• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নৱবৰ্ষৰ ১ জানুৱাৰীৰ পৰা আপোনাৰ দৈনন্দিন জীৱনত প্ৰভাৱ পেলাব এই ৫ টা কথাই

NE NOW NEWS এন ই নাও নিউজ
গুবাহাটী , December 27, 2020 11:53 am

2 min read

a photo
207
VIEWS
Share on FacebookShare on Twitter

নৱবৰ্ষ সমাগত ।

নতুন বছৰটোত দেশৰ সামাজিক তথা প্ৰশাসনীয় ক্ষেত্ৰখনত প্ৰযোজ্য হ’বলগীয়া বহু কেইটা কথাই আপোনাৰ দৈনন্দিনি জীৱনত প্ৰভাৱ পেলাব।

তেনে বহু বিষয়ৰ মাজৰে ৫ টা বিষয়ৰ কথা উল্লেখ কৰিব বিচৰা হৈছে যি কেইটা বিষয় নতুন বছৰৰ ১ জানুৱাৰীৰ পৰাই আপোনাৰ জীৱনত প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰিব।আহক চাওঁ কি সেই বিষয় কেইটা—

  • নৱবৰ্ষৰ প্ৰথম দিনটো অৰ্থাৎ ১ জানুৱাৰীৰ পৰাই বৃদ্ধি পাব প্ৰতিখন গাড়ীৰ দাম। সেয়ে গাড়ী কিনিবলৈ যদি মন কৰিছে তেন্তে নতুন বছৰৰ ১ জানুৱাৰীৰ পূৰ্বে ক্ৰয় কৰিলে বহু খিনি ধন ৰাহি কৰিব পাৰিব। দেশৰ প্ৰতিটো মটৰগাড়ী নিৰ্মাণকাৰী প্ৰতিষ্ঠানেই অহা ১ জানুৱাৰীৰ পৰা গাড়ীৰ দাম বৃদ্ধি কৰিব বুলি ঘোষণা কৰিছে।সেয়ে নতুন বছৰৰ এই কথাটোৱে নিশ্চিত ভাবে আপোনাৰ জীৱনত প্ৰভাৱ পেলাব।
  • ১ জানুৱাৰীৰ পৰা আমাজন, গুগল পে’ আদিৰ মাধ্যমত ধনৰ লেনদেন কৰোতে আপুনি পূৰ্বতকৈ অধিক হাৰত ধন ভৰিব লাগিব।এনপিচিআই-এ নতুন বছৰৰ পহিলা দিনটোৰ পৰা প্ৰতিটো ইউপিআই লেনদেনৰ চাৰ্জ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে।
  • ১ জানুৱাৰীৰ পৰা প্ৰতিখন বাহনতে ফাষ্টেগ লগোৱাটো বাধ্যতামূলক কৰা হৈছে।বাহনত টোল ফাষ্টেগ নলগালে সন্মুখীন হ’ব লাগিব জৰিমনাৰ। ইতিমধ্যে দেশত ২.২০ কোটি ফাষ্টেগ জাৰি কৰা হৈছে।
  • জিএছটিৰ ক্ষেত্ৰত কেতবোৰ নতুন নিয়ম প্ৰযোজ্য হ’ব নতুন বছৰৰ ১ জানুৱাৰীৰ পৰা। বছৰি ৫ কোটি টকা পৰ্যন্ত ব্যৱসায় কৰা ব্যৱসায়ীসকলে ১ জানুৱাৰীৰ পৰা বছৰত কেৱল চাৰিটা ছেলছ ৰিটাৰ্ণ দাখিল কৰিলেই হ’ব।
  • নতুন বছৰৰ ১ জানুৱাৰীৰ পৰা কিছুমান মোবাইল ফোনত হোৱাটছএপ চাপোৰ্ট নকৰিব।এণ্ড্ৰইড আৰু আইফোন উভয় ফোনৰ ক্ষেত্ৰতে এনে হ’ব পাৰে। হোৱাটছএপে ইয়াৰ পুৰণি সংস্কৰণৰ ব্যৱহাৰ বন্ধ কৰাৰ বাবেই কিছুমান ফোনৰ ক্ষেত্ৰত এনে হ’ব পাৰে।

 

Recent News

ঐতিহাসিক লাল কিল্লাত প্ৰৱেশ প্ৰতিবাদী কৃষকৰ; উৰুৱালে নিজৰ পতাকা

ঐতিহাসিক লাল কিল্লাত প্ৰৱেশ প্ৰতিবাদী কৃষকৰ; উৰুৱালে নিজৰ পতাকা

কোকিলা গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

কোকিলা গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

Bokakhat republic day

ৰাষ্ট্ৰৰ লগতে বোকাখাততো ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন; বিভিন্ন জনক সম্বৰ্ধনা

বেৰিকেড ভাঙি দিল্লীত প্ৰৱেশ কৃষকৰ, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ কন্দুৱা গেছ, লাঠীচালনা

বেৰিকেড ভাঙি দিল্লীত প্ৰৱেশ কৃষকৰ, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ কন্দুৱা গেছ, লাঠীচালনা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd