• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২০২১ ত পৰাজয়ৰ আশংকাত বিজেপিলৈ নাযায় ৰূপজ্যোতি কুৰ্মী

‘কংগ্ৰেছত থাকি নেতৃত্ব লৈ ২১ ত জয়ী কৰাব কংগ্ৰেছক’

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 19, 2019 7:49 pm
Congress lost as some leaders did not come out of AC rooms: Rupjyoti

ৰূপজ্যোতি কুৰ্মী ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মৰিয়নী সমষ্টিৰ কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কিছু দিন পূৰ্বলৈকে বিজেপি দলত যোগদান কৰিবলৈ ইচ্ছা প্ৰকাশ কৰাৰ পাছত আজি আকস্মিকভাৱে সলনি কৰিছে নিজৰ সিদ্ধান্ত। বিজেপিত হেনো কোনো কাৰণতে যোগদান নকৰে ৰূপজ্যোতি কুৰ্মীয়ে।

উল্লেখযোগ্য যে, যোৱা ৪ জুলাইৰ দিনা সংবাদ মাধ্যমৰ জৰিয়তে গেৰুৱা সাজ পিন্ধাৰ স্পষ্ট ইংগিত দিছিল বিধায়ক ৰূপজ্যোতিয়ে। লগতে বিজেপিলৈ যাবলৈ তেওঁৰ শুভাকাংক্ষীসকলে পৰামৰ্শ আগবঢ়োৱা বুলিও কৈছিল।

Apply Now

নিজৰ এই সিদ্ধান্তৰ ১৫ দিন পাছতে সুৰ সলাই শুকুৰবাৰে মৰিয়নীত সংবাদমেল সম্বোধন কৰি বিধায়কগৰাকীয়ে কয় ‘মই শুভাকাংক্ষী, শিক্ষাবিদ, সমাজ কৰ্মী আৰু ভিন্নজনৰ সৈতে কথা পাতিছো, ২০২১ ত কেতিয়াও বিজেপি চৰকাৰ নাহে। বিজেপি দলৰ অৰ্থনৈতিক অৱস্থা একেবাৰে বেয়া।‘

তদুপৰি, বানপানীৰ পেকেজ হিচাপে কেন্দ্ৰই কেৱল ২৫১ কোটি দিয়াক লৈ ক্ষুদ্ধ বিধায়কগৰাকীয়ে কয় ‘এইবাৰ বানত কেন্দ্ৰই মাত্ৰ ২৫১ কোটি টকা দিলে। আমাক অতি সোনকালে ২০০০ কোটি টকাৰ পেকেজ লাগে। মাত্ৰ ২৫১ কোটি টকা দি কেন্দ্ৰীয় চৰকাৰে অসমবাসী ৰাইজক প্ৰতাৰণা কৰিছে।‘

তাৎপয্যপূৰ্ণভাৱে, কুৰ্মীয়ে কংগ্ৰেছতে থাকি ২০২১ ত কংগ্ৰেছৰ চৰকাৰ গঠন কৰিব বুলিও উক্ত সংবাদমেলত দাবী কৰে।

‘২০২১ ত কংগ্ৰেছ দলৰ লগত থাকি, নেতৃত্ব বহন কৰি কংগ্ৰেছ দলৰ চৰকাৰ আনিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈছো’ ৰূপজ্যোতিয়ে কয়।

আনহাতে, তেওঁৰ প্ৰয়াত মাতৃয়ে সপোনত বিজেপিলৈ যাবলৈ বাধা দিছিল বুলি সংবাদমেলত উল্লেখ কৰে বিধায়কগৰাকীয়ে। শুকুৰবাৰে সম্বোধন কৰা সংবাদমেলৰ বেনাৰত ৰূপজ্যোতিয়ে ‘মা তোমাক সহস্ৰ প্ৰণাম’ বুলি লিখিছিল।

ইপিনে, বিজেপিলৈ নোযোৱাৰ আন এক কাৰণ বাখ্যা কৰি কুৰ্মীয়ে কয় ‘চিণ্ডিকেট, সাৰদা, ৰ’জ ভেলী, ৰাজেন গোহাঁইৰ দৰে নাৰী কেলেংকাৰীৰ সৈতে জড়িত লোক বিজেপি দলত আছে।  আই পি এলৰ জুৱা খেলা মানুহ বিজেপি দলত আছে গতিকে সেই দললৈ কেতিয়াও যাৱ নোৱাৰি।

তদুপৰি, বিজেপিয়ে নিৰ্বাচনৰ পূৰ্বে দিয়া এটাও প্ৰতিশ্ৰুতি পালন নকৰাটোও বিজেপিলৈ নোযোৱাৰ এক কাৰণ বুলি কুৰ্মীয়ে কয়।

তেওঁ বিজেপিয়ে নিৰ্বাচনৰ পূৰ্বে বহু প্ৰতিশ্ৰুতি দিছিল। টেট শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ কৰিম বুলিও বিজেপিয়ে কৈছিল কিন্তু এতিয়া বিজেপিয়ে টেট শিক্ষকৰ চাকৰি খাবহে বিচাৰিছে বুলি কুৰ্মীয়ে মন্তব্য কৰে।

তাৎপৰ্য্যপূৰ্ণ যে, কুৰ্মী বিজেপিলৈ গ’লে চাহ জনগোষ্ঠীয় নেতা কামাখ্যা প্ৰসাদ তাছা সংকটত পৰিব পাৰে বুলি ভাবিয়ে হিমন্ত বিশ্ব শৰ্মাই কুৰ্মীক বিজেপিলৈ যোৱাৰ গ্ৰীণ চিগনেল প্ৰদান নকৰিলে নেকি নে কামাখ্যা প্ৰসাদ তাছাৰ অনুৰোধ ৰক্ষা কৰি হিমন্তই কুৰ্মীক নিদিলে বিজেপি গমণৰ সেউজ সংকেত!

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে, বিজেপিত যোগদানৰ পূৰ্বে মন্ত্ৰীত্বৰ চৰ্ত বান্ধি দিছিল মৰিয়নিৰ বিধায়কগৰাকীয়ে কিন্তু বিজেপিলৈ অহাৰ পূৰ্বে কোনোধৰণৰ চৰ্ত নিৰ্ধাৰণ কৰি আহিব নোৱাৰিব বুলি এক বিশেষ সূত্ৰৰ তথ্যত প্ৰকাশ পাইছিল। ইপিনে কিছুদিন পূৰ্বে ৰাজেন গোহায়ে কুৰ্মীৰ বিজেপিলৈ অহাৰ তীৰ্ব বিৰোধিতাৰে বিষোদগাৰ প্ৰকাশ কৰিছিল।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd