• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

২০২১ ত পৰাজয়ৰ আশংকাত বিজেপিলৈ নাযায় ৰূপজ্যোতি কুৰ্মী

‘কংগ্ৰেছত থাকি নেতৃত্ব লৈ ২১ ত জয়ী কৰাব কংগ্ৰেছক’

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , July 19, 2019 7:49 pm

3 min read

Congress lost as some leaders did not come out of AC rooms: Rupjyoti

ৰূপজ্যোতি কুৰ্মী ফাইল ফটো

438
VIEWS
Share on FacebookShare on Twitter

মৰিয়নী সমষ্টিৰ কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কিছু দিন পূৰ্বলৈকে বিজেপি দলত যোগদান কৰিবলৈ ইচ্ছা প্ৰকাশ কৰাৰ পাছত আজি আকস্মিকভাৱে সলনি কৰিছে নিজৰ সিদ্ধান্ত। বিজেপিত হেনো কোনো কাৰণতে যোগদান নকৰে ৰূপজ্যোতি কুৰ্মীয়ে।

উল্লেখযোগ্য যে, যোৱা ৪ জুলাইৰ দিনা সংবাদ মাধ্যমৰ জৰিয়তে গেৰুৱা সাজ পিন্ধাৰ স্পষ্ট ইংগিত দিছিল বিধায়ক ৰূপজ্যোতিয়ে। লগতে বিজেপিলৈ যাবলৈ তেওঁৰ শুভাকাংক্ষীসকলে পৰামৰ্শ আগবঢ়োৱা বুলিও কৈছিল।

নিজৰ এই সিদ্ধান্তৰ ১৫ দিন পাছতে সুৰ সলাই শুকুৰবাৰে মৰিয়নীত সংবাদমেল সম্বোধন কৰি বিধায়কগৰাকীয়ে কয় ‘মই শুভাকাংক্ষী, শিক্ষাবিদ, সমাজ কৰ্মী আৰু ভিন্নজনৰ সৈতে কথা পাতিছো, ২০২১ ত কেতিয়াও বিজেপি চৰকাৰ নাহে। বিজেপি দলৰ অৰ্থনৈতিক অৱস্থা একেবাৰে বেয়া।‘

তদুপৰি, বানপানীৰ পেকেজ হিচাপে কেন্দ্ৰই কেৱল ২৫১ কোটি দিয়াক লৈ ক্ষুদ্ধ বিধায়কগৰাকীয়ে কয় ‘এইবাৰ বানত কেন্দ্ৰই মাত্ৰ ২৫১ কোটি টকা দিলে। আমাক অতি সোনকালে ২০০০ কোটি টকাৰ পেকেজ লাগে। মাত্ৰ ২৫১ কোটি টকা দি কেন্দ্ৰীয় চৰকাৰে অসমবাসী ৰাইজক প্ৰতাৰণা কৰিছে।‘

তাৎপয্যপূৰ্ণভাৱে, কুৰ্মীয়ে কংগ্ৰেছতে থাকি ২০২১ ত কংগ্ৰেছৰ চৰকাৰ গঠন কৰিব বুলিও উক্ত সংবাদমেলত দাবী কৰে।

‘২০২১ ত কংগ্ৰেছ দলৰ লগত থাকি, নেতৃত্ব বহন কৰি কংগ্ৰেছ দলৰ চৰকাৰ আনিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈছো’ ৰূপজ্যোতিয়ে কয়।

আনহাতে, তেওঁৰ প্ৰয়াত মাতৃয়ে সপোনত বিজেপিলৈ যাবলৈ বাধা দিছিল বুলি সংবাদমেলত উল্লেখ কৰে বিধায়কগৰাকীয়ে। শুকুৰবাৰে সম্বোধন কৰা সংবাদমেলৰ বেনাৰত ৰূপজ্যোতিয়ে ‘মা তোমাক সহস্ৰ প্ৰণাম’ বুলি লিখিছিল।

