ছন্দহীন নৰ্থ-ইষ্ট য়ুনাইটেড; গোৱাৰ বিৰুদ্ধে হাৰিল ২-০ গ’লৰ ব্যৱধানত

FC Goa vs Northeast United

নৰ্থ-ইষ্ট য়ুনাইটেডক পৰাস্ত কৰি এফ চি গোৱাই তালিকাৰ শীৰ্ষত উপনীত হৈছে। বুধাবৰে অনুষ্ঠিত আই এছ এলৰ ৰিটাৰ্ণ লীগৰ এখন মেচত শক্তিশালী এফ চি গোৱাই ২-০ ৰ ব্যৱধানত পৰাস্ত কৰে নৰ্থ-ইষ্ট য়ুনাইটেডক।

প্ৰথমাৰ্ধ গ’লশূন্যভাৱে সমাপ্ত হোৱাৰ পিছত ৬৮ মিনিটত কম’ৰস্কিৰ এটা আত্মঘাটী গ’লেৰে গোৱাই প্ৰথমটো অগ্ৰগতি লাভ কৰে।

মেচখন শেষ হ’বলৈ ১০ মিনিট বাকী থকা অৱস্থাত ১ গ’লত পিছ পৰি থকা নৰ্থ-ইষ্ট য়ুনাইটেডৰ মিডফিল্ডাৰ লিডৌক ৰেফাৰীয়ে বহিস্কৃত কৰে। যাৰ ফলত দুৰ্বল হৈ পৰে দলটোৰ ৰক্ষণ বিভাগ।

গোৱাই নৰ্থ-ইষ্টৰ এই দুৰ্বলতাৰ সম্পূৰ্ণ সুযোগ লয় আৰু আক্ৰমণ তীব্ৰতৰ কৰি তোলাত ৮২ মিনিটত এটা পেনাল্টি লাভ কৰে। ক’ৰোৱে পেনাল্টিটোৰ জৰিয়তে গ’ল কৰি গোৱাৰ বিজয় নিশ্চিত কৰে।

এই পৰাজয়ৰ ফলত নৰ্থ-ইষ্টে দহখন মেচৰ পৰা ১১ পইণ্টেৰে তালিকাৰ অষ্টম স্থানত আছে।

ছিজনৰ আৰম্ভনিতে দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়োৱা নৰ্থ-ইষ্টে বিগত কেইবাখনো মেচত ধাৰাবাহিকভাৱে পৰাস্ত হ’বলগীয়া হোৱাত এতিয়া চিন্তিত হৈ পৰিছে প্ৰশিক্ষকৰ লগতে দলীয় মেনেজমেণ্ট।