• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ধিক্ মানৱতা! নিজ পিতৃ-খুৰাকৰ ধৰ্ষণৰ বলি দুই কিশোৰী ভগ্নী; উদ্ধাৰৰ পিছতে পোহৰলৈ ঘৃণনীয় কাণ্ড

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 28, 2022 1:35 pm
Two sisters Sexually Abuse by Father
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশত বৰ্দ্ধিত যৌন উৎপীড়ন কাণ্ডই উদ্বেগৰ সৃষ্টি কৰাৰ সময়তে পোহৰলৈ আহিছে এক চৰম ঘৃণনীয় কাণ্ড। নিজ পিতৃ আৰু খুৰাকৰ দ্বাৰা দৈনিক যৌন উৎপীড়নৰ বলি হৈ অৱশেষত ঘৰ এৰি পলায়ন কৰাৰ পিছত যোৱা ছটাকৈ বছৰে আত্মগোপন কৰিবলৈ বাধ্য হৈছে দুগৰাকী কিশোৰী ভগ্নী।

ছত্তীশগড়ৰ দুৰ্গ জিলাত সংঘটিত এই ঘটনাৰ ভুক্তভোগী দুই ভগ্নীক আৰক্ষীয়ে শেহতীয়াকৈ উদ্ধাৰ কৰাৰ পিছত পোহৰলৈ আহিছে এই নাৰকীয় ঘটনা। ইতিমধ্যে দেওবাৰে আৰক্ষীয়ে ভিলাই চহৰৰ পৰা অভিযুক্ত দুয়োগৰাকী ব্যক্তিকে গ্ৰেপ্তাৰ কৰিছে।

Apply Now

ঘটনা সন্দৰ্ভত এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে, ছয় বছৰ পূৰ্বে দুয়ো ভগ্নীয়ে ঘৰৰ পৰা পলায়ন কৰাৰ সময়ত তেওঁলোকৰ পিতৃয়ে নিৰুদ্দেশ হোৱা বুলি এখন এজাহাৰ দাখিল কৰিছিল।

এই এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অনুসন্ধান অভিযান চলাই থকাৰ পাছত শেহতীয়াকৈ ৰায়পুৰৰ পৰা ‘অপাৰেচন মুস্কান’ৰ অধীনত দুয়ো ভগ্নীক উদ্ধাৰ কৰে।

ভুক্তভোগী দুয়ো কিশোৰী জানিবলৈ দিয়া মতে, ২০১৭ চনৰ আগষ্ট মাহৰ পৰাই তেওঁলোকৰ ওপৰত যৌন নিৰ্যাতন আৰম্ভ হৈছিল। সেইসময়ত ১৬ বছৰীয়া জেষ্ঠ কিশোৰীগৰাকীক খুৰীয়েকৰ অনুপস্থিতিত খুৰাকে নিজৰ ঘৰত নিৰ্যাতন চলাইছিল।

নিজ মাতৃয়ে মানসিক ৰোগৰ বাবে কিশোৰী দুগৰাকীক যত্ন ল’ব নোৱাৰাৰ বাবে তেওঁলোক খুৰাকৰ ঘৰলৈ সঘনাই আহিছিল আৰু ইয়াৰে সুযোগ গ্ৰহণ কৰি নিজৰ বিকৃত যৌন মানসিকতা চৰিতাৰ্থ কৰিছিল খুৰাকে।

কিশোৰীগৰাকীক প্ৰথমবাৰ ধৰ্ষণ কৰাৰ পিছত খুৰাকে সঘনাই যৌন শোষণ অব্যাহত ৰাখিছিল বুলি কিশোৰীগৰাকীয়ে অভিযোগ উত্থাপন কৰিছে।

ইফালে এই ঘটনাৰ বিষয়ে নিজ পিতৃক অৱগত কৰাৰ পিছত কোনো ব্যৱস্থা গ্ৰহণৰ পৰিৱৰ্তে পিতৃয়েও কিশোৰীগৰাকীক গালি-গালাজ কৰি যৌন নিৰ্যাতনহে চলায় বুলিও কিশোৰীগৰাকীয়ে অভিযোগ কৰিছে।