ইপিনে, বিজেপিলৈ নোযোৱাৰ আন এক কাৰণ বাখ্যা কৰি কুৰ্মীয়ে কয় ‘চিণ্ডিকেট, সাৰদা, ৰ’জ ভেলী, ৰাজেন গোহাঁইৰ দৰে নাৰী কেলেংকাৰীৰ সৈতে জড়িত লোক বিজেপি দলত আছে।  আই পি এলৰ জুৱা খেলা মানুহ বিজেপি দলত আছে গতিকে সেই দললৈ কেতিয়াও যাৱ নোৱাৰি।

তদুপৰি, বিজেপিয়ে নিৰ্বাচনৰ পূৰ্বে দিয়া এটাও প্ৰতিশ্ৰুতি পালন নকৰাটোও বিজেপিলৈ নোযোৱাৰ এক কাৰণ বুলি কুৰ্মীয়ে কয়।

তেওঁ বিজেপিয়ে নিৰ্বাচনৰ পূৰ্বে বহু প্ৰতিশ্ৰুতি দিছিল। টেট শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ কৰিম বুলিও বিজেপিয়ে কৈছিল কিন্তু এতিয়া বিজেপিয়ে টেট শিক্ষকৰ চাকৰি খাবহে বিচাৰিছে বুলি কুৰ্মীয়ে মন্তব্য কৰে।

তাৎপৰ্য্যপূৰ্ণ যে, কুৰ্মী বিজেপিলৈ গ’লে চাহ জনগোষ্ঠীয় নেতা কামাখ্যা প্ৰসাদ তাছা সংকটত পৰিব পাৰে বুলি ভাবিয়ে হিমন্ত বিশ্ব শৰ্মাই কুৰ্মীক বিজেপিলৈ যোৱাৰ গ্ৰীণ চিগনেল প্ৰদান নকৰিলে নেকি নে কামাখ্যা প্ৰসাদ তাছাৰ অনুৰোধ ৰক্ষা কৰি হিমন্তই কুৰ্মীক নিদিলে বিজেপি গমণৰ সেউজ সংকেত!

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে, বিজেপিত যোগদানৰ পূৰ্বে মন্ত্ৰীত্বৰ চৰ্ত বান্ধি দিছিল মৰিয়নিৰ বিধায়কগৰাকীয়ে কিন্তু বিজেপিলৈ অহাৰ পূৰ্বে কোনোধৰণৰ চৰ্ত নিৰ্ধাৰণ কৰি আহিব নোৱাৰিব বুলি এক বিশেষ সূত্ৰৰ তথ্যত প্ৰকাশ পাইছিল। ইপিনে কিছুদিন পূৰ্বে ৰাজেন গোহায়ে কুৰ্মীৰ বিজেপিলৈ অহাৰ তীৰ্ব বিৰোধিতাৰে বিষোদগাৰ প্ৰকাশ কৰিছিল।

Recent News

IMG-20210116-WA0054

বোকাখাতত প্ৰথম দিনা ৬৭ গৰাকী স্বাস্থ্য কৰ্মীক ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান

WhatsApp Image 2021-01-16 at 6.46.28 PM

গুৱাহাটীত ক’ভিড-১৯ৰ টীকাকৰণ অভিযানৰ শুভাৰম্ভ স্বাস্থ্য মন্ত্ৰীৰ; তিনি বিশিষ্ট চিকিৎসকে ল’লে ভেকচিন

WhatsApp Image 2021-01-16 at 6.46.03 PM

অজাপৰ যোগদান সমাৰোহ; এইবাৰ অসমত জাতীয়তাবাদৰ চৰকাৰ অহাটো নিশ্চিত: লুৰীণজ্যোতি গগৈ

IMG-20210116-WA0008

কেৱল গোৰ্খা ভোটেৰে জয়ী হৈ দেখুৱাওক বিধায়ক ভাস্কৰ শৰ্মাই; লেখাপানীত ১০ সংগঠনৰ হুংকাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd