• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভাৰতত ক’ত চাব পাৰিব ফুটবল বিশ্বকাপ? অন্ত পৰিল ফুটবলপ্ৰেমীৰ উৎকণ্ঠা!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 1, 2026 8:08 pm
255
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ফুটবল বিশ্বকাপ আৰম্ভ হ’বলৈ মাজত মাত্ৰ ১০ দিন বাকী থকা অৱস্থাত অৱশেষত ভাৰতীয় ফুটবলপ্ৰেমীসকলৰ দীৰ্ঘদিনীয়া উৎকণ্ঠাৰ অন্ত পৰিছে। ভাৰতত বিশ্বকাপৰ মেচসমূহ ক’ত সম্প্ৰচাৰ হ’ব, তাক লৈ চলি থকা সকলো অনিশ্চয়তাৰ অৱসান ঘটাই জি এণ্টাৰটেইনমেণ্ট এণ্টাৰপ্ৰাইজ লিমিটেডে সোমবাৰে এক ডাঙৰ ঘোষণা কৰে। বিশ্ব ফুটবলৰ সৰ্বোচ্চ নিয়ামক সংস্থা ফিফাৰ (FIFA) সৈতে হোৱা এক বৃহৎ চুক্তি মৰ্মে জি এণ্টাৰটেইনমেণ্টে অনাগত আঠ বছৰৰ বাবে ভাৰতত ফুটবল বিশ্বকাপ সম্প্ৰচাৰৰ সম্পূৰ্ণ স্বত্ব লাভ কৰিছে।

এই দীৰ্ঘম্যাদী চুক্তিৰ অধীনত কেৱল চলিত বৰ্ষৰ পুৰুষৰ ফুটবল বিশ্বকাপেই নহয়, বৰঞ্চ ২০২৭ আৰু ২০৩১ চনৰ মহিলা ফুটবল বিশ্বকাপ, লগতে ২০৩০ আৰু ২০৩৪ চনৰ পুৰুষৰ ফুটবল বিশ্বকাপসহ মুঠ ৩৯ টা গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ সম্প্ৰচাৰ কৰা হ’ব। জি এণ্টাৰটেইনমেণ্টে জানিবলৈ দিয়া মতে, শেহতীয়াকৈ তেওঁলোকে মুকলি কৰা চাৰিটা নতুন ক্ৰীড়া চেনেল ক্ৰমে— ইউনাইট৮ স্প’ৰ্টছ ১, ইউনাইট৮ স্প’ৰ্টছ ১ এইচডি, ইউনাইট৮ স্প’ৰ্টছ ২ আৰু ইউনাইট৮ স্প’ৰ্টছ ২ এইচডিত এই মেচসমূহ পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হ’ব। ইয়াৰ উপৰিও টেলিভিছনৰ উপভোক্তাৰ উপৰি ডিজিটেল দৰ্শকসকলে জি-ফাইভ (ZEE5) ওটিটি এপৰ জৰিয়তেও খেলসমূহ উপভোগ কৰিব পাৰিব।

Apply Now

যদিও এই চুক্তিৰ প্ৰকৃত বিত্তীয় সবিশেষ আনুষ্ঠানিকভাৱে ৰাজহুৱা কৰা হোৱা নাই, তথাপিও এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি, ভাৰতীয় মূল্যত প্ৰায় ৩৩২ কোটি টকাৰ বিনিময়ত ফিফাৰ সৈতে এই আঠ বছৰীয়া চুক্তি চূড়ান্ত কৰা হৈছে। উল্লেখযোগ্য যে ভাৰতৰ আন কোনো ক্ৰীড়া সম্প্ৰচাৰকাৰী সংস্থাই এই বৃহৎ পৰিমাণৰ ধন বিনিয়োগ কৰিবলৈ সন্মত হোৱা নাছিল। বিগত কেইবাদিনো ধৰি ফিফাৰ শীৰ্ষ নেতৃত্বৰ সৈতে জি এণ্টাৰটেইনমেণ্টৰ আলোচনা অব্যাহত আছিল আৰু সোমবাৰে এই প্ৰক্ৰিয়াৰ সফল সামৰণি পৰে।

চুক্তি প্ৰক্ৰিয়া চূড়ান্ত হোৱাৰ পিছত সন্তোষ প্ৰকাশ কৰি ফিফাৰ চিফ বিজনেছ অফিচাৰ ৰোমি গাই কয় যে ভাৰতত ফুটবলৰ এক বৃহৎ দৰ্শক সমাজ আছে, যাৰ বাবে ভাৰতীয় বজাৰখন ফিফাৰ বাবে সদায় অত্যন্ত গুৰুত্বপূৰ্ণ। জি এণ্টাৰটেইনমেণ্টে ফুটবল বিশ্বকাপৰ সম্প্ৰচাৰৰ বাবে আগবাঢ়ি অহাত তেওঁ আনন্দ প্ৰকাশ কৰে। বিভিন্ন টিভি চেনেল আৰু ওটিটি মাধ্যমৰ জৰিয়তে ভাৰতৰ চুকে-কোণে থকা ফুটবলপ্ৰেমী দৰ্শকে অতি উচ্চ মানদণ্ডৰে এই মেচসমূহ উপভোগ কৰিব পাৰিব বুলি তেওঁ গভীৰ আস্থা প্ৰকাশ কৰে। বৰ্তমান সম্প্ৰচাৰ সম্পৰ্কীয় কাৰিকৰী প্ৰস্তুতিসমূহ ক্ষীপ্ৰতাৰে আগবঢ়াই নিয়া হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

July 16, 2026 8:44 pm
কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

July 16, 2026 7:59 pm
খিলঞ্জীয়াৰ মাটি ৰক্ষাৰ সংকল্প: কাৰাৰুদ্ধ নেতাসকলৰ মুক্তিৰ দাবীত গুৱাহাটীত গুৰুত্বপূৰ্ণ নাগৰিক সভা

খিলঞ্জীয়াৰ মাটি ৰক্ষাৰ সংকল্প: কাৰাৰুদ্ধ নেতাসকলৰ মুক্তিৰ দাবীত গুৱাহাটীত গুৰুত্বপূৰ্ণ নাগৰিক সভা

July 16, 2026 7:43 pm
সোণম ৱাংচুকৰ অনশনৰ ১৯ দিন: ৯ কেজিতকৈও অধিক ওজন হ্ৰাস, স্বাস্থ্যৰ অৱনতিক লৈ উদ্বেগ

সোণম ৱাংচুকৰ অনশনৰ ১৯ দিন: ৯ কেজিতকৈও অধিক ওজন হ্ৰাস, স্বাস্থ্যৰ অৱনতিক লৈ উদ্বেগ

July 16, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

July 16, 2026 8:44 pm
কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

July 16, 2026 7:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd