সমগ্ৰ বিশ্বৰ লগতে ভাৰতত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণে গুৰুতৰ ৰূপ ধাৰণ কৰাৰ সময়তে ফিজি চৰকাৰে শুকুৰবাৰে ফিজিক ক’ৰ’না মুক্ত বুলি ঘোষণা কৰে।
ফিজিৰ প্ৰধান মন্ত্ৰী ফ্ৰ্যাক বাইনিমাৰামাই শুকুৰবাৰে ফিজিক আনুষ্ঠানিকভাৱে ক’ৰ’না মুক্ত বুলি ঘোষণা কৰে।
ফিজিক ক’ৰ’না মুক্ত বুলি ঘোষণা কৰি প্ৰধান মন্ত্ৰী গৰাকীয়ে এয়া প্ৰাৰ্থনা, কষ্ট আৰু বিজ্ঞানৰ অগ্ৰগতিৰ বাবে সম্ভৱ হৈছে বুলি উল্লেখ কৰে।
ফিজিৰ অন্তিম গৰাকী ক’ৰ’না আক্ৰান্তক চিকিৎসালয়ৰ পৰা মুক্তি দিয়াৰ পাছতে দেশখনক ক’ৰ’না মুক্ত বুলি ঘোষণা কৰা হয়।
‘‘বিগত ৪৫ দিন ধৰি আমাৰ দেশত নতুনকৈ ক’ৰ’না আক্ৰান্ত হোৱা কোনোধৰণৰ কেচ অহা নাই,’’ ফিজিৰ প্ৰধান মন্ত্ৰী গৰাকীয়ে লগতে কয়।
ফিজিৰ পূৰ্বে কম্বোদিয়া আৰু য়ুৰোপিয়ান দেশ শ্লোভানিয়াই নিজ নিজ দেশত ক’ৰ’নাৰ সমাপ্তি ঘটা বুলি ঘোষণা কৰিছিল।
শ্লোভানিয়া আৰু কম্বোদিয়াৰ পাছত ফিজি বিশ্বৰ তৃতীয়খন ক’ৰ’না মুক্ত বুলি ঘোষণা কৰা দেশত পৰিগণিত হ’ল।