ইয়াৰ পিছতে পিতৃৰ এই অমানৱীয় তথা নাৰকীয় অত্যাচাৰ নিজৰ ১৪ বছৰীয়া কনিষ্ঠ কন্যা সন্তানৰ ওপৰতো আৰম্ভ হয়। পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰাত অৱশেষত দুয়ো ভগ্নীয়ে ঘৰৰ পৰা পলায়ন কৰাৰ সিদ্ধান্ত লয় বুলি আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিছে।

দুয়ো ভুক্তভোগী কিশোৰীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্ত পিতৃ তথা খুৰাকৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩৭৬, ৩৫৪ আৰু অন্যান্য প্ৰাসংগিক ধাৰাৰ অধীনত গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিছে বুলি বিষয়াগৰাকীয়ে লগতে কয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নতুন সমীক্ষাত দাবী! ইৰাণ যুদ্ধৰ বাবে বৰ্তমান কাৰ্যকালত ট্ৰাম্পৰ জনপ্ৰিয়তা সৰ্বনিম্ন স্তৰত

নতুন সমীক্ষাত দাবী! ইৰাণ যুদ্ধৰ বাবে বৰ্তমান কাৰ্যকালত ট্ৰাম্পৰ জনপ্ৰিয়তা সৰ্বনিম্ন স্তৰত

August 18, 2026 1:58 pm
২৮ গৰাকী মুখ্যমন্ত্ৰীৰ ভিতৰত ১৪ গৰাকীৰ বিৰুদ্ধে গুৰুতৰ অপৰাধৰ গোচৰ; উচ্চতম ন্যায়ালয়ত সদৰী তথ্য

২৮ গৰাকী মুখ্যমন্ত্ৰীৰ ভিতৰত ১৪ গৰাকীৰ বিৰুদ্ধে গুৰুতৰ অপৰাধৰ গোচৰ; উচ্চতম ন্যায়ালয়ত সদৰী তথ্য

August 18, 2026 12:46 pm
ডিমাগি নক্সাল! শিক্ষিত সমাজৰ ক্ষোভৰ চাপত মোডী চৰকাৰ; লক্ষাধিক ফ’ল’ৱাৰ, নতুন পাৰ্টি

ডিমাগি নক্সাল! শিক্ষিত সমাজৰ ক্ষোভৰ চাপত মোডী চৰকাৰ; লক্ষাধিক ফ’ল’ৱাৰ, নতুন পাৰ্টি

August 18, 2026 12:05 pm
শ্ৰেণীকোঠাত সহপাঠীৰ নিৰ্বিচাৰ গুলীচালনা, ২জন ছাত্ৰৰ মৃত্যু; অনাহুত কাণ্ডত তীব্ৰ চাঞ্চল্য

শ্ৰেণীকোঠাত সহপাঠীৰ নিৰ্বিচাৰ গুলীচালনা, ২জন ছাত্ৰৰ মৃত্যু; অনাহুত কাণ্ডত তীব্ৰ চাঞ্চল্য

August 18, 2026 10:19 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নতুন সমীক্ষাত দাবী! ইৰাণ যুদ্ধৰ বাবে বৰ্তমান কাৰ্যকালত ট্ৰাম্পৰ জনপ্ৰিয়তা সৰ্বনিম্ন স্তৰত

নতুন সমীক্ষাত দাবী! ইৰাণ যুদ্ধৰ বাবে বৰ্তমান কাৰ্যকালত ট্ৰাম্পৰ জনপ্ৰিয়তা সৰ্বনিম্ন স্তৰত

August 18, 2026 1:58 pm
২৮ গৰাকী মুখ্যমন্ত্ৰীৰ ভিতৰত ১৪ গৰাকীৰ বিৰুদ্ধে গুৰুতৰ অপৰাধৰ গোচৰ; উচ্চতম ন্যায়ালয়ত সদৰী তথ্য

২৮ গৰাকী মুখ্যমন্ত্ৰীৰ ভিতৰত ১৪ গৰাকীৰ বিৰুদ্ধে গুৰুতৰ অপৰাধৰ গোচৰ; উচ্চতম ন্যায়ালয়ত সদৰী তথ্য

August 18, 2026 12:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd