NORTHEAST NOW (Assamese)

হৃদয় বিদাৰক! দুই পুত্ৰক খুৱালে কীটনাশক দ্ৰব্য; নিজেও সেৱন কৰি আত্মহত্যা পিতৃৰ

August 4, 2022 4:32 pm · পার্শ্বজোতি গগৈ, শিৱসাগৰ

দৰিদ্ৰতা আৰু পাৰিবাৰিক অশান্তিয়েই কাল হ’ল এটা পৰিয়ালৰ।

দুই পুত্ৰক কীটনাশক দ্ৰব্য খুৱাই নিজেও সেৱন কৰি আত্মহত্যা কৰিলে নিজ পিতৃয়ে।

পিতৃ মৃদুল সন্দিকৈ আৰু পুত্ৰ পিন্টু সন্দিকৈৰ ইতিমধ্য মৃত্যু হৈছে।

শিৱসাগৰৰ জয়সাগৰ আৰক্ষী চকীৰ অন্তৰ্গত বগীদ’ল ডিমৌ কিনাৰত ঘৰ মৃদুল সন্দিকৈৰ।

সংকটজনক অৱস্থাত চিকিৎসাধীন এগৰাকী পুত্ৰ। ফটো: নৰ্থইষ্ট নাও।

আনজন জন পুত্ৰ সংকটজনক অৱস্থাত শিৱসাগৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

পিতৃয়ে খাদ্যত বিহ মিহলাই খাবলৈ দিয়া বুলি সন্দেহ কৰা হৈছে।

বুধবাৰে নিশা প্ৰায় ১২.৩০ মান বজাত এই ঘটনা সংঘটিত হয়।

লগতে পঢ়ক: পুনৰ টকাৰ উজান! চৰকাৰী কৰ্মচাৰীৰ ঘৰত উদ্ধাৰ বৃহৎ পৰিমাণৰ নগদ ধন

পাৰিবাৰিক অশান্তি বাবে এই ঘটনা সংঘটিত হোৱা বুলি কোৱা হৈছে।

আৰক্ষীৰ তদন্ত আৰু মৰণোত্তৰ পৰীক্ষা পাছতহে ঘটনা আচল ৰহস্য গম পোৱা যাব।

উল্লেখ্য যে ঘটনাৰ সময়ত মৃদুল সন্দিকৈৰ পত্নী আৰু কন্যা গৰাকী ঘৰত উপস্থিত নাছিল।

Related News