NORTHEAST NOW (Assamese)

অৱশেষত মুকলি হ’ল ফৌজি মোবাইল গেইম; গুগল প্লে ষ্টোৰত উপলব্ধ

January 26, 2021 5:42 pm · এন ই নাও নিউজ

জল্পনা-কল্পনাৰ অন্তত মুকলি হ’ল মোবাইল গেইম ‘ফৌজি’। বৰ্তমান গুগ’ল প্লে ষ্টোৰত উপলব্ধ হৈছে ফৌজি গেইম।

জনপ্ৰিয় মোবাইল গেইম পাবজিৰ বিকল্প হিচাপে এনকোৰে ফৌজি মোবাইল গেইম প্ৰস্তুত কৰি উলিয়াইছে।

গণৰাজ্য দিৱসৰ দিনটোতে দীৰ্ঘদিনৰ অপেক্ষাৰ অন্তত ফোজি মোবাইল গেইমটো গ্ৰাহক সকলৰ বাবে মুকলি কৰি দিয়া হয়।

ফোজি মোবাইল গেইম নিজৰ মোবাইলত উপলব্ধ কৰিব বিচৰা সকলে নিজৰ এনড্ৰইন ফোনৰ পৰা গুগল প্লে ষ্টোৰৰ পৰা ডাউনলোড কৰিব পাৰিব।

ফোজি মোবাইল গেইমত পাবজিৰ নিচিনাকৈ বিভিন্ন অস্ত্ৰ ক্ৰয় কৰিব পাৰিব।

খেলুৱৈ সকলে খেলৰ মাজত উচ্চ প্ৰশিক্ষিত কামাণ্ডো নিয়োগ কৰিব পাৰিব।

বিগত বৰ্ষৰ ছেপ্তেম্বৰ মাহত বলিউদৰ জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰে অতি শীঘ্ৰে ভাৰতত থলুৱাভাৱে প্ৰস্তুত কৰি উলিওৱা ফৌজি মোবাইল গেইম মুকলি কৰা হ’ব বুলি মন্তব্য কৰিছিল।

গলৱান উপত্যকাত চীন আৰু ভাৰতীয় সৈন্যৰ মাজত হোৱা সংঘৰ্ষৰ পাছতে অক্ষয় কুমাৰে ফৌজি মোবাইল গেইম মুকলি কৰা হ’ব বুলি ঘোষণা কৰিছিল।

Related News