NORTHEAST NOW (Assamese)

পুষ্পা ২ প্ৰিমিয়াৰত পদপিষ্ট হোৱাৰ ২০ দিনৰ পাছত চেতনা ঘূৰিল শিশুৰ! তেলেংগানা চৰকাৰ আৰু আল্লু অৰ্জুনক ধন্যবাদ পিতৃৰ

December 25, 2024 2:54 pm · এন ই নাও নিউজ, গুৱাহাটী

পুষ্পা ২ৰ প্ৰিমিয়াৰত পদপিষ্ট হোৱাৰ ২০ দিনৰ পাছতে আঘাতপ্ৰাপ্ত শিশুটিয়ে অৱশেষত চেতনা লাভ কৰে। যোৱা ৪ ডিচেম্বৰত সংঘটিত হৈছিল এই দুৰ্ঘটনা। দুৰ্ঘটনাত এগৰাকী মহিলাৰ মৃত্যু হয়। গুৰুতৰভাৱে আহত হয় তেওঁৰ আঠ বছৰীয়া পুত্ৰ। ইমান দিনে শিশুটিৰ শাৰীৰিক অৱস্থাৰ উন্নতি হোৱা নাছিল, অসংজ্ঞায়িত আছিল। কিন্তু মঙলবাৰে নিশা শিশুটিৰ পিতৃয়ে কয় যে শিশুটিৰ চেতনা ঘূৰি আহিছে।

যোৱা ৪ ডিচেম্বৰত হায়দৰাবাদৰ সন্ধ্যা থিয়েটাৰত প্ৰিমিয়াৰ হৈছিল ‘পুষ্পা ২ৰ। অভিনেতা আল্লু অৰ্জুনে প্ৰিমিয়াৰত অংশগ্ৰহণ কৰাৰ পিছতে সংঘটিত হয় এই ঘটনা। সেইদিনা দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছৰে পৰা চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে শিশুটি। মঙলবাৰে তেওঁৰ পিতৃয়ে কয় যে শিশুটিয়ে চেতনা ঘূৰাই পাইছে। তেওঁ তেলেংগানা চৰকাৰ আৰু আল্লুক কাষত থিয় দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। শিশুটিক ইমান দিনে ভেন্টিলেচনত ৰাখি চিকিৎসা কৰা হৈছিল। কিন্তু সচেতন হোৱাৰ পিছত তেওঁক ভেন্টিলেচনৰ পৰা  এৰা হৈছে নে নাই সেয়া স্পষ্ট হোৱা নাই।

দুৰ্ঘটনা সংঘটিত হোৱাৰ দিনাই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ আঠ বছৰীয়া শিশুটিক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। প্ৰথম অৱস্থাত তেওঁ দুৰ্গবাই দেশমুখ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল। পিছত তেওঁৰ অৱস্থাৰ অৱনতি ঘটাত তেওঁক কিমছ হাস্পতাললৈ লৈ যোৱা হয়। তাত তেওঁক ভেন্টিলেচনত ৰখা হৈছিল। চিকিৎসালয়ৰ সূত্ৰ অনুসৰি শিশুটিৰ মগজুত আঘাত পাইছে। ঘটনাটোত কিছু সময়ৰ বাবে মগজুলৈ অক্সিজেনৰ সোঁত বন্ধ হৈ পৰে। উশাহ-নিশাহ লোৱাত সহায়ক হোৱাকৈ নাকত নলী সুমুৱাই দিয়া হয়।

সন্ধ্যা থিয়েটাৰত সংঘটিত দুৰ্ঘটনাৰ বাবে আল্লুক ঘৰৰ পৰাই গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। গ্ৰেপ্তাৰৰ পিছত যেতিয়া আল্লুক নিম্ন আদালতত হাজিৰ কৰা হয় তেতিয়া ন্যায়াধীশে ১৪ দিনৰ কাৰাদণ্ডৰ নিৰ্দেশ দিয়ে। কিন্তু গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল অভিনেতাগৰাকীয়ে। তেলেংগানা উচ্চ ন্যায়ালয়ে তেওঁৰ এই আবেদনৰ অনুমতি দিলে। ৫০ হাজাৰ টকাৰ বণ্ডত অন্তৱৰ্তীকালীন জামিন লাভ কৰে। বৰ্তমান জামিনত বাহিৰত আছে আল্লু। কিন্তু মঙলবাৰে তেওঁ আৰক্ষীৰ জেৰাৰ সন্মুখীন হবলগীয়া হয়।

Related News