• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিৱসাগৰ নিৰ্বাচনী জিলাৰ তিনিটা বিধানসভা সমষ্টিৰ ফটো-সম্বলিত চুড়ান্ত ভোটাৰ তালিকা প্ৰকাশ

পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ by পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ
January 5, 2022 6:22 pm
22
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিৱসাগৰ নিৰ্বাচনী জিলাৰ তিনিটা বিধানসভা সমষ্টি ক্ৰমে ১০৩ নং আমগুৰি, ১০৭ নং থাওৰা আৰু ১০৮ নং শিৱসাগৰৰ চূড়ান্ত ফটো-সম্বলিত ভোটাৰ তালিকা আজি আনুষ্ঠানিক ভাৱে প্ৰকাশ কৰা হয়।

চূড়ান্ত ফটো-সম্বলিত ভোটাৰ তালিকাখন আনুষ্ঠানিকভাৱে প্ৰকাশ কৰি আজি শিৱসাগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত (নিৰ্বাচন) বিতোপন নেওগে তেওঁৰ কাৰ্যালয় কক্ষত এখন সংবাদমেল সম্বোধন কৰে।

Apply Now

সংবাদমেলত অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে কয় যে, ১ জানুৱাৰী, ২০২২ -ক ভিত্তি বৰ্ষ হিচাপে লৈ প্ৰকাশিত চূড়ান্ত ফটো-সম্বলিত ভোটাৰ তালিকা মৰ্মে, ৬ নং প্ৰপত্ৰযোগে ১০,৮৯৬ গৰাকী ভোটাৰে নাম অন্তৰ্ভুক্তিৰ বাবে আবেদন কৰিছিল, ৭ নং প্ৰপত্ৰযোগে ৬,৩৩৪ গৰাকীয়ে নাম কৰ্তন, ৮ নং প্ৰপত্ৰযোগে ৩,২৪৩ গৰাকীয়ে শুধৰণি আৰু ৮(ক) নং প্ৰ-পত্ৰযোগে ৪৮৬ গৰাকীয়ে সমষ্টিৰ ভিতৰতে নাম স্থানান্তৰকৰণৰ বাবে আবেদন কৰিছিল।

তেওঁ উল্লেখ কৰে যে, ১০৩ নং আমগুৰি বিধানসভা সমষ্টিৰ ভোটাৰ তালিকাত ১৮৫৫ গৰাকী ভোটাৰ, ১০৭ নং থাওৰা বিধানসভা সমষ্টিৰ ভোটাৰ তালিকাত ১৭২৪ গৰাকী ভোটাৰ আৰু ১০৮ নং শিৱসাগৰ বিধানসভা সমষ্টিৰ ভোটাৰ তালিকাত ৬২৮ গৰাকী ভোটাৰৰ নাম নতুনকৈ অন্তৰ্ভুক্ত কৰা হৈছে।

সংবাদমেলত অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে চূড়ান্ত ফটো-সম্বলিত ভোটাৰ তালিকা মৰ্মে ১০৩ নং আমগুৰি বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা ১,২৫,৯৮৯ গৰাকী (ইয়াৰে ৬২,৭৪৬ গৰাকী পুৰুষ, ৬৩,২৪২ গৰাকী মহিলা আৰু এগৰাকী তৃতীয় লিঙ্গৰ); ১০৭ নং থাওৰা বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা ১,১৭,৬৯৪ গৰাকী (ইয়াৰে ৫৯,৩০৯ গৰাকী পুৰুষ আৰু ৫৮,৩৮৫ গৰাকী মহিলা); আৰু ১০৮ নং শিৱসাগৰ বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা ১,৫২,৫৩৪ গৰাকী (ইয়াৰে ৭৫,৭৫৬ গৰাকী পুৰুষ আৰু ৭৬,৭৭৮ গৰাকী মহিলা) বুলি সদৰি কৰে। সংবাদমেলত অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে চূড়ান্ত ফটো-সম্বলিত ভোটাৰ তালিকা জিলাখনৰ সকলো ৰাজনৈতিক দলক প্ৰদান কৰা হ’ব বুলি উল্লেখ কৰে।

তেওঁ লগতে কয় যে, চূড়ান্ত ফটো-সম্বলিত ভোটাৰ তালিকাখন অনলাইন যোগেদি ceoassam.nic.in ৱেবচাইটটো উপলব্ধ হোৱাৰ উপৰিও উপায়ুক্ত কাৰ্য্যালয়ৰ নিৰ্বাচন শাখাত, ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ত, সহকাৰী নিৰ্বাচক পঞ্জীয়ন বিষয়াৰ কাৰ্য্যালয়ত আৰু বুথ পৰ্যায়ৰ বিষয়াসকলৰ ওচৰত উপলব্ধ হ’ব। তদুপৰি, ভোটাৰ সকলে nvsp.in পৰ্টেল আৰু ভোটাৰ হেল্পলাইন মোবাইল এপৰ যোগেদিও চূড়ান্ত ফটো-সম্বলিত ভোটাৰ তালিকাত নিজৰ নাম আৰু বিৱৰণ প্ৰত্যক্ষ কৰিব পাৰিব বুলিও তেওঁ অৱগত কৰে।

উল্লেখযোগ্য যে, শিৱসাগৰ নিৰ্বাচনী জিলাত ৫১২ টা ভোটগ্ৰহণ কেন্দ্ৰৰ বিপৰীতে তিনিগৰাকী নিৰ্বাচক পঞ্জীয়ন বিষয়া, ৩০ গৰাকী সহকাৰী নিৰ্বাচক পঞ্জীয়ন বিষয়া, ৩১ গৰাকী বুথ পৰ্যায়ৰ বিষয়া পৰ্যবেক্ষক নিয়োজিত কৰা হৈছে।

পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ

পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd