DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এন আৰ চিৰ ভয়ত পশ্চিম বংগত ছয়গৰাকী লোকৰ প্ৰাণ গ’ল : মমতা বেনাৰ্জী

এন ই নাও নিউজ by এন ই নাও নিউজ
September 24, 2019 5:07 pm
Mamata-678x381-570x320

পশিচমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। ফাইল ফটো

2.6k
VIEWS
Share on FacebookShare on Twitter

এন আৰ চিৰ ভয়ত পশ্চিম বংগত ছয়গৰাকী লোকৰ মৃত্যু হোৱা বুলি সোমবাৰে অভিযোগ উত্থাপন কৰিছে মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীয়ে।

ত্ৰিণামূল কংগ্ৰেছৰ স্বীকৃতিপ্ৰাপ্ত ভাৰতীয় জাতীয় ত্ৰিণামূল বাণিজ্য সংঘ কংগ্ৰেছৰ এখন সভা সম্বোধন কৰি বেনাৰ্জীয়ে তেওঁ কেতিয়াও পশ্চিম বংগত এন আৰ চি হ’বলৈ নিদিয়ে বুলি মন্তব্য কৰে।

অসম চুক্তিত উল্লেখ থকা বাবেহে অসমত এন আৰ চি উন্নীতকৰণ কৰা হৈছে বুলি মন্তব্য কৰি মমতাই দেশৰ অন্য প্ৰান্তত এন আৰ চিৰ প্ৰয়োজন নাই বুলি কয়।

বিজেপিয়ে পশ্চিম বংগত এন আৰ চিৰ নাম লৈ ধৰ্মৰ নামত বিভাজন আনি মানুহৰ মনত ভয় আৰু শংকাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰি থকা বুলিও মমতাই গেৰুৱা দলটোক কঠোৰ সমালোচনা কৰে।

বিহাৰৰ মুখ্য মন্ত্ৰী নিতিশ কুমাৰে বিহাৰত এন আৰ চিৰ বিৰোধিতা কৰাৰ পাছত বিজেপিয়ে কি যুক্তিত পশ্চিম বংগত এন আৰ চি আনিব বুলি সভাত তেওঁ প্ৰশ্ন কৰে।

যদিহে বিজেপিয়ে এন আৰ চিৰ প্ৰতি ইমানেই আগ্ৰহী তেন্তে কিয় তেওঁলোকে বিজেপি শাসিত ত্ৰিপুৰাত এন আৰ চি নানে বুলিও মমতাই প্ৰশ্ন কৰি ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে নিজেই এই তালিকাৰ পৰা আতৰত আছে বুলি মত প্ৰকাশ কৰে।

এন আৰ চিত প্ৰয়োজন হোৱা পুৰণি নথি-পত্ৰ বিচাৰি উলিওৱাটো জনসাধাৰণৰ বাবে এটা কঠিন আৰু অসম্ভৱ কাম বুলি মুখ্য মন্ত্ৰীগৰাকীয়ে লগতে কয়।

‘‘মোৰ নথি-পত্ৰ বিচাৰিবলৈ তেওঁলোক কোন? বহু বছৰ পাছত যেতিয়া এইবোৰৰ প্ৰয়োজন হ’ব সেই নথি-পত্ৰবোৰ চাগে প্ৰয়োজনীয় বিভাগৰ পৰাও প্ৰাকৃতিক দুৰ্যোগ আৰু বিভিন্ন কাৰণত হেৰাই গৈছে,’’ মমতাই উল্লেখ কৰে।

আনহাতে, ত্ৰিণামূল কংগ্ৰেছে কলকাতাত বৃহস্পতিবাৰ আৰু শুকুৰবাৰে এক প্ৰতিবাদী সমদল বাহিৰ কৰিব বুলিও ত্ৰিণামূল কৰ্মীসকলে জানিবলৈ দিয়ে।

Recent News

বিশ্বনাথত প্ৰশাসনে জ্বলাই দিলে ১ কোটি টকাতকৈও অধিক মূল্যৰ নিচাযুক্ত সামগ্ৰী

বিশ্বনাথত প্ৰশাসনে জ্বলাই দিলে ১ কোটি টকাতকৈও অধিক মূল্যৰ নিচাযুক্ত সামগ্ৰী

PPI Kit scam

পিপই কিট কেলেংকাৰী: হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ তৃণমূলৰ সাংসদ শান্তনু সেন

Engine Driver Dies On Duty

চলন্ত ৰে’লতে হৃদৰোগত আক্ৰান্ত মুখ্য ইঞ্জিন চালক: সাবটিলে মৃত্যুক

Agnipath

নৰ্থ ইষ্ট নাওৰ বিশেষ অনুষ্ঠান কথন: বিষয়- অগ্নিপথ দেশৰ বাবে প্ৰত্যাহ্বান হ’ব নেকি!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd