতৰ্কিত আইনখনৰ বিৰুদ্ধে মোৰ স্থিতি এতিয়াও সবল” বুলি উল্লেখ কৰে।

তেওঁক ডিব্ৰুগড়ত নিষিদ্ধ কৰা হৈছে বুলি কিছুমান ডিজিটেল প্লেটফৰ্মত ওলোৱা বাতৰিটো প্ৰসংগ টানি গায়িকাগৰাকীৰ দাবী যে তেওঁক কোনোবাই ব্যক্তিগত আক্ৰমণৰ লক্ষ্য কৰি ল’ব পাৰে।

গায়িকাগৰাকীৰ সম্পূৰ্ণ স্পষ্টীকৰণটো তলত হুবহু তুলি দিয়া হ’ল-

“এক বিশেষ কাৰণত মই আজি এইখিনি কথা লিখিব লগা হ’ল৷ যোৱাকালিৰে পৰা কিছুমান ডিজিটেল প্লেটফৰ্মত মোৰ এটা কথা দৃষ্টিগোচৰ হৈছে যে আৰু বহুকেইগৰাকী শিল্পীৰ লগতে ডিব্ৰুগড়ত প্ৰিয়ংকা ভড়ালীক নিষিদ্ধ কৰা হৈছে৷ প্ৰথমেই মই এই কথা স্পষ্ট কৰি দিব বিছাৰিছো যে বিহুৰ অনুষ্ঠানত মোক নামাতিব তাৰ বাবে মোৰ এই স্পষ্টিকৰণ নহয়৷ কাৰণ অসমৰ ৰাইজে জানে যে বিগত কিছু সময়ৰ পৰা মই বহু কম অনুষ্ঠানত অনুষ্ঠান পৰিৱেশন কৰিছো৷ গতিকে বিহুত অনুষ্ঠান পৰিৱেশন কৰা নকৰাটো জাতিৰ সংকটৰ সময়ত এক গৌন বিষয়৷ এতিয়া আহো মূল কথালৈ ডিব্ৰুগড়ত যিসকল লোকে মোক নিষিদ্ধ কৰিছে তেওঁলোকে কৈছে যে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰিয়ংকা ভড়ালীৰ কোনো কণ্ঠ নাই৷ কিন্তু তেওঁলোকে হয়তো নাজানে যে জাতিধ্বংসী এই আইনক মই প্ৰথম দিনাৰে পৰা তীব্ৰ বিৰোধীতা কৰি আহিছো৷ ইয়াৰ উপৰিও লতাশিল খেলপথাৰ, চান্দমাৰী খেলপথাৰত যিসমূহ প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত হৈছে তাত মই অংশগ্ৰহন কৰিছিলো আৰু গীতৰ জড়িয়তে মই মোৰ প্ৰতিবাদ সাব্যস্ত কৰিছিলো৷ ব্যক্তিগত অসুবিধাৰ বাবে সকলো অঞ্চলতে গৈ প্ৰতিবাদ সাব্যস্ত কৰাটো সম্ভৱ নহয় যদিও এই বিতৰ্কিত আইনখনৰ বিৰুদ্ধে মোৰ স্থিতি এতিয়াও সৱল৷ হয়তো কোনোবাই ব্যক্তিগতভাৱে মোক আক্ৰমনৰ লক্ষ কৰি লৈছে কিন্তু সেয়া যিয়েই নহওঁক কিয় তেনে অপশক্তিয়ে মোক বিচলিত কৰিব নোৱাৰে৷ কাৰন মই ৰাইজৰ পক্ষত আছো আৰু সদায়েই থাকিম আৰু ৰাইজৰ মৰমে তেনেবোৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে মোক যুঁজ দি যোৱাত সহায় কৰিব৷ যিসকল লোকে মোক আক্ৰমনৰ লক্ষ কৰি লৈছে তেওঁলোকে এটা কথা মনত ৰাখিব যে মোৰ এই প্ৰতিবাদ প্ৰচাৰৰ বাবে বা আপোনালোকক দেখুৱাবৰ বাবে নহয় মোৰ প্ৰতিবাদ মোৰ কণ্ঠ জাতিৰ বাবে৷”

Recent News

Elon Musk ৯ টা সন্তানৰ পিতৃ ইলন মাস্ক! আদালতৰ নথিত ওলাইছে গোপন তথ্য

Elon Musk ৯ টা সন্তানৰ পিতৃ ইলন মাস্ক! আদালতৰ নথিত ওলাইছে গোপন তথ্য

Nomination to Rajya Sabha পিটি উষা,ইল্লাইয়াৰাজা…ৰাজ্যসভালৈ মনোনীত চাৰিগৰাকী প্ৰখ্যাত ভাৰতীয়

Nomination to Rajya Sabha পিটি উষা,ইল্লাইয়াৰাজা…ৰাজ্যসভালৈ মনোনীত চাৰিগৰাকী প্ৰখ্যাত ভাৰতীয়

Punjab CM Bhagwant Mann আজি পুনৰ দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হ’ব পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান, কইনা ডাঃ গুৰপ্ৰীত কৌৰ

Punjab CM Bhagwant Mann আজি পুনৰ দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হ’ব পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান, কইনা ডাঃ গুৰপ্ৰীত কৌৰ

Real Hero শ্ৰেণীত নাই ছাত্ৰ-ছাত্ৰী, সততাৰ পৰিচয় দি দুবছৰৰ ২৩ লক্ষাধিক টকাৰ দৰমহাৰ ধন ঘূৰাই দিলে অধ্যাপক লালন কুমাৰে

Real Hero শ্ৰেণীত নাই ছাত্ৰ-ছাত্ৰী, সততাৰ পৰিচয় দি দুবছৰৰ ২৩ লক্ষাধিক টকাৰ দৰমহাৰ ধন ঘূৰাই দিলে অধ্যাপক লালন কুমাৰে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd